Logo
image

বাল্য বিবাহৰ ভয়ংকৰ পৰিণতিঃ এবছৰত ১৯ বছৰৰ অনুৰ্ধৰ ১ লাখৰো অধিক কিশোৰী হ'ল গৰ্ভৱতী

ডিজিটেল ডেস্কঃ বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ মাজতে পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য৷ বাল্য বিবাহৰ বাবে ভয়ংকৰ হাৰত বৃদ্ধি পাইছে গৰ্ভৱতী কিশোৰী মাতৃৰ সংখ্যা৷ এবছৰত ১৯ বছৰৰ অনুৰ্ধৰ এক লাখৰো অধিক কিশোৰী গৰ্ভৱতী হৈছে৷

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা এটা বছৰতে ১৯ বছৰৰ অনুৰ্ধৰ ১,০৪,২৬৪ গৰাকী কিশোৰী হৈছে গৰ্ভৱতী৷ ৰাজ্যৰ ভিতৰতে ধুবুৰী আৰু দক্ষিণ শালমাৰাত সৰ্বাধিক গৰ্ভৱতী কিশোৰী মাতৃৰ সংখ্যা৷ ধুবুৰী আৰু দক্ষিণ শালমাৰাত যোৱা এটা বছৰত ১৯ বছৰৰ অনুৰ্ধৰ ১৪,৪৩৮ গৰাকী কিশোৰী হৈছে গৰ্ভৱতী৷ বৰপেটাত ১৯ বছৰৰ অনুৰ্ধৰ ১১,৬৫৮ গৰাকী কিশোৰী গৰ্ভৱতী হৈছে৷ ইয়াৰ পিছতে নগাঁও আৰু হোজাইত ১২,১৮৮ গৰাকী কিশোৰী এটা বছৰতে গৰ্ভৱতী হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে ২০২২ বৰ্ষত চলোৱা সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য৷


উল্লেখ্য যে ৰাজ্যত বাল্য বিবাহৰ বাবে নৱজাতক আৰু প্ৰসূতি মাতৃৰ মৃত্যুৰ সংখ্যা উদ্বেগজনকভাবে বৃদ্ধি পোৱাত বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে চৰকাৰে৷ ৰাজ্যত বাল্য বিবাহ বন্ধ হ'বই লাগিব বুলি স্পষ্টভাবে কৈছে মুখ্যমন্ত্ৰীয়ে৷ ইতিমধ্যে বাল্য বিবাহ কৰা হাজাৰ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ৰাজ্যত বাল্য বিবাহৰ অপৰাধত এইপৰ্যন্ত ২,৪৪১ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷