Logo
image

লাভ জেহাদ! : দুলীয়াজানত নাবালিকাক অপহৰণ, মুখ্যমন্ত্ৰীৰ তদন্তৰ নিৰ্দেশ

ডিজিটেল ডেস্ক, দুলীয়াজান : যোৱা ৩১ ডিচেম্বৰত তৈলনগৰী দুলীয়াজানৰ মাজমজিয়াৰ পৰা  ১৭ বছৰীয়া এগৰাকী নাবালিকাক অপহৰণ হোৱা ঘটনা আজি পোহৰলৈ অহাত সম্প্ৰতি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাৰ প্ৰাপ্ত তথ্য অনুসৰি ৩১ ডিচেম্বৰৰ দিনা মাৰোৱাৰী সম্প্ৰদায়ৰ নাবালিকাগৰাকী টিউচনলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ থকাত পিতৃয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। 

এই ঘটনাৰ পিছদিনা পুনৰ অভিভাৱকে জাহিদুল আলী(২৮) নামৰ এগৰাকী বিবাহিত যুৱকে এই অপহৰণ কাণ্ড সংঘটিত কৰা বুলি আৰক্ষীৰ ওচৰত অভিযোগ উত্থাপন কৰে। এই এজাহাৰৰ ভিত্তিত দুলীয়াজান আৰক্ষীয়ে ০২/২৩ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৬ ধাৰাৰ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। 

উল্লেখ্য যে বৰপেটাৰ কলগছিয়া থানাৰ বালাপাৰা গাঁৱৰ জাহিদুল আলী পেচাত এগৰাকী ঠেলা চালক। নিৰুদ্দিষ্ট নাৱালিকাগৰাকীৰ পিতৃৰ হাৰ্ডৱেৰ দোকানৰ সামগ্ৰী কঢ়িওৱা সুত্ৰে জাহিদুলৰ নাবালিকাগৰাকীৰ সৈতে পৰিচয় হোৱা বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে। এই সমগ্ৰ ঘটনা লাভ জেহাদৰ পৰিণতি বুলি চৰ্চা হোৱাৰ পৰিপেক্ষিতত এজন ব্যক্তিয়ে টুইট যোগে ঘটনাৰ উচিত তদন্ত বিচাৰি মুখ্যমন্ত্ৰীক আবেদন জনায়। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডিব্ৰুগড় আৰক্ষীক সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে। ইতিমধ্যে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে ঘটনাটো নিজে নজৰত ৰাখি তদন্ত বাবে ডিব্ৰুগড় আৰক্ষীক নিৰ্দেশ দিছে। জানিব পৰামতে ডিব্ৰুগড় আৰক্ষীৰ এটা দল অভিযুক্ত আৰু অপহৃত নাবালিকা গৰাকীৰ সন্ধানত গুৱাহাটীত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে ।