Logo
image

অনলাইনত অৰ্ডাৰ কৰা বিৰিয়ানী খাই ২০ বছৰীয়া যুৱতীৰ মৃত্যু

ডিজিটেল ডেস্ক : আপুনিও অনলাইনত অৰ্ডাৰ কৰি খাদ্য খোৱাৰ অভ্যাস আছে নেকি? যদি আছে তেনে সাৱধান হওক৷ কিয়নো কেৰালাত সংঘটিত হৈছে এক ভয়ানক ঘটনা৷ অনলাইনত অৰ্ডাৰ কৰা বিৰিয়ানী খাই মৃত্যু হ'ল এগৰাকী যুৱতীৰ৷

অনলাইনত অৰ্ডাৰ কৰা বিৰিয়ানী খাই মৃত্যু হ'ল ২০ বছৰীয়া অঞ্জু শ্ৰীপাৰ্বতীৰ৷ যুৱতীগৰাকীয়ে ৩১ ডিচেম্বৰত কাচাৰাগোডৰ নাৰোচিয়া নামৰ ৰেষ্টুৰেণ্টখনৰ পৰা অৰ্ডাৰ কৰি বিৰিয়ানী খাইছিল৷ তাৰ পিছৰ পৰাই চিকিৎসাধীন হৈ আছিল যুৱতীগৰাকী৷ প্ৰাৰম্ভিক তদন্তত খাদ্যত বিষক্ৰিয়াৰ ফলতেই যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলি জনাইছে আৰক্ষীয়ে৷ যুৱতীগৰাকী কেৰালাৰ পেৰুম্বালাৰ বাসিন্দা বুলি জানিব পৰা গৈছে৷

এই ঘটনাৰ পিছত ৰেষ্টুৰেণ্টখনৰ বিৰুদ্ধে যুৱতীগৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে৷ আনহাতে আৰক্ষীয়ে জনাইছে যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ ভিত্তিত পৰৱৰ্তী পদক্ষেপ লোৱা হ'ব৷ উল্লেখ্য যে যুৱতীগৰাকী কেৰালাৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক ততাতৈয়াকৈ কৰ্ণাটকৰ মেংগালুৰুৰ আন এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল, য'ত তেওঁৰ মৃত্যু হয়।

ইফালে এই ঘটনাৰ পিছতেই ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। জৰ্জে কয় যে খাদ্য সুৰক্ষা আয়ুক্তক ঘটনাৰ ওপৰত শীঘ্ৰে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। লগতে তেওঁ কয় যে বিষাক্ত খাদ্য যোগান ধৰাৰ অভিযোগত অভিযুক্ত হোটেলসমূহৰ অনুজ্ঞাপত্ৰ খাদ্য সুৰক্ষা আৰু মানদণ্ড আইনৰ (এফএছএছএ) অধীনত বাতিল কৰা হ'ব।