Logo
image

পাকিস্তানৰ কাৰাগাৰত বন্দী নগাঁৱৰ মহিলা

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ এগৰাকী মহিলা বন্দী হৈ আছে পাকিস্তানৰ কাৰাগাৰত৷ এই খবৰ ওলোৱাৰ লগে লগে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ পাকিস্তানৰ কাৰাগাৰত বন্দী নগাঁৱৰ মহিলাগৰাকীৰ নাম হৈছে ৱাহিদা বেগম ৷ জানিব পৰা মতে ৱাহিদা বেগম পাকিস্তানৰ কুৱেটাৰ জেলত বন্দী হৈ আছে ৷

নগাঁৱৰ ডিমৰুগুৰিৰ নৰ্ত্তম বালিভুঁই পানীগাঁৱৰ ৱাহিদা বেগম বিয়া হৈছিল নগাঁৱৰ বৰবজাৰৰ এগৰাকী ব্যৱসায়ীলৈ। স্বামীৰ মৃত্যুৰ পিছত অন্য এজন ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ মহিলাগৰাকীয়ে পলায়ন কৰিছিল বহিঃৰাষ্ট্ৰলৈ। পাকিস্তানত প্ৰৱেশ কৰিব বিছৰা সময়ত বৈধ ভ্ৰমণ নথি-পত্ৰ নথকাৰ বাবে বৰ্তমান পাকিস্তানৰ জেলত বন্দী হৈ আছে মহিলাগৰাকী। ২৬ নবেম্বৰৰ পৰা তেওঁ বন্দী হৈ আছিল পাকিস্তানৰ জে'লত। ৱাহিদা বেগমৰ স্বামী আছিল মহম্মদ মহছিন খান। স্বামীৰ মৃত্যুৰ পাছত উত্তৰাধিকাৰী সূত্ৰে পাইছিল ১ কোটি ৬০ লাখ টকাৰ সম্পত্তি।

উল্লেখ্য যে ১০ নৱেম্বৰত নগাঁৱৰ পৰা সন্ধানহীন হৈছিল ৱাহিদা। তাৰ পিছত ৩০ নৱেম্বৰত পাকিস্তানৰ এটা অচিনাকি নম্বৰৰ পৰা ফোন আহে মাতৃ আৰিফা খাতুনলৈ। পাকিস্তানৰ অধিবক্তাই হোৱাটছএপত প্ৰেৰণ কৰিছে আইনী জাননীৰ প্ৰতিলিপি। পাকিস্তানস্থিত ভাৰতীয় দূতাৱাসলৈও আইনী জাননী প্ৰেৰণ কৰা হৈছে। ইফালে ন্যায় বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ৱাহিদাৰ মাতৃ। অসম আৰক্ষীৰ পৰা সহায় নাপাই মাতৃ কাষ চাপে অধিবক্তা সন্তোষ সুমনৰ। ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ আৰু ভাৰতস্থিত পাকিস্তান দূতাৱাসৰ দ্বাৰস্থ হৈয়ো বিফল হৈছে অধিবক্তা। কোনো এটা সংস্থাৰ পৰা সুদুত্তৰ নোপোৱাত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ভুক্তভোগীৰ পৰিয়াল। কাইলৈ গোচৰটো সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত হ’ব শুনানি।