Logo
image

ৰাজ্যৰ হাজাৰ হাজাৰ স্বামী যাব জে'ললৈ

ডিজিটেল ডেস্কঃ ৰাজ্যৰ হাজাৰ হাজাৰ স্বামী জে'ললৈ যাব৷ আগন্তুক পাঁচ-ছয় মাহৰ ভিতৰত ৰাজ্যৰ হাজাৰ-হাজাৰ স্বামী জে'ললৈ যাব৷ কোনো লোকৰ যাৱজ্জীৱন কাৰাদণ্ডয়ো হ'ব৷ কাৰণ ১৪ বছৰৰ তলৰ ছোৱালীৰ গাত হাত দিয়া জনৰ যাৱজ্জীৱন কাৰাদণ্ড হয়, লাগিলে তেওঁ স্বামীয়েই নহওক কিয়৷ শনিবাৰে কলাক্ষেত্ৰত এক অনুষ্ঠানত এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷

ইতিমধ্যে ৰাজ্যত উদ্বেগজনকভাৱে পাইছে বাল্য বিবাহৰ ঘটনা বৃদ্ধি পোৱাৰ ঘটনা ৰাজহুৱা কৰিছে মুখ্যমন্ত্ৰীয়ে৷ অসমত একা লাখ বাল্য বিবাহ সম্পন্ন হোৱা বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে৷ বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত এতিয়া কঠোৰ হৈছে অসম চৰকাৰ৷ শেহতীয়াকৈ ৰাজ্যিক কেবিনেটত সিদ্ধান্ত লোৱা হৈছে যে ১৪ বছৰৰ তলৰ ছোৱালীক বিয়া কৰোৱা স্বামীৰ বিৰুদ্ধে  POSCO আইনৰ অধীনত শাস্তি বিহা হ'ব৷ শীঘ্ৰেই ৰাজ্যজুৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিব বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে৷ 

লগতে আজি মুখ্যমন্ত্ৰীয়ে কয় যে যদি শিশুৰ জন্ম আৰু বাল্য বিবাহ ৰোধ কৰিব পাৰোঁ তেন্তে প্ৰসূতি আৰু শিশুৰ মৃত্যু ৰোধৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিব পৰা যাব৷