Logo
image

বংগত নিৰ্বাচন জিকিবলৈহে বিজেপিৰ কমতাপুৰ-ললিপপ!

ডিজিটেল ডেস্ক ,৫ জানুৱাৰীঃ চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ সমাগত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কমতাপুৰ স্বায়ত্তশাসিত ৰাজ্যৰ নামত ললিপপৰ ৰাজনীতি আৰম্ভ কৰিছে৷ পশ্চিম বংগৰ মাধ্যমিক আৰু উচ্ছ মাধ্যমিক পৰীক্ষা সমাপ্ত হোৱাৰ পাছতে ৰাজ্যখনত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন৷ চলিত বৰ্ষৰ এপ্ৰিল মাহৰ ভিতৰত এই পৰীক্ষা সমাপ্ত হ’ব৷ ইয়াৰ পাছতে ৰাজ্যখনত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন৷ এই পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি দলে এক কুটিল ৰাজনীতিৰ আশ্ৰয় লৈছে৷ উত্তৰ বংগৰ কোচবিহাৰ, আলিপুৰদুৱাৰ, জলপাইগুড়ি জিলাত যথেষ্ট প্ৰভাৱ আছে কোচ-ৰাজবংশী ভোটাৰৰ৷ গতিকে পৃথক   কমতাপুৰ স্বায়ত্তশাসিত ৰাজ্য গঠনৰ ললিপপ দেখুৱাই বিজেপি দলে কোচ-ৰাজবংশী ভোট একচেটিয়াভাৱে লাভৰ কৌশল ৰচনা কৰিছে৷ পঞ্চায়ত পৰ্যায়ত যদি দলক শক্তিশালী কৰা যায় তেন্তে আগন্তুক লোকসভা নিৰ্বাচনতো বিজেপি দলে শাষকীয় তৃণমূল কংগ্ৰেছ দলক প্ৰত্যাহ্ৱান জনাব পাৰিব বুলি আশা কৰিছে৷ ইপিনে উত্তৰ বংগৰ এক বৃহৎসংখ্যক বাঙালী হিন্দু সম্প্ৰদায় হৈছে পূব পাকিস্তান অৰ্থাৎ বৰ্তমান বাংলাদেশৰ পৰা বিতাড়িত হৈ অহা৷ ধৰ্মীয় উৎপীড়নৰ বলী হৈ নিজৰ ঘৰ-ভেটি এৰি অহা এই উদ্বাস্তু বাঙালীসকলৰ মনত এতিয়াও জ্বলি আছে মুছলিমবিদ্বেষী ক্ষোভৰ জুই৷  ইয়াৰ পূৰ্ণ সুযোগ লৈছে বিজেপি দলে৷  পশ্চিম বংগত বিজেপি দলে ক্ষমতাত আহিলে এনআৰচি প্ৰস্তুত কৰি অবৈধ মুছলিম নাগৰিকসকলক বাংলাদেশলৈ প্ৰেৰণ কৰিব বুলিও ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে দলটোৱে৷ বাংলাদেশৰ পৰা ধৰ্মীয় উৎপীড়নৰ বলী হৈ অহা উদ্বাস্তু হিন্দু বাঙালীসকলক সুৰক্ষা প্ৰদান কৰি পশ্চিম বংগত মুছলিমসকলৰ বিৰুদ্ধে প্ৰতিশোধ লোৱা হ’ব বুলি প্ৰচাৰ কৰি হিন্দু আৰু মুছলিমৰ মাজত এক ধৰ্মীয় মেৰুকৰণ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে গেৰুৱা দলটোৱে৷ গতিকে পূৰ্ববংগীয় ভোটাৰৰ লগতে কোচ-ৰাজবংশী ভোট যদি একচেটিয়াভাৱে বিজেপি দলে লাভ কৰে তেনেহ’লে উত্তৰ বংগত লোকসভা তথা বিধানসভা নিৰ্বাচনত বিজেপি দলে তৃণমূল কংগ্ৰেছ দলক তীব্ৰ প্ৰত্যাহ্ৱান জনাব পাৰিব বুলি আশা কৰিছে৷ সেই সমীকৰণতে কমতাপুৰ স্বায়ত্তশাসিত ৰাজ্য গঠন আৰু কেএলঅ’ৰ সৈতে শান্তি আলোচনাৰ বিষয়লৈ কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈ পৰিছে৷ কিন্তু পশ্চিম বংগৰ ৮খন জিলা ৰাজ্যখনৰ পৰা বাদ দি কমতাপুৰ স্বায়ত্তশাসিত ৰাজ্যত চামিল কৰা কাৰ্য বাস্তৱায়িত কৰাটো ইমান সহজ নহ’ব৷ আন্দোলনৰ প্ৰৱণতা থকা ৰাজ্যখনৰ পৰা এই ৮খন জিলা বাদ দি পৃথক কমতাপুৰ ৰাজ্য গঠন কৰিলে ৰাজ্যখনত সৃষ্টি হ’ব ৰণক্ষেত্ৰৰ৷  যদি এই ৮খন জিলা ৰাজ্যখনৰ ভিতৰত থাকি কোচ-ৰাজবংশীসকলৰ বাবে স্বায়ত্তশাসিতজাতীয় কিবা ক্ষমতা প্ৰদান কৰে সেয়া অবশ্যে অইনভাৱে বিবেচিত হ’ব পাৰে৷ কিন্তু পশ্চিম বংগৰ পৰা ৮ জিলাক বাদ দি পৃথক কমতাপুৰ স্বায়ত্তশাসিত ৰাজ্য গঠন কৰা বিষয়টো বাস্তৱত বিজেপিৰ ললিপপ বুলি বিবেচিত হৈছে৷ আনহাতে, কমতাপুৰ স্বায়ত্তশাসিত ৰাজ্য গঠনৰ বিষয়লৈ অসমত এক উত্তাল পৰিৱেশ সৃষ্টি হোৱাৰ বিপৰীতে এই বিষয়টোক লৈ পশ্চিম বংগত এইপৰ্যন্ত নাই বিশেষ চৰ্চা৷ যিটো সময়ত অসমৰ প্ৰায় প্ৰতিটো সংবাদ মাধ্যমত কমতাপুৰ স্বায়ত্তশাসিত ৰাজ্য গঠনৰ বিষয়ে গুৰুত্বসহকাৰে বাতৰি প্ৰকাশ কৰা হৈছে সেই সময়ত কিন্তু পশ্চিম বংগৰ জনপ্ৰিয় সংবাদ মাধ্যমসমূহত এই বাতৰিটো গুৰুত্ব প্ৰদান কৰা হোৱা নাই৷ উল্লেখ্য যে, কমতাপুৰ স্বায়ত্তশাসিত ৰাজ্য গঠন হ’লে আটাইতকৈ ক্ষতি হ’ব পশ্চিম বংগৰ৷ কাৰণ ৰাজ্যখনৰ উত্তৰ বংগৰ ৮খন জিলা প্ৰস্তাৱিত কমতাপুৰ স্বায়ত্তশাসিত ৰাজ্যৰ অধীনত যুক্ত হ’ব বুলি চৰ্চা হৈছে৷ এই ৮খন জিলা হৈছে কোচবিহাৰ, আলিপুৰদুৱাৰ, জলপাইগুড়ি, দাৰ্জিলিং, কালিংপং, মালদা, উত্তৰ দিনাজপুৰ আৰু দক্ষিণ দিনাজপুৰ৷ ইমান এক স্পৰ্শকাতৰ বিষয়টো পশ্চিম বংগৰ সংবাদ মাধ্যমে গুৰুত্ব প্ৰদান নকৰাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে৷ কেএলঅ’ৰ দাবী- প্ৰস্তাৱিত কমতাপুৰ স্বায়ত্তশাসিত ৰাজ্যত বিহাৰৰ চাৰিখন জিলাও চামিল হ’ব লাগে৷ অবিভক্ত গোৱালপাৰা জিলাও এই স্বায়ত্তশাসিত ৰাজ্যত চামিল হ’ব লাগে৷  উল্লেখ্য যে, এই গোটেই বিষয়টো অসমত উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে এক প্ৰেছ বিবৃতিক কেন্দ্ৰ কৰি৷ কেএলঅ’ৰ উপ-সেনাধ্যক্ষ সূৰ্য কোচে প্ৰেৰণ কৰা প্ৰেছ বিবৃতিক কেন্দ্ৰ কৰি পশ্চিম অসম উত্তাল হৈ পৰিছে৷ প্ৰেছ বিবৃতিটোত দাবী কৰা হৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত কেএলঅ’ৰ শান্তি আলোচনা প্ৰায় সম্পন্নৰ দিশে৷ সকলো ঠিকে-ঠাকে থাকিলে নতুন বছৰৰ আৰম্ভণিতে কমতাপুৰৰ বুকুত নতুন সূৰ্য উদয় হ’ব৷ এই প্ৰেছ বিবৃতিটোক কেন্দ্ৰ কৰিয়েই অসমত নতুন কেন্দ্ৰীয়শাষিত ৰাজ্য গঠনৰ বিষয়ে সৰৱ চৰ্চা আৰম্ভ হয়৷ অহা ২৬ জানুৱাৰীত এই কমতাপুৰ স্বায়ত্তশাসিত ৰাজ্য ঘোষণা কৰা হ’ব বুলিও চৰ্চা অব্যাহত আছে৷ কিন্তু অসমত কমতাপুৰ স্বায়ত্তশাসিত ৰাজ্যৰ বিষয়টো ইমান গুৰুত্ব লাভ কৰাৰ পাছতো চুবুৰীয়া ৰাজ্য পশ্চিম বংগত বিষয়টো গুৰুত্ব লাভ নকৰা ঘটনাই স্বাভাৱিকতে সন্দেহৰ সৃষ্টি হৈছে৷