Logo
image

জেলেনস্কিৰ প্ৰশ্ন, পুটিন জীয়াই আছেনে?

ডিজিটেল ডেস্ক : ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ অব্যাহত আছে৷ ইউক্ৰেইনত আক্ৰমণ অব্যাহত ৰাখিছে ৰাছিয়াই৷ ইয়াৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন জীয়াই আছেনে নাই তাক লৈ সন্দেহ প্ৰকাশ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে৷

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে বৃহস্পতিবাৰে পুৱা দাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চত (WEF) দিয়া এক ভাষণত কয় যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন জীয়াই আছে নে নাই তাক লৈ সন্দেহ হৈছে। শান্তি আলোচনাৰ প্ৰসংগক লৈ এটা ব্যক্তিগত অনুষ্ঠান 'ইউক্ৰেনী ব্ৰেকফাষ্ট'ত জেলেনস্কিয়ে এই মন্তব্য কৰে৷ ইফালে জেলেনস্কিৰ এই মন্তব্যৰ পিছতে ৰাছিয়াৰ নেতাই প্ৰত্যুত্তৰত কয় যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে "ৰাছিয়া নইবা পুটিনৰ অস্তিত্ব থকাটো পছন্দ নকৰে।"

জেলেনস্কিয়ে কয়, "মই এতিয়াও বুজি পোৱা নাই শান্তি আলোচনাৰ প্ৰসংগত কাৰ সৈতে আৰু কি বিষয়ত কথা পাতিব লাগে। মই নিশ্চিত নহয় যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি, যি কেতিয়াবা সেউজীয়া পৰ্দাৰ সন্মুখত উপস্থিত হয়, তেওঁ জীয়াই আছে নে নাই।" লগতে ৰাছিয়াত বৰ্তমান পুটিনৰ শাসন চলিছে নে দেশখনে আন কোনো শাসক পালে তাক লৈও প্ৰশ্ন কৰে জেলনস্কিয়ে৷ 

ইউক্ৰেইনৰ অনলাইন বাতৰি কাকত উক্ৰেনস্কা প্ৰৱদাৰ অনুসৰি জেলেনস্কিয়ে কয়, "মই বুজি পোৱা নাই যে পুটিনে এদিন ইউৰোপীয় নেতাসকলক প্ৰতিশ্ৰুতি দিয়ে আৰু তাৰ পিছদিনা অধিক শক্তিৰে ইউক্ৰেইনত আক্ৰমণ কৰে। আমি কাৰ সৈতে যুদ্ধ কৰি আছো মই সঠিকভাৱে বুজি পোৱা নাই। যেতিয়া আমি কওঁ শান্তি আলোচনাৰ কথা, মই কাৰ সৈতে শান্তি আলোচনা কৰিম বুজি পোৱা নাই৷"

ইফালে জেলেনস্কিৰ এই মন্তব্যৰ কিছু সময়ৰ পাছতে ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্রী পেচক'ভে কয় যে ইউক্ৰেইন আৰু জেলেনস্কিৰ বাবে এতিয়া বৃহৎ প্ৰত্যাহ্বান হৈছে ৰাছিয়া আৰু পুটিন৷ ৰাছিয়া আৰু পুটিনৰ অস্তিত্ব নথকাটো পচন্দ কৰে জেলেনস্কিয়ে৷ লগতে তেওঁ জেলেনস্কিক সকীয়নি দি কয় যে যিমান সম্ভৱ সোনকালে তেওঁলোকে স্বীকাৰ কৰা উচিত যে ৰাছিয়া আছে আৰু থাকিব। ইউক্ৰেইনৰ দৰে দেশৰ বাবে ই ভাল হ'ব।