Logo
image

কণমানি ছাত্ৰ-ছাত্ৰীৰ সাৰ্বিক উত্তৰণৰ বিশেষ আঁচনি

ডিজিটেল ডেস্ক ,৫ জানুৱাৰীঃ  ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সৈতে সংগতি ৰাখি বুনিয়াদী আৰু প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীন উত্তৰণৰ কাৰণে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত ৰজ্যিক কেবিনেটৰ বৈঠকত প্ৰাক প্ৰাথমিক শ্ৰেণীৰ বাবে অংকুৰ, মুকুল আৰু ৱালৱাতিকা নামৰ তিনিটা শ্ৰেণীৰ ব্যৱস্থা কৰা হৈছে৷ এই ফলো শ্ৰেণী অংগনৱাড়ীৰ অধীনত হ’ব৷ সেই অনুসৰি তিনি বছৰীয়া শিশুৰ বাবে হ’ব অংকুৰ শ্ৰেণী, ৪ বছৰীয়া শিশুৰ বাবে হ’ব মুকুল শ্ৰেণী, ৫ বছৰীয়া শিশুৰ বাবে হ’ব ৱালৱাতিয়া শ্ৰেণী৷ ৬-৭ বছৰৰ শিশুৰ বাবে প্ৰথম শ্ৰেণী, ৭-৮ বছৰৰ শিশুৰ বাবে হ’ব দ্বিতীয় শ্ৰেণী৷ এই দুই শ্ৰেণীৰ প্ৰাথমিক শাখাৰ অন্তৰ্ভুক্ত হ’ব৷ আজিৰ কেবিনেট ২০২২ৰ চহৰ গেছ বিতৰণৰ নেটৰ্ৱকৰ অনুমোদন জনায়৷ যান-যটৰ সমস্যা হ্ৰাসৰ লক্ষ্যৰো ৯টা প্ৰকল্পৰ কনছালটেন্সী ছাৰ্ভিছৰ বাবে মনোনয়ন ভিত্তিত ২৪.৫৭ কোটি টকাত ৰাইটছ লিমিটেডক দায়িত্ব প্ৰদান কৰে৷ ৰাইটছ লিমিটেডে ডাউন টাউন উৰণীয়া সেতু, ফটাশিল উৰণীয়া সেতু, ৰাজীৱ ভৱনৰ সমীপত উৰণীয়া সেতুৰ লগতে কইনাধৰা পথ আৰু দীপৰ বিলৰ এলিভেটেড পথৰ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিব৷ গুৱাহাটীৰ বেতকুছিত সংহত সঞ্চালকালয় কমপ্লেক্স নিৰ্মাণৰ বাবে ৮০৮.৪ কোটি টকাৰ সংশোধিত প্ৰশাসনিক অনুমোদন জনায়৷ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চিলা সিন্ধুৰী ঘোপা মৌজাৰ অধীনৰ চিলা গ্ৰাণ্টৰ ২৫টা পৰিয়ালক ভূমিৰ প্ৰিমিয়াম প্ৰতি কঠাত ১০০০ টকালৈ শিথিলতাৰে ৫ বিঘা ১ কঠা  আৰু ৩ লেচা ভূমি প্ৰদান কৰাৰো অনুমোদন দিয়ে কেবিনেটে৷