Logo
image

মহানগৰীত লাহে লাহে দামী হৈ আহিছে খোৱাপানী

আমাৰ অসম, ৪ জানুৱাৰী:   বিনামূলীয়াকৈ গুৱাহাটীবাসীক পানী যোগান নধৰে চৰকাৰে৷ নিয়মীয়াকৈ খোৱাপানীখিনি পাবলৈ গুৱাহাটীবাসীয়ে পুনৰ ভৰিব লাগিব কৰ৷ জাইকাই যোগান ধৰা পানী পাবলৈ উপভোক্তাই দিব লাগিব ১৫-২০ হাজাৰ টকা৷ পানীৰ সংযোগ লাভৰ বাবে   ‘চিকিউৰিটী মানী’ হিচাপে জমা দিব লাগিব উক্ত ধনৰাশি৷ অৰ্থাৎ মহানগৰবাসীৰ বাবে পানী লাহে লাহে দামী হৈ আহিছে৷ গাঁঠিত ধন নথকা লোকৰ বাবে খোৱাপানী হয়তো দুষ্প্ৰাপ্য হৈ পৰিব৷ বৃহত্তৰ গুৱাহাটী পানীযোগানৰ দাবীত গঠিত ঐক্যমঞ্চৰ উপদেষ্টা সত্যব্ৰত শৰ্মাই ‘আমাৰ অসম’ক কয় যে জাইকাৰ পানীযোগানৰ নামত চৰকাৰে ১২-৪৫ হাজাৰ টকা পৰ্যন্ত ‘চিকিউৰিটী মানী’ হিচাপে লৈছে৷ গুৱাহাটী পৌৰ নিগম এলেকাৰ বাসিন্দাৰ পৰা লোৱা পৌৰ কৰত সন্নিবিষ্ট হৈ থাকে পানীৰ নামতো কৰ৷ তাৰ পাছতো জাইকাৰ পানী যোগানৰ নামত অতিৰিক্তভাৱে কৰ আৰোপ কৰাটো নীতিবিৰুদ্ধ৷ তেওঁ আৰু কয় যে জাইকাৰ ঋণৰ চৰ্ত মতে সকলো গ্ৰাহকক চৌহদৰ এক মিটাৰ ভিতৰলৈ বিনামূলীয়া সংযোগৰ ব্যৱস্থা কৰিব লাগে যাতে চহৰৰ আৰ্থিকভাৱে দুৰ্বল লোকেও অসুবিধা নোহোৱাকৈ পানী পায়৷ পানীৰ অপব্যয় নহ’বলৈ বিনামূলীয়া মিটাৰৰ ব্যৱস্থা কৰা সন্দৰ্ভতো আঁচনিত উল্লেখ আছে৷ তেনেস্থলত জাইকাৰ পানী যোগানৰ বাবদ ১২-৪৫ হাজাৰ টকা অতিৰিক্ত কৰ ভৰিব লগা কথাটো আশ্চৰ্যজনক৷ চিকিউৰিটী মানীৰ ৰূপত  মহানগৰবাসীয়ে অতিৰিক্ত কৰ ভৰিব লগীয়া সন্দৰ্ভত মঙলবাৰে সাংবাদিকৰে হোৱা মত বিনিময়ত সদৰী কৰিছে নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে৷ গুৱাহাটীৰ গণেশগুৰিস্থিত নেডফি হাউছত অনুষ্ঠিত অনুষ্ঠানত মন্ত্ৰী সিংহালে কয়– মহানগৰবাসীক পানী যোগানৰ নামত চৰকাৰে ১৪০০-১৫০০ কোটিটকা ব্যয় কৰিছে৷ গ্ৰাহকে বিশুদ্ধ খোৱাপানীৰ বাবদ মাহে মাহে ভৰিব লাগিব নূ্ন্য়তম মাচুল৷ বিনামূলীয়া বুলি কোনো বস্তু নাথাকে৷ চৰকাৰে ১৪০০-১৫০০ কোটি টকা ব্যয় কৰি পানী প্ৰকল্প স্থাপন কৰিছে আৰু এই প্ৰকল্প পৰিচালনা কৰিব জল বোৰ্ডে৷ পানীযোগানৰ নামত মাচুল হিচাপত প্ৰতি হাজাৰ লিটাৰ পানীৰ বিপৰীতে ৮/১০ টকা লোৱা হ’ব বুলি সাংবাদিকৰে মত বিনিময়ত উল্লেখ কৰিছে৷ ২০২৩ চনৰ ভিতৰত তেওঁ জাইকাৰ পানী যোগান প্ৰকল্প সম্পূৰ্ণ হ’ব বুলি দাবী কৰিছে৷ উল্লেখ্য, জাইকাৰ পানীযোগান প্ৰকল্পই সামৰি ল’ব মুঠ ১২০০ কিলোমিটাৰ এলেকা৷ পানীযোগানৰ বাবে বিগত এটা বছৰ পৰিবাহী পাইপ লাইন বহুওৱা হ’ল ১০৬ কিলোমিটাৰ ঠাইত৷ অৰ্থাৎ পৰিবাহী পাইপলাইনৰ কাম এতিয়া প্ৰায় ১১০০ কিলোমিটাৰ বাকী৷ তেনেক্ষেত্ৰত এটা বছৰৰ ভিতৰত বাকী থকা ১১০০ কিলোমিটাৰ পৰিবাহী পাইপ লাইনৰ কাম সম্পূৰ্ণ কৰাটো অসম্ভৱপ্ৰায়৷ ইফালে, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন বিভাগৰ দায়িত্বত থকা মন্ত্ৰী অশোক সিংঘালে আজি বিভাগ দুটাৰ বিগত বৰ্ষৰ পৰ্যালোচনা আৰু নতুন বছৰৰ পৰিকল্পনা সন্দৰ্ভতো সাংবাদিকৰে বাৰ্তালাপ কৰে৷ গুৱাহাটীৰ নেডফি কনভেনচন চেণ্টাৰত আয়োজন কৰা অনুষ্ঠানটোত মন্ত্ৰী সিংঘালে  তেওঁ লগতে কয় যে পৰ্যায়ক্ৰমে পানী যোগান আঁচনি সমূহ মুকলি কৰা হ’ব আৰু ২০২৪ চনৰ মাৰ্চৰ ভিতৰত এই কাম সম্পূৰ্ণ হ’ব৷ অনুষ্ঠানত জলসিঞ্চন বিভাগৰ প্ৰসংগত তেওঁ কয় যে বিগত বৰ্ষত যোগান ধৰা ৯,৬০০ টিউবেলৰ যোগেদি ৩৮৬৪৮ হেক্টৰ কৃষি ভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াৰ দ্বাৰা ৩৬৭৯৩ জন কৃষক উপকৃত হৈছে৷ আনহাতে এছ অ’ পি ডিৰ যোগেদিও জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে৷ ৰাজ্যৰ ৭,৮৬,০০০ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে৷ সেইদৰে জলসিঞ্চনৰ সকলো আঁচনি জিঅ’ টেগ কৰা হৈছে৷ ই-অফিচৰ ক্ষেত্ৰত জলসিঞ্চন বিভাগে এছ ডি অ’ পৰ্যায়ত ই-অফিচ ব্যৱস্থা সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে৷  জিলা পৰ্যায়ত মাষ্টাৰ প্লেনৰ কাম হাতত লোৱা হৈছে আৰু ইতিমধ্যে ২০খনৰ কৰা হৈছে৷ কৃষকৰ পৰা ১০ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ বাবে ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হোৱাৰ বাবে জলসিঞ্চন বিভাগে কৃষকৰ বাবে জলসিঞ্চনৰ যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে৷ আনহাতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ প্ৰসংগত তেওঁ কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৬৫, ৬৪৯টা ঘৰ সম্পূৰ্ণ কৰা হৈছে৷ ইয়াৰে ৭০ শতাংশ কাম বিগত ডেৰ বছৰত হৈছে৷ অমৃত মিছনৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে ইতিমধ্যে ৯খন পাৰ্ক সম্পূৰ্ণ কৰা হৈছে৷ এই বছৰ গুৱাহাটীৰ বটানিকেল গাৰ্ডেনখন মুকলি কৰা হ’ব৷ ইতিমধ্যে গুৱাহাটীত ১০০খন চি এন জি বাছ মুকলি কৰা হৈছে আৰু শীঘ্ৰেই ২০০খন ইলেক্ট্ৰিক বাছ মুকলি কৰা হ’ব৷ আনহাতে জাগীৰোডত এহাজাৰ একৰ ভূমিত ‘উপগ্ৰহীয় চহৰ’ নিৰ্মাণৰ পৰিকল্পনা কৰি এইক্ষেত্ৰত কাম হাতত লোৱা হৈছে বুলি তেওঁ কয়৷ তেওঁ লগতে কয় যে দীপৰ বিলৰ জাৱৰ নিষ্কাষন কৰা ক্ষেত্ৰত ১৭০ কোটি টকা ব্যয় সাপেক্ষে এখন অত্যাধুনিক পাৰ্ক নিৰ্মাণ কৰা হ’ব৷ আনহাতে দীপৰ বিলৰ ডাম্পিং গ্ৰাউণ্ডত জমা হৈ থকা ১৭ লাখ মেট্ৰিক টন আৱৰ্জনাক প্ৰচেছিং কৰা হ’ব৷ গুৱাহাটী পৌৰ নিগমে বিগত তিনি মাহত ২৫ কোটি টকা বকেয়া আদায় কৰিবলৈ সক্ষম হৈছে আৰু বিত্তীয় বৰ্ষটোত ৭০ কোটি টকা সম্পত্তি কৰ লাভ কৰিছে৷ ৰাজ্যৰ প্ৰতিখন চহৰৰ বাবে মাষ্টাৰ প্লেন হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে এইক্ষেত্ৰত গঠন কৰা হ’ব উন্নয়ন সমিতি৷