Logo
image

কাজিৰঙাত অঘটনঃ হাতীৰ পিঠিৰ পৰা পৰি আহত পৰ্যটক

ডিজিটেল ডেস্কঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অঘটন। ব্যক্তিগত হাতী চাফাৰী কৰি থাকোতে হাতীৰ পৰা সৰি পৰিল পৰ্যটক। কাজিৰঙা পৰিদৰ্শন কৰিবলৈ অহা পৰ্যটক হাতীৰ পিঠিৰ পৰা পৰি আহত হয়৷ বাগৰি বনাঞ্চলত সংঘটিত হৈছে এই ঘটনা৷ বাগৰি বনাঞ্চলত চামেলী নামৰ হাতীজনীৰে চাফাৰী কৰিব গৈছিল বহিঃৰাজ্যৰ পৰ্যটকৰ এটা দল ৷ পিছফালৰ পৰা এটা হাতীয়ে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই অঘটন৷

হঠাৎ আন এটা ব্যক্তিগত হাতীৰ সৈতে যুঁজ লগাত হাতীটোত থকা তিনিগৰাকী পৰ্যটক হাতীৰ পৰা সৰি পৰি আহত হয় ৷ আহত তিনি মহিলা পৰ্যটক হৈছে- শ্ৰীলেখা সিনহা, শিখা সিনহা, প্ৰতিমা দত্ত ৷ আহত তিনি পৰ্যটকক প্ৰথমে কহঁৰা চিকিৎসালয়ত চিকিৎসা কৰাৰ পিছত যোৰহাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷