Logo
image

এদিনীয়াত দ্বিশতক শুভমন গিলৰ : ভংগ কৰিলে বিৰাট কোহলিৰ ৰেকৰ্ড

ডিজিটেল ডেস্ক : নিউজিলেণ্ডৰ বিৰুদ্ধে হায়দৰাবাদত খেলা প্ৰথম এদিনীয়াত দ্বিশতক অৰ্জনৰ লগতে এদিনীয়াত তৃতীয়টো শতকৰে অভিলেখ গঢ়িলে শুভমন গিলে৷ ১৪৯ টা বলত ১৯ টা চাৰি আৰু ৯টা ছয়ৰে ২০৮ ৰানৰ ইনিংছ খেলে যুৱ ক্ৰিকেটাৰজনে৷ ইয়াৰ লগতে বিৰাট কোহলীৰ অভিলেখ ভংগ কৰি এক নতুন অভিলেখ গঢ়িলে শুভমন গিলে৷ 

শুভমন গিলে এদিনীয়াত ভাৰতীয় ক্ৰিকেটাৰ হিচাপে দ্ৰুত ১ হাজাৰ ৰান সম্পূৰ্ণ কৰা বেটাৰ হিচাপে পৰিগণিত হ'ল৷ মাত্ৰ ১৯ খন এদিনীয়া খেলিয়েই ১ হাজাৰ ৰান সম্পূৰ্ণ কৰিলে গিলে৷ ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটাৰ হিচাপে বিৰাট কোহলিয়ে ২৪ সংখ্যক এদিনীয়াত ১ হাজাৰ ৰান সম্পূৰ্ণ কৰিছিল৷ উল্লেখ্য যে এদিনীয়াত দ্ৰুততম ১ হাজাৰ ৰান সংগ্ৰহ কৰাৰ অভিলেখ পাকিস্তানৰ ফখৰ জামানৰ নামত আছে৷

ইফালে নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্দ্ধাৰিত ৫০ অ'ভাৰত ৮ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৩৪৯ ৰান৷ অধিনায়ক ৰোহিত শৰ্মাৰ ৩৪, শুভমন গিলৰ ২০৮, বিৰাট কোহলিৰ ৮, ইশ্বান কিষনৰ ৫, সূৰ্যকুমাৰ যাদৱৰ ৩১, হাৰ্ডিক পাণ্ডিয়াৰ ২৮, ৱাশ্বিংটন সুন্দৰৰ ১২, শ্বাৰ্দুল ঠাকুৰৰ ৩, কুলদীপ যাদৱৰ ৫, মহম্মদ ছামীৰ ২ ৰানৰ সহায়ত ভাৰতে নিউজিলেণ্ডক দিয়ে ৩৫০ ৰানৰ বিশাল লক্ষ্য৷