Logo
image

ৰঙিয়াত ডাম্পাৰৰ খুন্দাত দুজনৰ মৃত্যু : ক্ষুব্ধ লোকে জ্বলাই দিলে ডাম্পাৰ

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াৰ তিনিআলিত শনিবাৰে সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন লোক। মৃত লোক দুজন হৈছে ৰঙিয়া গোগমালাচাৰ  নাজিম আলী(৪৫) আৰু নাৰায়ণ গাঁৱৰ হাতিম আলী(২৫) বুলি জানিব পৰা গৈছে। পেচাত পকী মিস্ত্ৰী দুই বাইক আৰোহীক তীব্ৰ বেগী ডাম্পাৰে খুন্দা মৰাৰ ফলত নিহত হয় দুয়োজন। এই দুৰ্ঘটনাৰ পিছতেই উত্তপ্ত হৈ পৰে ৰঙিয়া তিনিআলি৷ একাংশ ক্ষুদ্ধ লোকে  লোকে  দুৰ্ঘটনা সংঘটিত কৰা AS-25EC-9359 নম্বৰৰ ডাম্পাৰখন জ্বলাই দিয়ে। লগতে ৰঙিয়া -ভূটান পথ অৱৰোধ কৰি কেইবাশ লোকে এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰ। পৰৱৰ্তী সময়ত ঘটনাস্থলীত ৰঙিয়া আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাই যদিও ক্ষুদ্ধ ৰাইজে বহু সময় ধৰি পথটো আৱদ্ধ কৰি ৰাখে আৰু মৃতদেহ নিয়াত আৰক্ষীক বাধা দিয়ে৷

ৰাইজে প্ৰশাসনক ডাম্পাৰৰ  দৌৰাত্ম বন্ধ কৰা, তিনিআলিত ট্ৰেফিক পুলিচ পইণ্ট স্থাপনৰ লগতে নিহতৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবী জনায়। পিছত অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে৷ ঘটনাস্থলীত মহকুমা আৰক্ষী বিষয়া লগতে ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ ৰঙিয়া আৰক্ষীৰ সহযোগত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। পিছত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ দুটা প্ৰেৰণ কৰে। প্ৰায় ডেৰ ঘণ্টা ধৰি ভাৰত- ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ফলত দুয়োফালে বহু গাড়ী আৱদ্ধ হৈ পৰে৷ একাংশ উদণ্ড চালকে তীব্ৰ বেগেৰে ডাম্পাৰ চলোৱাৰ বাবে এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ আনে ৰাইজে।

ইফালে দুৰ্ঘটনাত মৃত্যু বৰণ কৰা নাজিম আলীয়ে পত্নীৰ লগতে পুত্ৰ-কন্যা সন্তান আৰু হাতিম আলীয়ে সন্তান সম্ভৱা পত্নী এৰি থৈ যায়। উল্লেখযোগ্য যে ৰঙিয়াৰ তিনিআলিত পূৰ্বেও ডাম্পাৰৰ খুন্দাত দুজনকৈ লোকৰ মৃত্যু হৈছিল। উত্তেজিত একাংশ ৰাইজে তেতিয়াও ডাম্পাৰ জ্বলাই দিছিল যদিও আজিকোপতি প্ৰশাসনে ডাম্পাৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপিত হৈছে। সম্প্ৰতি ৰাজপথত একাংশ উদণ্ড চালকৰ বাবেই ৰাইজ শংকিত হব লগা হৈছে ।