Logo
image

৫ লাখ টকাত স্বামীয়ে বহি:ৰাজ্যত বিক্ৰী কৰিছিল গৰ্ভৱতী পত্নীক : দুবছৰৰ পিছত পলাই আহি হাজো পালেহি অসহায় মহিলাগৰাকী

ডিজিটেল সংবাদ, হাজো : দুবছৰ পূৰ্বে বহি:ৰাজ্যত বিক্ৰী কৰা হাজোৰ হাবলাখাৰ এগৰাকী মহিলা উত্তৰ প্ৰদেশৰ পৰা পলাই আহি মঙলবাৰে নিশা হাজো আৰক্ষী থানাত হাজিৰ হোৱা এক ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিশা উপস্থিত হোৱা অসহায় মহিলাগৰাকী হাজো আৰক্ষী থানাৰ অন্তৰ্গত হাবলাখাৰ দুই সন্তানৰ মাতৃ তথা জনৈক নুৰ ইছলামৰ পত্নী বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত প্ৰাপ্ত অভিযোগ অনুসৰি, হাজো আৰক্ষী থানাৰ অন্তৰ্গত হাবলাখাৰ জনৈক নুৰ ইছলাম নামৰ লোকজনে দুই পুত্ৰ সন্তানক নিজ গৃহতে এৰি কাম কৰাৰ প্ৰলোভনেৰে পত্নীক গুৱাহাটীলৈ লৈ গৈছিল। আৰ্থিক দুৰৱস্থাৰ বাবে স্বামীৰ কথা মতে পত্নীও গুৱাহাটীত কাম কৰিবলৈ যোৱাত আপত্তি দৰ্শোৱা নাছিল। সেই মৰ্মে তেওঁলোক গুৱাহাটীত প্ৰায় চাৰিমাহ ধৰি বিভিন্ন কামত আত্মনিয়োগ হৈ থাকে। সিমানলৈ সকলো ঠিকেই আছিল যদিও স্বামী জনৈক ইছলামে অধিক ধন ঘটাৰ উদ্দেশ্যে অন্য স্থানত স্থানান্তৰ হোৱাৰ কথা অৱগত কৰে আৰু সেই মৰ্মে হঠাৎ এদিন পত্নীক নিচাযুক্ত দ্ৰব্য খুৱাই অচেতন অৱস্থাত উত্তৰ প্ৰদেশলৈ নি দুই কন্যা সন্তানৰ দম্পত্তি এহালৰ ওচৰত পত্নীক ছমহীয়া অন্ত:সত্বা অৱস্থাত ৫ লাখ টকাত বিক্ৰী কৰে। 

মহিলাগৰাকীয়ে প্ৰায় চাৰিদিন পিছত জ্ঞান ঘূৰাই পোৱাত এটি হিন্দীভাষী পৰিয়ালৰ মাজত বিল্ডিঙৰ ওপৰত নিজৰ স্থিতি উপলব্ধি কৰে আৰু তেওঁলোকৰ পৰা তেওঁক ৫ লাখ টকাত বিক্ৰী কৰাৰ কথা জানিবলৈ পায়। বিগত দুবছৰকাল অসহায় মহিলাগৰাকীয়ে উত্তৰ প্ৰদেশৰ হিন্দীভাষী পৰিয়ালটোৰ ঘৰুৱা কাম-বন কৰি থাকে যদিও সমান্তৰালভাৱে সেই স্থানৰ পৰা পলাই অহাৰ চেষ্টাও অব্যাহত ৰাখিছিল।

ইফালে অসহায় মহিলাগৰাকীৰ অভিযোগ অনুসৰি, তেওঁৰ স্বামী জনৈক ইছলামে নিজ গৃহলৈ উভতি আহি তেওঁ অন্য ব্যক্তিলৈ পলাই যোৱা বুলি অভিযোগ তুলি হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। উল্লেখ্য যে হাজো চৰাবড়ীৰ জনৈক ৰেহেলা নামৰ মহিলাগৰাকীয়ে আজিৰে পৰা প্ৰায় পোন্ধৰ বছৰ পূৰ্বে সম্পূৰ্ণ সামাজিকভাৱে হাজো হাবলাখাৰ জনৈক ইছলামৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। সেই সূত্ৰে দুই সন্তানৰ মাতৃত্ব অৰ্জন কৰিছিল যদিও উত্তৰ প্ৰদেশলৈ নি বিক্ৰী কৰা মূহুৰ্তত তেওঁ ছমহীয়া অন্ত:সত্বা আছিল। জনৈক ৰেহেলাই অনেক দুখ-কষ্টৰ মাজেৰে প্ৰায় দুবছৰ কাল কটাই কোনোপধ্যে তাৰ পৰা পলাই আহি নিশা হাজো আৰক্ষী থানাত উপস্থিত হয় আৰু স্বামীৰ বিৰুদ্ধে ন্যায় বিচাৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। অসহায় মহিলাগৰাকীয়ে নিশাই হাজো আৰক্ষী থানাত তেওঁৰ স্বামীসহ তিনিজনকৈ ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ইফালে স্বামী- স্ত্ৰীৰ মাজৰ এনে ৰহস্যময়ী ঘটনাৰ উচিত তদন্তৰ কামনাৰে প্ৰকৃত সত্য উদঘাটনৰ দাবী জনাইছে স্থানীয় ৰাইজে।