Logo
image

পুৰুষে দায়িত্ব নলয় আৰু মহিলাসকল নিৰক্ষৰ : জনসংখ্যা বৃদ্ধিৰ কাৰণ ক'লে নীতিশ কুমাৰে

ডিজিটেল ডেস্ক : দেশত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে সজাগতাৰ সৃষ্টি কৰিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে৷ ইয়াৰ মাজতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ এটা মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে৷ 

নীতিশ কুমাৰে কয় যে বিহাৰত জনসংখ্যা নিয়ন্ত্ৰণলৈ নাহে, কিয়নো পুৰুষে দায়িত্ব নলয় আৰু মহিলাসকল নিৰক্ষৰ৷ এই মন্তব্যৰ পিছতেই এতিয়া সমালোচনাৰ সন্মুখীন হৈছে বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকী৷ এই মন্তব্যৰ পিছতে বিজেপিয়ে 'ঘৃণামূলক ভাষণ আৰু ৰাজ্যৰ ভাবমূৰ্তি কলুষিত' কৰা বুলি নীতিশ কুমাৰক সমালোচনা কৰিছে৷ মুখ্যমন্ত্ৰীয়ে বৈশালীত 'সমাধান যাত্ৰা'ৰ সময়ত এক জনসভা সম্বোধন কৰি এই মন্তব্য কৰে৷

নীতিশ কুমাৰে কয় যে মহিলাসকলে অধ্যয়ন কৰিলেহে জনসংখ্যাৰ হাৰ হ্ৰাস পাব। যদি মহিলাসকল অধিক শিক্ষিত বা সচেতন হয়, তেওঁলোকে গৰ্ভৱতী হোৱাৰ পৰা নিজকে কেনেদৰে সুৰক্ষিত কৰিব লাগে সেয়া জানিব৷ পুৰুষসকলে এই কথা ভাবিবলৈ সাজু নহয়। মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছতে ৰাজ্যখনত শাসক-বিৰোধী বাকযুদ্ধ আৰম্ভ হৈছে৷ বিজেপি নেতা সম্ৰাট চৌধুৰীয়ে কয় যে নীতিশ কুমাৰে বিহাৰৰ ভাবমূৰ্তি কলুষিত কৰিছে।