Logo
image

আজি মুখ্যমন্ত্ৰীৰ নতুন গ্ৰন্থ প্ৰকাশ

ডিজিটেল ডেস্ক ,৫ জানুৱাৰীঃ  আজি প্ৰকাশ পাব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ এখন নতুন গ্ৰন্থ৷ ‘মুখ্যমন্ত্ৰীৰ ডায়েৰী-১’ শীৰ্ষক গ্ৰন্থখন মুকলি কৰিব উচ্ছতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ, সাংসদ ৰঞ্জন গগৈয়ে৷ ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকাল  প্ৰথমটো বছৰৰ ডায়েৰী [প্ৰতিটো দিনৰ দিনলিপি] সন্নিৱিষ্ট কৰা হৈছে গ্ৰন্থখনত৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত বিয়লি ৪.৩০ বজাত উন্মোচন হ’ব পাঁচশৰো অধিক পৃষ্ঠাৰ গ্ৰন্থখন৷ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে সৰস্বতী প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছ-এ৷ গ্ৰন্থখনৰ মূল্য ২৫০ টকা৷ ড॰ হিমন্ত বিশ্ব শমাই মুখ্যমন্ত্ৰীৰূপে দায়িত্ব লোৱাৰ প্ৰায় ২৪ দিন পাছৰ পৰা অৰ্থাৎ চাৰি জুনৰ পৰা দহ মে’লৈ প্ৰায় ৩৪১ দিনৰ দিনলিপি সন্নিৱিষ্ট হৈছে ‘মুখ্যমন্ত্ৰীৰ ডায়েৰী-১’ত৷ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাৰ চাৰিখন গ্ৰন্থ প্ৰকাশ পাইছিল৷