Logo
image

২৬ জানুৱাৰীত কমতাপুৰ ৰাজ্য? নামনিত জোকাৰণি

আমাৰ অসম, ৪ জানুৱাৰী:   প্ৰস্তাবিত কমতাপুৰত অসম, পশ্চিম বংগ আৰু বিহাৰৰ কি কি জিলা অন্তৰ্ভুক্ত হোৱাটো বিচাৰিছে কে এল অই? কেন্দ্ৰীয় চৰকাৰে কে এল অৰ প্ৰস্তাবিত মানচিত্ৰক সন্মতি জনাইছেনে? আগন্তুক ২৬ জানুৱাৰীৰ পূৰ্বে কে এল অ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত বহু চৰ্চিত শান্তি চুক্তি স্বাক্ষৰিত হ’ব নে? শেহতীয়াভাৱে কে এল অ নেতৃত্বই কমতাপুৰ গঠনক কেন্দ্ৰ কৰি ৰাজহুৱা কৰা স্থিতিয়ে শংকিত কৰি তুলিছে অবিভক্ত গোৱালপাৰা জিলাৰ অধিকাংশ লোকক৷ কাৰণ কে এল অৰ প্ৰস্তাবিত কমতাপুৰত অন্তৰ্ভুক্ত হৈ আছে পশ্চিম অসমৰ ৬ খনকৈ জিলা ক্ৰমে  কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, দক্ষিণ শালমাৰা আৰু ধুবুৰী জিলা৷ অসমৰ এই ৬খন জিলাৰ উপৰিও বিহাৰ আৰু পশ্চিম বংগৰো বৃহত্তৰ অঞ্চল দাবী কৰিছে কে এল অই৷ অৱশ্যে কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত গ্ৰহণ কৰিছে এক ৰাজনৈতিক কৌশল৷ বিশেষকৈ পশ্চিম বংগৰ মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল চৰকাৰখনৰ শক্তি হ্ৰাস কৰাৰ স্বাৰ্থত মোদী চৰকাৰে বংগ ভংগৰ দৰে কৌশলী পদক্ষেপ গ্ৰহণ কৰিব বিচাৰিছে কমতাপুৰ গঠনৰ আৰ লৈ৷ ইয়াৰ বাবে উত্তৰ বংগৰ ৮ খনকৈ জিলা ক্ৰমে কোচ বিহাৰ, জলপাইগুৰি, আলিপুৰদুৱাৰ, দাৰ্জিলিং, কালিংপং, উত্তৰ আৰু দক্ষিণ দিনাজপুৰ তথা মালদাক কমতাপুৰত অন্তৰ্ভুক্ত কৰিবলৈ বিচাৰিছে মোদী-অমিত শ্বাহে৷ এই কাৰ্যৰ দ্বাৰা উত্তৰ বংগক সম্পূৰ্ণৰূপে পশ্চিমবংগৰ পৰা পৃথক কৰিব বিচৰা হৈছে৷ ঠিক তেনেদৰে বিহাৰৰ নীতিশ কুমাৰ চৰকাৰৰ ওপৰত ৰাজনৈতিক হেচা সৃষ্টিৰ বাবে চাৰিখনকৈ জিলা ক্ৰমে পুৰ্ণিয়া, কিষানগঞ্জ, কাটিহাৰ আৰু আৰাৰিয়াক কমতাপুৰত অন্তৰ্ভুক্ত কৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে৷ অসমৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ কৌশলী পদক্ষেপ৷ কে এল অই অসমৰ ছয়খনকৈ জিলাক কমতাপুৰত অন্তৰ্ভুক্ত হোৱাটো বিচাৰিছে যদিও কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত বি টি আৰৰ কোকৰাঝাৰ আৰু চিৰাং জিলা তথা ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত গোৱালপাৰা জিলাক প্ৰস্তাবিত কমতাপুৰৰ পৰা বাহিৰত ৰাখিব বিচাৰিছে৷ ইয়াৰ পৰিৱৰ্তে সংখ্যালঘু অধ্যুষিত ধুবুৰী জিলা সম্পূৰ্ণৰূপে আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ এক বৃহৎ অংশ প্ৰস্তাবিত কমতাপুৰত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত সন্মতি দিছে৷ অৱশ্যে ভৌগলিক কাৰণতে বঙাইগাঁও জিলাক লৈ এই পৰ্যন্ত কোনো ধৰণৰ চূড়ান্ত সিদ্ধান্ত লোৱা নাই কেন্দ্ৰীয় চৰকাৰে৷ মোদী চৰকাৰে কমতাপুৰক সম্পূৰ্ণৰূপে কেন্দ্ৰীয় শাসিত ৰাজ্যৰ স্বীকৃতি দিব বিচাৰিছে৷ যদি কেন্দ্ৰীয় চৰকাৰে এই পৰিকল্পনা মতে কাৰ্যক্ষেত্ৰত আগবাঢ়ে তেন্তে শীঘ্ৰে অসমে হেৰুৱাব লাগিব দুখনকৈ জিলা৷ আনহাতে এই জিলা দুখনৰ বাসিন্দা সকলে হেৰুৱাব লাগিব অসমীয়াৰ পৰিচয়৷ যাৰ ফলত চৰম অনিশ্চয়তাৰ সন্মুখীন হৈছে নামনি অসমৰ লোকসকল৷ কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত যথেষ্ট গোপনীয়তা অবলম্বন কৰিছে৷ অসম চৰকাৰেও এই পৰ্যন্ত এই বিষয়ত কোনো ধৰণৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷ এনে ৰহস্যজনক নিৰবতাৰ ফলত সমগ্ৰ বিষয়টোক লৈ অধিক শংকিত আৰু আতংকিত হৈ পৰিছে পশ্চিম অসমৰ অধিকাংশ লোক৷ কোনো লোকে নিজৰ পৰিচয় আৰু ৰাজ্য হেৰুৱাই নতুনকৈ অন্য এখন ৰাজ্যৰ অন্তৰ্ভুক্ত হ’ব বিচৰা নাই এক নতুন পৰিচয়ৰে৷ সকলোৰে অপেক্ষা এতিয়া মাথো ২৬ জানুৱাৰীলৈ৷ কাৰণ ২৬ জানুৱাৰীৰ পূৰ্বে কমতাপুৰ ৰাজ্য গঠন হ’ব বুলি ইতিমধ্যে বাৰম্বাৰ ইংগিত দি থকা হৈছে কে এ  অৰ ফালৰ পৰা৷

সূৰ্য কোঁচৰ নামেই শুনা নাই কমতাপুৰ পৰিষদৰ মুখ্য কাৰ্যবাহীয়ে

 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত ভাৰত চৰকাৰৰ সৈতে কে এল অ’ৰ শান্তি আলোচনা ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হোৱাৰ লগতে সকলো ঠিকে-ঠাকে থাকিলে খুব সোনকালে নতুন বছৰৰ আৰম্ভণিতে কমতাপুৰৰ বুকুত নতুন সূৰ্য উদয় হোৱা দেখিবলৈ পাব বুলি সংগঠনটোৰ উপ-মুখ্য সেনাধ্যক্ষ সূৰ্য কোচে এক বিবৃতি জাৰি কৰা বিষয় সন্দৰ্ভত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মন অৱগত নহয় বুলি প্ৰকাশ কৰিছে৷ মঙলবাৰে বঙাইগাঁও আৱৰ্ত ভৱনত কে এ চিৰ তৰফৰ পৰা আয়োজিত এখন সংবাদ মেলত সাংবাদিকে এই বিষয়টো সন্দৰ্ভত সোধাত কে এ চিৰ মুখ্য কাৰ্যবাহী পাৰিষদজনে কয় যে, আমি বৰ্তমান সময়লৈকে এই বিষয়ে কোনোধৰণৰ অৱগত নহয়৷ তদুপৰি, সূৰ্য কোচৰ কোনো নামেই শুনা নাই বুলি কৈ যদি সংগঠনটো মূলসুঁতিলৈ আহে তেতিয়াহ’লে আদৰণি জনাব বুলিও কয়৷ সংবাদ মেলত তেওঁ কয় যে, আমি কমতাপুৰ ৰাজ্য দাবী কৰি আহিছোঁ৷ আজি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ লাভ কৰিছোঁ৷ আজিলৈকে মই নাম নুশুনা কেএলঅ’ৰ কোনোবা সূৰ্য কোচে এই সন্দৰ্ভত এটা বিবৃতি প্ৰদান কৰিছে৷ ইয়াৰ পূৰ্বে দেখিছোঁ যে তেওঁলোকৰ সংগঠনটোৰ মুৰব্বীজনে বিভিন্ন সময়ত বিবৃতি প্ৰদান কৰি আহিছে৷ যোৱা দুবছৰৰ পৰা দেখি আহিছোঁ যে সংগঠনটোৰ নেতৃত্ব আলোচনাৰ মাজলৈ আহিব, ৰাজ্য গঠন হ’ব৷ কিন্তু আজিলৈকে আমি সেইধৰণৰ কোনো পৰিৱেশ দেখিবলৈ পোৱা নাই৷ গতিকে প্ৰকৃতাৰ্থত এটা আলোচনা অনুষ্ঠিত হ’লে কেন্দ্ৰীয় চৰকাৰ আৰু সংগঠনৰ মাজত ভিতৰুৱাকৈ পৰ্দাৰ আঁৰতহে আলোচনা হয়৷ যিমানকেইটা সংগঠনৰ সৈতে হোৱা আলোচনা দেখিবলৈ পাইছোঁ সেই অনুসৰি সেই আলোচনাৰ বিষয়ে প্ৰায় ভাগ মানুহে নাজানেই৷ কিন্তু মই এইবাৰ প্ৰথম দেখি আছোঁ যে আলোচনা হৈছে নে নাই নাজানোঁ, কিন্তু কোনোবা কোনোবা মানুহৰ নামত প্ৰেছ বিবৃতি প্ৰকাশ পাই আহিছে৷ এই বোলে ডিচেম্বৰৰ শেষত হয়, এই বোলে জানুৱাৰীত হয় এইদৰে বহুবছৰ অতিক্ৰম কৰিলে৷ কিন্তু এতিয়ালৈকে আলোচনা হোৱা নাই৷ গতিকে এই কথাটো আমি বিভিন্ন সময়ত চৰকাৰক সুধিছিলোঁ৷ আনকি শেহতীয়াভাৱে বঙাইগাঁৱলৈ বিকাশৰ এটা পষেক কাৰ্যসূচীলৈ অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সোধাত মুখ্যমন্ত্ৰীজনেও এই সন্দৰ্ভত কোনো কথা অৱগত নহয় বুলি জনোৱা বুলি কয় কে এ চিৰ মুখ্য পাৰিষদজনে৷ সেয়ে মুখ্য পাৰিষদজনে কয় যে, কমতাপুৰ ৰাজ্যৰ দাবীটো এক ঐতিহাসিক দাবীৰ ভিত্তিত বিভিন্ন দল-সংগঠনে দাবী কৰাৰ পৰিণতিত আজি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে কেইবাবাৰো আলোচনা অনুষ্ঠিত হৈছে৷ আজি কোনোবা জি চি পি এ এটা কয়, কোনোবা কে এল অ’ই এটা কথা কয় আৰু কোনোবাই এটা বেলেগ কথা কৈ থাকিলে বিভ্ৰান্তিৰ সৃষ্টি হয়৷ এইক্ষেত্ৰত মই এটা কথা ভাবোঁ যে, যদিহে প্ৰকৃতাৰ্থত আলোচনা হয় তেতিয়াহ’লে কেন্দ্ৰীয় চৰকাৰে নিশ্চিতভাৱে এই বিষয়ত তেওঁলোকৰ স্থিতিটো স্পষ্ট কৰিব৷ কিন্তু যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে বিষয়টো সন্দৰ্ভত স্থিতি স্পষ্ট নকৰে তেতিয়ালৈকে মই ভাবোঁ এই কথাটোৰ যুক্তি-যুক্ততা নাথাকে৷ সেই কাৰণে ক’ব বিচাৰিছোঁ যে আজি কে এল অই আলোচনালৈ আহিব বিচাৰিছে আৰু আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে তেওঁলোকে অস্ত্ৰ ত্যাগ কৰি মূল সুঁতিলৈ উভতি আহিব বিচৰাত আদৰণি জনাইছোঁ৷ লগতে তেওঁলোকে আলোচনালৈ আহি যদি চৰকাৰৰ সৈতে আলাপ-আলোচনাৰে সমস্যা সমাধান কৰিব পাৰে তাৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমৰ্থন আছে৷ কিন্তু এইক্ষেত্ৰত আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা ইতিমধ্যে কৈছোঁৱে যে আমাৰ পৰিষদৰ পৰিসীমা বদ্ধি কৰাৰ ক্ষেত্ৰত আমাৰ পূৰ্বে যি চাৰিসীমা আছিল প্ৰস্তাৱিত কমতাপুৰৰ চাৰিসীমা বৃদ্ধি কৰাৰ বাবে তেতিয়াৰে পৰা বৰ্তমানলৈকে মুখ্যমন্ত্ৰীক প্ৰস্তাৱ প্ৰেৰণ কৰি আহিছোঁ৷ গতিকে যদি কমতাপুৰৰ নামকৰণেৰে কোনোবা কেন্দ্ৰীয় শাসিতেই হওক অথবা ৰাজ্য শাসিতই হওক পৰিষদ গঠন কৰিবলগীয়া হয় তাত আমাৰ কোনো আপত্তি নাথাকে৷ বৰং আমি আদৰণিহে জনাম৷ সংবাদ মেলত কে এ চিৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন, ৰাৰ্যবাহী পাৰিষদ জীৱেশ ৰায়, কৰ্মেশ্বৰ ৰায়, প্ৰদীপ ৰায় আৰু পূৰবী সৰকাৰো উপস্থিত আছিল৷