Logo
image

বিয়া পাতিবলৈ পাত্ৰীৰ সন্ধানত ৰাহুল গান্ধী

ডিজিটেল ডেস্কঃ বিয়া পাতিবলৈ মনে বিচৰা পাত্ৰীৰ সন্ধানত এতিয়া কংগ্ৰেছ নেতা ৰাহুল গান্ধী৷ ৫২ বছৰ বয়সতো অবিবাহিত হৈ থকা ৰাহুল গান্ধী বৰ্তমান ভাৰতৰ আটাইতকৈ যোগ্য অবিবাহিত লোকসকলৰ তালিকাত আছে৷ যাৰ বাবে প্ৰায়ে বিবাহ সম্পৰ্কীয় প্ৰশ্নৰ সন্মুখীন হয় নেতাজন৷

ৰাহুল নেতৃত্বত অব্যাহত থকা 'ভাৰত জোড়ো যাত্ৰা'ৰ সময়ত বিভিন্ন প্ৰশ্নৰ তেওঁ সন্মুখীন হৈ আহিছে৷ শেহতীয়াকৈ বিবাহ সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰত ৰাহুলে কয় যে যদি মনে বিচৰা পাত্ৰী পায়, তেন্তে তেওঁ বিয়া পাতিব৷

শেহতীয়াকৈ 'কাৰ্লি টেলছ'ক দিয়া এটা সাক্ষাৎকাৰত কংগ্ৰেছ নেতাজনে তেওঁৰ বিবাহক লৈ মন্তব্য কৰিছিল৷ সাক্ষাৎকাটোত প্ৰশ্নকৰ্তাই ৰাহুলক সুধিছিল, ''আপুনি সোনকালে বিয়া পতাৰ পৰিকল্পনা কৰিছে নেকি?'' এই প্ৰশ্নৰ উত্তৰত ৰাহুলে কয়, 'যেতিয়া সঠিক ছোৱালী আহিব, মই বিয়া পাতিম।' ইয়াৰ পাছত প্ৰশ্নকৰ্তাই নেতাজনক কেনেধৰণৰ যুৱতী ভাল পায় বুলি সোধা প্ৰশ্নৰ উত্তৰত ৰাহুলে কৈছিল যে তেনেকুৱা কোনো কথা নাই যদিও মাত্ৰ এগৰাকী ভালপোৱা মানুহ যি বুদ্ধিমান হ'ব লাগিব৷ 

উল্লেখ্য যে ইয়াৰ পূৰ্বেও বিবাহ সম্পৰ্কীয় প্ৰশ্নৰ সন্মুখীন হৈছিল ৰাহুল গান্ধী৷ তেওঁ কৈছিল যে তেওঁ এনে এগৰাকী যুৱতী বিয়া পাতিব যাৰ গাত তেওঁৰ মাতৃ (ছোনিয়া গান্ধী) আৰু আইতা (ইন্দিৰা গান্ধী)ৰ গুণ থাকিব লাগিব৷