Logo
image

মহানগৰীত ১,৭৭৭ কোটি টকাৰ ৭টা প্ৰকল্পৰ শিলান্যাস

ডিজিটেল ডেস্ক ,৬ জানুৱাৰীঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ‘বিকাশৰ বাবে এদিন’ কাৰ্যসূচীৰ অধীনত কামৰূপ মহানগৰ জিলাত সৰ্বমুঠ ১৭৭৭.৩৮ কোটি টকাৰ আন্তঃগাঁথনিমূলক জ্জ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ভূমিপূজনত অংশগ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰীয়ে আজি প্ৰথমতে গুৱাহাটী মহানগৰীৰ খাৰঘূলীত নতুন ৰাজভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে৷ ৪১.৩২ কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণৰ পদক্ষেপ লোৱা এই প্ৰকল্পটো   ১৮ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ লক্ষ্য নিদ্ধৰ্াৰণ কৰা হৈছে৷ ইয়াৰ পিছতে তেওঁ পানবজাৰত গুৱাহাটী আৰক্ষী ছাউনী নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজনত অংশগ্ৰহণ কৰে৷ ৫৪৪.৫৪ কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো ৩৬ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে আৰু এই প্ৰকল্পটোৰ অধীনত প্ৰধানকৈ গৃহ নিৰ্মাণ, বেৰেক, কাৰ্যালয়, অস্ত্ৰভাণ্ডাৰ, বিদ্যালয়, পাৰ্কি আদি সামৰি সংহত উন্নয়নৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ইয়াৰ পিছত গুৱাহাটীৰ ৰূপনগৰত সংহত উপায়ুক্তৰ কাৰ্যালয় ভৱনৰ ভূমিপূজন কৰে৷ ৫৮.৮৬ কোটি টকা ব্যয় সাপেক্ষ এই প্ৰকল্পটোৰ কাম ৩০ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিদ্ধৰ্াৰণ কৰা হৈছে৷ মুখ্যমন্ত্ৰীয়ে পাঞ্জবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত ৮০০খন আসনযুক্ত প্ৰেক্ষাগৃহটোৰ আধাৰশিলাও স্থাপন কৰে৷ অত্যাধুনিক সা-সুবিধা সম্বলিত এই প্ৰেক্ষাগৃহটো ২৪ মাহৰ ভিতৰত ৪৪.২৬ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হ’ব৷ গুৱাহাটী মহানগৰীক এখন উন্নত মহানগৰী হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাৰ আধাৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত প্ৰস্তাৱিত প্ত হাজাৰখন আসনযুক্ত প্ৰেক্ষাগৃহৰ ভূমিপূজনত অংশগ্ৰহ কৰে৷ ৪১ বিঘা ভূমি সামৰি ১৮৫ কোটি টকা ব্যয়ৰে নিৰ্মাণৰ পদক্ষেপ লোৱা এই প্ৰেক্ষাগৃহটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’লে আকাৰ আৰু আসনৰ ফালৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম বৃহৎ প্ৰেক্ষাগৃহত পৰিণত হ’ব৷ প্ৰকল্পটো ২৪ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে লক্ষ্য নিদ্ধৰ্াৰণ কৰা হৈছে৷ মুখ্যমন্ত্ৰীয়ে খানাপাৰাত গুৱাহাটী আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয় ভৱনৰ নিৰ্মাণস্থলীৰো ভূমিপূজন সম্পাদন কৰে৷ ৩.৫ বিঘা ভূমিত নিৰ্মাণ হ’বলগীয়া এই অত্যাধুনিক কাৰ্যালয় ভৱনটো ২৪ মাহৰ ভিতৰত ৯৫ কোটি টকা ব্যয়ৰে নিৰ্মাণৰ পৰিকল্পনা লোৱা হৈছে৷ আনহাতে মুখ্যমন্ত্ৰীয়ে বেতকুচিত সংহত সঞ্চালকালয় কমপ্লেক্সৰ নিৰ্মাণস্থলীৰো ভূমিপূজনত অংশগ্ৰহণ কৰে৷  গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত সিঁচৰতি হৈ থকা বৰ্তমানৰ সঞ্চালকালয় পৰ্যায়ৰ সকলো কাৰ্যালয় একে স্থানতে উপলব্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে এই প্ৰকল্প হাতত লৈছে৷ মুঠ ৮০৮.৪০ কোটি টকা ব্যয় সাপেক্ষে ৩৪ বিঘা ৪ লেচা ভূমিত এই প্ৰকল্পটোৰ নিৰ্মাণ ৪ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব৷ এই  ভূমিপূজন তথা আধাৰশিলা স্থাপন অনুষ্ঠানসমূহত উপস্থিত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজিৰ দিনটো গুৱাহাটী মহানগৰবাসীৰ বাবে এক ঐতিহাসিক দিন বুলি অভিহিত কৰে৷ তেওঁ কয় আধাৰশিলা আৰু ভূমিপূজন সম্পাদন হোৱা ৭ টা আন্তঃগাঁথনিমূলক প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ মহানগৰী গুৱাহাটীক অনাগত সময়ত দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে পৰিগণিত কৰাত উল্লেখযোগ্য অৰিহণা যোগাব৷ গুৱাহাটীক সমগ্ৰ অঞ্চলটোৰ অৰ্থনৈতিক, ঔদ্যোগিক, সাংস্কৃতিক আৰু পৰ্যটন আদিকে ধৰি বিভিন্ন দিশৰ নাভিকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ লক্ষ্য আৰু উদ্দেশ্য পূৰণ কৰাত এই প্ৰকল্পসমূহে গুৰুত্বপূৰ্ণ বৰঙণি যোগাব নতুন ৰাজভৱন নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ পিছত এই ভৱনটো সমগ্ৰ দেশৰ ভিতৰতে এক অন্যতম দৃষ্টিনন্দন ৰাজ্যপালৰ ভৱনত পৰিণত হ’ব৷ গুৱাহাটীৰ ক্ৰমবদ্ধৰ্মান জনসংখ্যাৰ পৰিপ্ৰেক্ষিতত আইন-শৃংখলা নিয়ন্ত্ৰণ, যান-বাহন নিয়ন্ত্ৰণ আদিৰ দিশত আৰক্ষী বাহিনীৰ সন্মুখত যথেষ্ট প্ৰত্যাহ৩ান আহি পৰিছে৷   পাণবজাৰত গুৱাহাটী আৰক্ষী ছাউনী আৰু খানাপাৰাত গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে আৰক্ষী বাহিনীক জনসাধাৰণলৈ সেৱা আগবঢ়োৱাৰ দিশত যথেষ্ট সহায় কৰিব ৰূপনগৰত সংহত উপায়ুক্ত কাৰ্যালয় আৰু বেতকুচিত সংহত সঞ্চালকালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে জনসাধাৰণলৈ উৎকৃষ্ট সেৱা প্ৰদানত সহায়ক হোৱাৰ উপৰি প্ৰশাসনিক কাম-কাজসমূহ দ্ৰুততাৰে সম্পাদন কৰিব পৰা যাব৷ একত্ৰিত স্থানলৈ কাৰ্যালয়সমূহ স্থানান্তৰ কৰাৰ পিছত মুকলি হোৱা স্থানসমূহ জনসাধাৰণৰ  বাবে উদ্যান আদি নিৰ্মাণত ব্যৱহাৰ কৰা হ’ব৷ খানাপাৰাত ৫ হাজাৰ খন আসনযুক্ত আন্তৰ্জাতিক প্ৰেক্ষাগৃহ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৮০০খন আসনযুক্ত প্ৰেক্ষাগৃহৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে গুৱাহাটী মহানগৰীত প্ৰেক্ষাগৃহৰ সমস্যা বহুলাংশে সমাধান হ’ব৷ মুখ্যমন্ত্ৰীয়ে কয় যে এই আজি আধাৰশিলা আৰু ভূমিপূজন সম্পাদন হোৱা আটাইকেইটা প্ৰকল্পৰ কাম সময়নিৰ্ধাৰিতভাৱে সম্পূৰ্ণ হোৱাৰ দিশত ৰাজ্য চৰকাৰে ৰূপায়ণকাৰী সংস্থা তথা বিভাগসমূহলৈ সম্পূৰ্ণ সহযোগিতা আগবঢ়াব৷