Logo
image

গুৱাহাটীৰ বৰবাৰী চাৰি আলিৰ বজাৰত ব্যাপক উচ্ছেদ অভিযান পৌৰ নিগমৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ জি-২০ ৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীক আটক ধুনীয়া কৰি ৰাখিবলৈ শনিবাৰে গুৱাহাটী পৌৰ নিগমে মহানগৰীৰ বৰবাৰী চাৰি আলিৰ বজাৰত ব্যাপক উচ্ছেদ অভিযান চলায়। উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি ব্যৱসায়ীসকলৰ মাজত তীব্ৰ উত্তেজনা বিৰাজ কৰে ।

গুৱাহাটী পৌৰ নিগমে এফালৰ পৰা জে চি বিৰে উচ্ছেদ অভিযান চলায়। ইফালে আগতীয়াকৈ কোনো জাননী নিদিয়াকৈ জি এম চিয়ে উচ্ছেদ অভিযান চলোৱাৰ অভিযোগ উত্থাপন হৈছে। আনকি জি এম চিয়ে সামগ্ৰী ওলাই নিয়াৰ সুবিধা নিদিয়াকৈ দোকান-পোহাৰ উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ফলত দোকান-পোহৰৰ বহু সামগ্ৰী বিনষ্ট কৰাৰ অভিযোগ উঠিছে। উল্লেখ্য যে প্ৰায় জি এম চিয়ে শতাধিক দোকান-পোহাৰ উচ্ছেদ কৰে। এই লৈ বৰবাৰী অঞ্চলত তীব্ৰ উত্তেজনাই বিৰাজ কৰে।