Logo
image

তুৰস্ক-চিৰিয়াত আৰ্তনাদঃ শক্তিশালী ভূমিকম্পত ৬০০ৰো অধিক লোকৰ প্ৰাণহানি

ডিজিটেল ডেস্কঃ বৰভূইকঁপত বিধ্বস্ত হৈছে তুৰস্ক আৰু চিৰিয়া৷ ৰিখটাৰ স্কেলত ৭.৮ প্ৰাবল্য ভূমিকম্পৰ ফলত তুৰস্কত তাচপাতৰ দৰে বৃহৎ বৃহৎ অট্টলিকা খহি পৰাৰ লগতে ৰাজপথত বৃহৎ ফাঁট মেলিছে৷ ভূমিকম্পৰ ফলত এইপৰ্যন্ত ৬৭০জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷ স্থানীয় সময় অনুসৰি সোমবাৰে পুৱতি নিশা ৪:১৭ বজাত অনুভূত হৈছিল ভূমিকম্পৰ জোকাৰণি৷ 

স্বাস্থ্য মন্ত্ৰালয় আৰু এখন স্থানীয় চিকিৎসালয়ৰ তথ্য অনুসৰি চিৰিয়াৰ চৰকাৰ নিয়ন্ত্ৰিত অঞ্চলৰ লগতে তুৰস্কৰ সমৰ্থক গোটৰ দখলত থকা উত্তৰ অঞ্চলত ভূমিকম্পৰ ফলত কমেও ২৪৫ জন লোক নিহত হৈছে।আনহাতে তুৰস্কৰ উপ-ৰাষ্ট্ৰপতি ফুয়াট অকটেই কয় যে সোমবাৰে দেশখনৰ দক্ষিণ-পূবত ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত তুৰস্কত কমেও ২৮৪ জন লোক নিহত হয়। লগতে তেওঁ কয় যে ভূমিকম্পৰ ফলত ২,৩০০ ৰো অধিক লোক আহত হৈছে৷ বৰ্তমানে কেইবাখনো মুখ্য চহৰত উদ্ধাৰ অভিযান অব্যাহত আছে।

ইফালে তুৰস্কৰ এই বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ সাজু হৈছে ভাৰত৷ উদ্ধাৰ অভিযানৰ বাবে তুৰস্কলৈ উদ্ধাৰকাৰী দলৰ লগতে সাহায্য সামগ্ৰী প্ৰেৰণ কৰিব ভাৰতে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰি কয় যে এই বিপদৰ সৈতে মোকাবিলা কৰাত তুৰস্কক সকলো সম্ভৱ সহায় আগবঢ়াবলৈ সাজু ভাৰত। 

প্ৰধানমন্ত্ৰী মোডীয়ে টুইট কৰি কয়, "তুৰস্কত ভূমিকম্পৰ ফলত প্ৰাণ আৰু সম্পত্তি হেৰুওৱাৰ বাবে দুঃখিত। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।" লগতে ভূমিকম্পৰ ঘটনাক লৈ তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিচেপ তাইপ এৰ্দোগানক এটা টুইট টেগ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে তুৰস্কক সকলো সম্ভৱ সহায়ৰ আশ্বাস দিয়ে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত তুৰস্কৰ জনসাধাৰণৰ সৈতে আছে আৰু এই বিপদৰ সৈতে মোকাবিলা কৰিবলৈ সকলো সম্ভৱ সহায় আগবঢ়াবলৈ সাজু আছে৷