Logo
image

আদানি-আম্বানি নহয়, মধ্যবিত্তৰ ওপৰতে সৰ্বাধিক কৰৰ বোজা

আমাৰ অসম, ১৯ জানুৱাৰী:  ভাৰতৰ সৰ্বাধিক সংখ্যক দৰিদ্ৰ আৰু মধ্যবিত্ত জনতাই দেশৰ কৰৰ সিংহভাগ বোজা নিজৰ কান্ধত বহন কৰে আৰু মুষ্টিমেয় কেইজনমান ধনকুৱেৰে তাৰেই সুযোগ লৈ অবিশ্বাস্য পৰিমাণৰ সম্পত্তি আহৰণ কৰে৷ এসময়ত কোৱা হৈছিল যোগ্যা ভোগ্যা বসুন্ধৰা– অৰ্থাৎ ‘ছাৰ্ভাইভেল অব দ্য ফিটেষ্ট’৷ কিন্তু এতিয়া ভাৰতত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ শাসনকালত সেই বাক্য অচল৷ ইয়াৰ বিপৰীতে ভাৰতত প্ৰযোজ্য হৈছে– ‘ছাৰ্ভাইভেল অব দ্য ৰিচেষ্ট’৷ অৰ্থাৎ ভাৰতত এতিয়া ধনীৰহে ভোগ৷ ধনকুৱেৰৰ হে ভোগৰ দিন চলিছে মোদী চৰকাৰৰ শাসন কালত৷ বিশ্বৰ প্ৰসিদ্ধ সংস্থা ‘ৱল্ডৰ্ ইক’নমিক ফ’ৰাম’ বা অক্সফামে সদ্যহতে প্ৰকাশ কৰা ভাৰতীয় অৰ্থনীতিৰ এটা সমীক্ষাত জনাইছে এনে আশ্চৰ্যকৰ  তথ্য৷ ছুইজাৰলেণ্ডৰ ডাভোছৰ এই সংস্থাটোৱে ভাৰতীয় অৰ্থনীতিৰ এনে বিসদৃশ তথ্যৰ প্ৰতিবেদনক ‘ছাৰ্ভাইভেল অব দ্যা ৰিচেষ্ট’ হিচাপে নামাকৰণ কৰিছে৷ এই প্ৰতিবেদনত কোৱা হৈছে ভাৰতৰ ৬৪ শতাংশ পণ্য আৰু সেৱাকৰ অৰ্থাৎ জি এছ টি বহন কৰে দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত জনতাই৷ অৰ্থাৎ ধনীৰ পৰা দুখীয়ালৈ শতাংশৰ হিচাপত লক্ষ্য কৰিলে একেবাৰে তলত থকা ৫০ শতাংশ নাগৰিকে দেশৰ অৰ্থনীতিলৈ ৬৪ শতাংশ জি এছ টি যোগান ধৰে৷ আনহাতে, দেশৰ ১০ শতাংশ ধনকুৱেৰ তথা চহকী নাগৰিকে দেশৰ অৰ্থনীতিলৈ যোগান ধৰে মুঠেই ৪ শতাংশ জি এছ টি৷ বাকী ৩২ শতাংশ জি এছ টি আহে উচ্ছ মধ্যবিত্তৰ পৰা৷ এই প্ৰতিবেদনে এটা কথা মুকলি কৰি দিছে, কেন্দ্ৰীয় চৰকাৰে পৰোক্ষ কৰৰ জৰিয়তে ৰাজভঁড়াললৈ আহৰণ কৰা ৰাজহ প্ৰকৃততে দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত ৫০ শতাংশ নাগৰিকে যোগান ধৰে৷ কিয়নো জি এছ টিৰ পৰা মধ্যবিত্ত আৰু দৰিদ্ৰ কোনো নাগৰিক সাৰি যাব নোৱাৰে৷ দেশৰ প্ৰত্যেকটো নিত্য ব্যৱহায্য আৰু আন সকলো সামগ্ৰীৰ ওপৰত নৰেন্দ্ৰ মোদী চৰকাৰে জি এছ টি আৰোপ কৰিছে৷ দৰিদ্ৰ আৰু মধ্যবিত্তই বিলাসী সামগ্ৰী ক্ৰয় নকৰো বুলি থাকিলেও জীয়াই থকাৰ বাবে ক্ৰয় কৰা চাউল-দাইল-আটা-তেল-নিমখৰ বাবেও জি এছ টি ভৰিবলগীয়া হয়৷ অৰ্থাৎ জি এছ টিৰ পৰা দৰিদ্ৰ আৰু মধ্যবিত্তই ৰেহাই লাভ নকৰে৷ ইয়াৰ বিপৰীতে উদ্যোগপতি আৰু ব্যৱসায়ীয়ে কৰ্প’ৰেট কৰৰ ৰেহাইৰ সুবিধা লাভ কৰাৰ উপৰি সময়ে সময়ে চৰকাৰে উদ্যোগ অথবা অন্যান্য ক্ষেত্ৰত ৰেহাই দিয়া সুবিধা লাভ কৰে৷ নৰেন্দ্ৰ মোদী চৰকাৰৰ কাৰ্যকালত দেশৰ অৰ্থনীতিৰ উন্নয়নৰ দোহাই দি কোনো সময়ত মেক ইন ইণ্ডিয়া আৰু কোনো সময়ত ক’ভিডৰ বাবে ভগ্ন হৈ যোৱা উদ্যোগৰ পুনৰ জীৱনৰ বাবে কৰ্প’ৰেট কৰ আৰু অনান্য কৰ ৰেহাই দি থকাৰ অসংখ্য উদাহৰণ আছে৷ সেই সুযোগ লাভ কৰে ধনকুৱেৰ ব্যৱসায়ী আৰু উদ্যোগপতিয়ে, দৰিদ্ৰ আৰু মধ্যবিত্তই নহয়৷ 

অক্সফামে প্ৰকাশ কৰা এই প্ৰতিবেদন অতিকৈ বিশ্বাসযোগ্য৷ তেওঁলোকে ভাৰতৰ ধনকুৱেৰ, দৰিদ্ৰ আৰু মধ্যবিত্তৰ সম্পত্তিৰ ভাগ কৰি কাৰ হাতত কিমান সম্পত্তি আছে তাকো মুকলি কৰি দিছে৷ অক্সফামৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ মুঠ ৪০.৫ শতাংশ সম্পত্তি আছে আদানি, আম্বানি আদিৰ দৰে ১ শতাংশ ধনকুৱেৰৰ হাতত৷ আনহাতে, একেবাৰে নিম্নস্থানত থকা ৫০ শতাংশ ভাৰতীয় নাগৰিকৰ হাতত আছে দেশৰ ৩ শতাংশ সম্পদ৷ তাৎপৰ্যপূৰ্ণ বিষয় এয়া যে ভাৰতৰ ৪০ শতাংশ সম্পদ ২০১২ চনৰ পৰা ২০২১ চনৰ ভিতৰত আহৰণ কৰা হৈছে৷ ২০২২ চনত ভাৰতৰ আটাইতকৈ চহকী ব্যক্তি গৌতম আদানিয়ে নিজৰ সম্পত্তিৰ পৰিমাণ পূৰ্বৰ তুলনাত ৪৬ শতাংশ বৃদ্ধি কৰিছে৷ সেই অনুসৰি ভাৰতৰ ১০০ জন ধনকুৱেৰৰ হাতত থকা মুঠ সম্পত্তিৰ পৰিমাণ হৈছেগৈ ৬০০ বিলিয়ন মাৰ্কিন ডলাৰ পৰিমাণৰ৷ সেয়ে অক্সফামে তেওঁলোকৰ এই প্ৰতিবেদনক ‘ছাৰ্ভাইভেল অব দ্য ৰিছেষ্ট’ বুলি যথাৰ্থ নামাকৰণ কৰিছে৷