Logo
image

তুৰস্কত মৃতকৰ সংখ্যা বাঢ়িয়েই আছেঃ ভূমিকম্পত এতিয়ালৈকে ২৩০০ ৰো অধিক লোকৰ মৃত্যু

ডিজিটেল ডেস্কঃ শতিকাৰ আটাইতকৈ শক্তিশালী ভূমিকম্পৰ ফলত মৃত্যুৰ উপত্যকাত পৰিণত হৈছে তুৰস্ক৷ সোমবাৰে পুৱতি নিশা অহা শক্তিশালী ভূমিকম্পৰ ফলত দেশখনত মৃতকৰ সংখ্যা বৃদ্ধি পাইছে৷ এইপৰ্যন্ত ২৩০০ৰো অধিক লোকৰ প্ৰাণহানি হৈছে বৰভূইকঁপত৷ ৬ হাজাৰৰো অধিক লোক আহত হৈছে৷  

৭.৮, ৭.৬ আৰু ৬.০ প্ৰাবল্যৰ একেৰাহে তিনিটা বিধ্বংসী ভূমিকম্পৰ ফলত বিধ্বস্ত হৈছে দেশখন৷ তাচপাতৰ দৰে খহিছে আট্টালিকা৷ বৃহৎ বৃহৎ ফাঁট মেলিছে ৰাজপথত৷ মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷ দেশখনৰ ৰাষ্ট্ৰপতি ৰিচেপ তাইপ এৰ্দোগানকে ৭.৮ প্ৰাবল্যৰ ভূমিকম্পক ১৯৩৯ চনৰ পিছত দেশখনৰ 'আটাইতকৈ ডাঙৰ দুৰ্যোগ' বুলি উল্লেখ কৰিছে।

তুৰস্কৰ এই বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াবলৈ সাজু হৈছে ভাৰত৷ উদ্ধাৰ অভিযানৰ বাবে তুৰস্কলৈ উদ্ধাৰকাৰী দলৰ লগতে সাহায্য সামগ্ৰী প্ৰেৰণ কৰিব ভাৰতে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰি কয় যে এই বিপদৰ সৈতে মোকাবিলা কৰাত তুৰস্কক সকলো সম্ভৱ সহায় আগবঢ়াবলৈ সাজু ভাৰত।