Logo
image

বুলড’জাৰ-ৰায়ত অস্বস্তি দিছপুৰৰ

ডিজিটেল ডেস্ক ,৫ জানুৱাৰীঃ  অভিযুক্তৰ ঘৰ বুলড’জাৰ চলোৱাক কেন্দ্ৰ কৰি গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ৰোষত পৰাৰ পাছতেই এতিয়া চৰম অস্বস্তিত পৰিছে দিছপুৰ৷ ন্যায়ালয়ৰ কঠোৰ স্থিতিৰ বাবেই অভিযুক্তৰ বাসগৃহত বুলড’জাৰ চলোৱাৰ নিৰ্দেশ দিয়া চৰকাৰী বিষয়াক শাস্তি দিয়াৰ বাবে অসম চৰকাৰৰ সিদ্ধান্তৰ বিষয়টো গুৱাহাটী উচ্ছ ন্যায়ালয়ক মহাধিবক্তাই শপতনামাযোগে অৱগত কৰাৰ পাছতেই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কিয়নো ইতিপূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছ মাফিয়াক ধৰিবলৈ আৰক্ষীক এনকাউণ্টাৰ কৰিবলৈ সেউজ সংকেত দিয়াত উৎসাহিত হৈ  স্মাৰ্ট অসম আৰক্ষীয়ে নিৰপৰাধী লোককো ভুৱা এনকাউণ্টাৰত গুলীবিদ্ধ কৰিছিল৷ নগাঁৱত কীৰ্তি কমল বৰা নামৰ ছাত্ৰ নেতাজনৰ আৰক্ষীৰ এনকাউণ্টাৰ যে ভুৱা আছিল সেয়া তদানীন্তন অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ তদন্তত পোহৰলৈ আহিছিল৷ তদুপৰি অসম আৰক্ষীৰ আন কেইবাটাও এনকাউণ্টাৰ ভুৱা বুলি অভিযোগ কৰি অভিযুক্তৰ পৰিয়ালে ন্যায়ালয়ত গোচৰো ৰুজু কৰিছিল৷ আনকি জিম্মাত থকা অভিযুক্তক হাতকেয়াৰ লগাই আৰক্ষীয়ে নিশা নিশা একে চিত্ৰনাট্যৰেই কৰা এনকাউণ্টাৰক লৈ নিম্ন আদালতকো ক্ষুণ্ণ হৈ পৰা দেখা গৈছিল৷ কিন্তু ইমানৰ পাছতো কোনো শিক্ষা নোলোৱা অসম আৰক্ষীয়ে উত্তৰ প্ৰদেশ আৰক্ষীৰ আৰ্হিত অভিযুক্তৰ ঘৰ বুলড’জাৰেৰে উচ্ছেদ চলোৱাত নামি পৰিছিল৷ আইন বিৰুদ্ধভাৱে অভিযুক্তৰ ঘৰত বুলড’জাৰ চলাই সংবাদ মাধ্যমৰ আগত বুকু ফিন্দাই সুখানুভূতি ব্যক্ত কৰাৰ পৰাও পিছপৰি ৰোৱা নাছিল আৰক্ষীৰ বৰমূৰীয়াসকল৷ বিগত বৰ্ষৰ ২২ মে’ত নগাঁৱৰ বটদ্ৰৱা থানা জ্বলোৱা কাণ্ডত জড়িত থকা অভিযুক্তৰ বাসগৃহ বুলড’জাৰেৰে উচ্ছেদ চলোৱাত গুৱাহাটী উচ্ছ ন্যায়ালয়ে নিজাববীয়াকৈ ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ ৰুজু কৰি অসম আৰক্ষীক আইন হাতত তুলি ল’বলৈ অধিকাৰ কোনে দিলে বুলিও জবাবদিহি কৰিছিল৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম ছায়াৰ এই কঠোৰ স্থিতিৰ পাছতেই যেন নেগুৰ পেলালে আৰক্ষী তথা অসম চৰকাৰে৷ যাৰ বাবে বটদ্ৰৱা কাণ্ডত বুলড’জাৰ চলোৱাৰ নিৰ্দেশ দিয়া বিষয়াৰ বিৰুদ্ধে তদন্ত কৰি উপযুক্ত কাৰ্যব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিছপুৰে৷ মুখ্য সচিবে ১৫ দিনৰ ভিতৰত এই কাণ্ডৰ তদন্ত কৰি দোষী বিষয়াৰ বিৰুদ্ধে শাস্তি প্ৰদান কৰিব বুলিও খোদ মহাধিবক্তাই উচ্ছ ন্যায়ালয়ক অৱগত কৰিছে৷ চৰকাৰৰ এই সিদ্ধান্তত ন্যায়ালয় আশ্বস্ত হৈছে যদিও নিৰ্দেশ কাৰ্যকৰীকৰণৰ প্ৰতিবেদন চৰকাৰক দাখিল কৰাৰ বাবেও নিৰ্দেশ দিছে৷ কিন্তু অসম চৰকাৰৰ এই সিদ্ধান্ত সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছতেই বটদ্ৰৱাত আনন্দৰ ৰোল উঠাৰ বিপৰীতে চৰম অস্বস্তিত পৰিছে দিছপুৰ৷ অৱশ্যে শাসক পক্ষৰ সকলো মন্ত্ৰী-বিধায়কে এই বিষয়টোক লৈ মৌনতা অৱলম্বন কৰিছে যদিও বিৰোধী কংগ্ৰেছ আৰু এআইইউডিএফে ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাইছে৷ বিৰোধীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষীক ভুৱা এনকাউণ্টাৰ আৰু বুলড’জাৰ অপসংস্কৃতি ত্যাগ কৰাৰ বাবেও আহ্ৱান জনাইছে৷

ধিং আৰক্ষী থানাৰ অন্তৰ্গত চালনাবৰিত নগাঁও জিলাৰ আৰক্ষী প্ৰশাসনে বুলড’জাৰৰে বাসগৃহ ভাঙি দিয়া কাৰ্যক ৰাজ্য চৰকাৰে অবৈধ বুলি স্বীকাৰ কৰি ল’বলৈ বাধ্য হোৱাতো গণতন্ত্ৰপ্ৰেমী তথা সংগ্ৰামী জনগণৰ বিজয় বুলি অভিহিত কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ ফেচিষ্ট আৰু আইনবিৰোধী কাৰ্যৰ বিৰুদ্ধেও এক আঘাত বুলি মন্তব্য কৰিছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই৷  সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শুভ্ৰজ্যোতি বদ্ধৰ্ন আৰু সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে যিসকল আইন ৰক্ষকে নিজহাতে আইন ভঙ্গ কৰিছিল তেওঁলোককো দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আদালতলৈ অনুৰোধ জনায়৷ বিবৃতিটোত আৰু কয়, যিজন কৰ্তব্যৰত আৰক্ষী বিষয়াৰ পৰিচালনাত বটদ্ৰৱা থানাৰ ভিতৰতে ছফিকুল ইছলামক হত্যা কৰা হ’ল তেওঁকো হত্যাৰ গোচৰত অভিযুক্ত কৰিব লাগে৷ এয়া সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ দাবী৷