Logo
image

১ লাখ চাকৰিৰ পথত ১,২০০ নাৰ্ছক নিযুক্তি

আমাৰ অসম, ২৯ জানুৱাৰী:  এক লাখ নিবনুৱা যুৱক-যুৱতীক নিযুক্তিৰ অংশৰূপে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগ আৰু গৃহ বিভাগে শনিবাৰে ১২০৮জন নিবনুৱাক নিযুক্তি প্ৰদান কৰে৷ গৃহ আৰু ৰাজনৈতিক বিভাগত ৭২জনক আৰু স্বাস্থ্য বিভাগত ১১৩৬ জনক নিযুক্তি দিয়ে ৰাজ্য চৰকাৰে৷ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজিৰ এই দিনটো অতিশয় আনন্দ আৰু পৱিত্ৰ দিন বুলি অভিহিত কৰি কয় যে আৰ্থিক অৱস্থাৰ দিশৰ পৰা দুই ধৰণৰ যুৱক-যুৱতীয়ে ইয়াত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে৷ স্বাস্থ্য বিভাগৰ মূল চালিকা শক্তি হৈছে মানৱ সম্পদ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত আজি ১১৩৬ গৰাকী ষ্টাফ নাৰ্চে নিযুক্তিপত্ৰ লাভ কৰাৰ ফলত ৰাজ্যৰ স্বাস্থ্যসেৱা খণ্ডই এক বিশেষ গতি লাভ কৰাৰ লগতে দুৰ্ভগীয়া ৰোগীসকলৰ বাবে আনন্দৰ বাতৰি কঢ়িয়াই আনিব৷ স্বাস্থ্যসেৱা খণ্ডত এদিনতে এনে বৃহৎ সংখ্যক ষ্টাফ নাৰ্চৰ নিযুক্তিয়ে স্বাস্থ্যসেৱা প্ৰদানৰ দিশত উল্লেখনীয় অৰিহণা আগবঢ়াব৷ ১ লাখ চৰকাৰী পদত নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত ৰাজ্য চৰকাৰে  ক্ৰমাগতভাৱে আগবাঢ়িছে৷ ২০০৬ চনৰ পৰা মাজতে এটা বছৰ বাদ দি তেওঁ স্বাস্থ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু মুখ্যমন্ত্ৰী হিচাপেও তেওঁ স্বাস্থ্য বিভাগটোৰ কাম-কাজত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে৷ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰম্ভ হোৱাৰ পাছত প্ৰায় ১৫ হাজাৰ ছোৱালীয়ে চাকৰি পাইছে৷ প্ৰতিগৰাকী জি এন এম চৰকাৰী, এন এইচ এম অথবা ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমত নাৰ্ছিঙৰ চাকৰি পাইছে৷  তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰিৰ বাবে নিযুক্তি পৰীক্ষা সম্পন্ন হোৱাৰ কথা দোহাৰি কিছুদিন পিছতে তৃতীয় বৰ্গৰ চৰকাৰী চাকৰিৰ বাবে আৰু এটা পৰীক্ষা অনুষ্ঠিত হ’ব বুলি তেওঁ কয়৷ স্বাস্থ্য বিভাগতো আৰু প্ৰায় ১২ হাজাৰ নিযুক্তি হ’ব বুলি তেওঁ জানিব দিয়ে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ১৯৮৮ চনৰ পৰা অসমত শান্তিৰ পৰিৱেশ বাধাগ্ৰস্ত হৈছিল৷ আলফা আৰু বড়ো বিদ্ৰোহী সকলৰ লগতে প্ৰায় প্ৰতিটো জনগোষ্ঠীৰে একাংশই সশস্ত্ৰ পন্থা গ্ৰহণ কৰিছিল৷ উগ্ৰপন্থীৰ বলি হোৱা অসম আৰক্ষীৰ প্ৰায় চাৰিশতকৈ অধিক পৰিয়ালে বিভিন্ন কাৰণত ন্যায় পোৱা নাছিল, কিন্তু অসম-মিজোৰাম সীমান্তত প্ৰাণ আহুতি দিয়া ৬ গৰাকী আৰক্ষী জোৱানৰ পৰিয়ালৰ সদস্যক বৰ্তমানৰ ৰাজ্য চৰকাৰে এসপ্তাহৰ ভিতৰত নিযুক্তি প্ৰদান কৰে৷ চৰকাৰী মেৰপেচ খুলি যোৱা কেবিনেটৰ সিদ্ধান্ত মৰ্মে ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ এনে ৪২২ টা পৰিয়ালৰ ৭২ গৰাকীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰে৷ মুখ্যমন্ত্ৰীয়ে আন সকলকো শীঘ্ৰে নিযুক্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰিবলৈ গৃহ বিভাগক নিৰ্দেশ দিয়ে৷ অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা, আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নিৰজ বৰ্মা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অৱিনাশ যোশী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মিছন সঞ্চালক ড॰ লক্ষ্মীপ্ৰিয়া প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ উচ্ছ পদস্থ বিষয়াবৰ্গ আৰু বহু গণ্য-মান্য লোক উপস্থিত থাকে৷

চাকৰি পালেই নাৰ্চসকল বদলি হয় কিয়ঃ মুখ্যমন্ত্ৰী

চাকৰি পালে ধুনীয়া ধুনীয়া ছোৱালীবোৰ হঠাৎ কিয় বেয়া হৈ যায়? চেলফি তুলিবলৈ বিচৰা ধুনীয়া মুখখন কিয় খঙাল হৈ পৰে? এই প্ৰশ্ন মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ শনিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ১১৩৬ গৰাকী ষ্টাফ নাৰ্চক নিযুক্তি প্ৰদান কৰি নাৰ্চসকলক উদ্দেশ্যে কৰি মুখ্যমন্ত্ৰী শৰ্মাই এই প্ৰশ্ন কৰে৷ তেওঁ কয়–২০০৬ চনৰ পৰা মাজতে এটা বছৰ বাদ দি তেওঁ স্বাস্থ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলো আৰু মুখ্যমন্ত্ৰী হিচাপেও তেওঁ স্বাস্থ্য বিভাগটোৰ কাম-কাজত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছো৷ মোৰ কাৰ্যকালত প্ৰায় বহুকেইগৰাকী ছোৱালীয়ে জি এন এম নাৰ্ছত নিযুক্তি লাভ কৰিছিল৷ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰম্ভ হোৱাৰ পাছত প্ৰায় ১৫ হাজাৰ ছোৱালীয়ে চাকৰি পাইছে৷ প্ৰতিগৰাকী জি এন এম চৰকাৰী, এন এইচ এম অথবা ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমত নাৰ্ছিঙৰ চাকৰি পাইছে৷ দেশ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় তাৰ বাবে ইংৰাজী ভাষা আৰু ব্যৱহাৰিক কম্পিউটাৰত দক্ষ কৰি তোলাৰ লক্ষ্যৰে পাঠ্যক্ৰমৰ উন্নীত কৰি জি এন এম সকলৰ চফ্‌ট স্কীল বৃদ্ধি কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে৷ ইয়াৰ দ্বাৰা ছিংগাপুৰ, জাপান আদি দেশলৈ যাতে আমাৰ দক্ষতা সম্পন্ন জি এন এম সকল যাব পাৰে৷ এনেদৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বছৰি দুই-তিনি হাজাৰ ছোৱালীৰ বাবে বিশ্বৰ বিভিন্ন দেশত সম্ভাৱনীয়তাৰ দুৱাৰ খোল খাব৷ বিগত প্ৰায় ২০০৬ চনৰ পৰাই মই স্বাস্থ্য বিভাগৰ মন্ত্ৰী হৈ আছিলোঁ৷ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছতো স্বাস্থ্য বিভাগটোৰ ওপৰতে তীক্ষ্ণ নজৰ দি আছো৷ এই দীঘলীয়া সময়ছোৱাত এটা বিষয়ত গৱেষণা কৰিও মই আজিলৈ কোনো উত্তৰ পোৱা নাই৷ ইমান ধুনীয়া ধুনীয়া ছোৱালীবোৰ চাকৰি পোৱাৰ পাছত কেনেকৈ বেয়া হৈ যায়? চাকৰি পালে তেওঁলোক ইমান বদলি হয় কিয়? মানুহে ভৰিৰ তলৰ মাটিৰ কথা পাহৰিব নালাগে৷ আমি যিখন সমাজৰ পৰা আহিছো সেইখন সমাজৰ কথা পাহৰিব নালাগে৷ মানুহৰ ব্যৱহাৰ বেয়া হ’লে আত্মা লেতেৰা হয়৷ আত্মা চিৰন্তন, আত্মাৰ লগতে ভগৱানৰ সম্পৰ্ক৷ চাবোনেৰে যেনেকৈ কাপোৰ পৰিষ্কাৰ কৰে, তেনেকৈ পৱিত্ৰ কামে আত্মাক পৰিষ্কাৰ কৰে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই নিযুক্তিপ্ৰাপ্ত ষ্টাফ নাৰ্ছ সকলক মাৰ্জিত ব্যৱহাৰ আৰু কৰ্তব্যপৰায়ণতাৰে জনসাধাৰণক সেৱা আগবঢ়াবলৈ আহ্ৱান জনায়৷