Logo
image

মুহুৰ্মুহু মহাপ্ৰলয়

ডিজিটেল ডেস্ক:  মুহুৰ্মুহু মহাপ্ৰলয়ত মৃতুপুৰীত পৰিণত হৈছে তাহানিৰ অটোমান সাম্ৰাজ্য আৰু আজিৰ তুৰস্ক৷ ২৪ ঘণ্টাৰ ভিতৰত তিনিটা বিধবংসী ভূমিকম্প আৰু প্ৰৱল শক্তিশালী ‘আফ্‌টাৰশ্বক’ৰ ফলত প্ৰায় নিঃশ্চিহ্ন হৈ পৰিছে তুৰস্ক আৰু ছিৰিয়াৰ কেইবাখনো চহৰ৷ ১৯৩৯ চনৰ পাছত হোৱা দেশখনৰ আটাইতকৈ প্ৰৱল ভূমিকম্পৰ ফলত তুৰস্ক আৰু ছিৰিয়াত কমেও ২৩০০ জন লোকৰ মৃত্যু হৈছে৷ আহত হৈছে ১০,০০০ৰো অধিক বাসিন্দা৷ ধবংসস্তুপত পৰিণত হোৱা বহু অট্টালিকা আৰু ঘৰৰ তলত আৱদ্ধ হৈ আছে অগণন লোক৷ তাৰে অসংখ্যই ইতিমধ্যে ইহলীলা সম্বৰণ কৰিছে আৰু অনেকেই হয়তো উদ্ধাৰৰ আশাত  মৃত্যুৰ ক্ষণ গণি আছে৷ সন্দেহাতীতভাৱে এই মুহুৰ্মুহু ভূমিকম্পৰ মহাপ্ৰলয়ৰ ফলত অঞ্চলটোত মৃত্যুৰ সংখ্যাই ৫,০০০ অতিক্ৰম কৰি যাব৷ প্ৰসংগতঃ, ১৯৩৯ চনত হোৱা প্ৰৱল ভূমিকম্পই তুৰস্কত ৩৩,০০০ হাজাৰৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিছিল৷ অতি ভূমিকম্পপ্ৰৱণ অঞ্চল তুৰস্কক বিগত ২৫ বছৰত মুঠতে ৰিখটাৰ স্কেলত    ৭ৰো অধিক কম্পনৰ ভূমিকম্পই জোকাৰি গৈছে৷ কিন্তু সোমবাৰে পুৱতি নিশা হোৱা আৰু পৰৱৰ্তী ১৫ ঘণ্টাৰ ভিতৰৰ আন দুটা প্ৰৱল ভূমিকম্প আৰু ৫০ৰো অধিক ‘আফটাৰশ্বকে’ যি ক্ষতিসাধন কৰিছে, বিগত ২৫ বছৰত হোৱা ভূমিকম্পই তুৰস্কক এনেদৰে ক্ষতি কৰিব পৰা নাছিল৷ তুৰস্কৰ দহখনকৈ চহৰ এই ভূমিকম্পই নিশ্চিহ্ন কৰি পেলাইছে৷ সোমবাৰে ভূমিভাগৰ পৰা নিচেই কম গভীৰত এই ভূমিকম্পৰ উৎপত্তি হোৱাৰ ফলত ক্ষতিৰ পৰিমাণ অভাৱনীয় হৈ পৰিছে আৰু তাৰ ফলতে মৃত্যুৰ মিছিল দেখা গৈছে৷ 

সোমবাৰে পুৱতি নিশা তুৰস্কবাসী বিছনাত থাকোতেই ৪-১৭ বজাত প্ৰথমটো প্ৰৱল ভূমিকম্পই দেশখনক খুন্দা মাৰে৷  সেই ভূমিকম্পৰ উৎপত্তিস্থল আছিল দেশখনৰ দক্ষিণৰ গাজিয়ানতেপ প্ৰদেশৰ নুৰদাগি চহৰৰ পৰা ২৬ কিলোমিটাৰ নিলগত৷ ৰিখটাৰ স্কেলত সেই ভূমিকম্পৰ কম্পনৰ আছিল ৭.৮ প্ৰাৱল্যৰ৷ ইয়াৰ ১৫ মিনিট পাছত এটা প্ৰৱল শক্তিশালী ‘আফটাৰশ্বকে’ পুনৰ একেটা অঞ্চলকে খুন্দা মাৰে৷ সেই ‘আফটাৰশ্বক’ৰ প্ৰাৱল্য আছিল ৬.৭৷ ইয়াৰ পাছৰ পৰা ইটোৰ পিছত সিটো ‘আফটাৰশ্বকে’ সমগ্ৰ অঞ্চলটো জোকাৰি থকাত অভূতপূৰ্ব আতংকৰ সৃষ্টি হয়৷ ইতিমধ্যে নুৰদাগি চহৰ আৰু সমীপৱৰ্তী অঞ্চলৰ সকলো চহৰ-গাঁৱৰ অধিকাংশ ঘৰ-দুৱাৰ তাচপাতৰ ঘৰৰ দৰে নিমিষতে ভাগি ধূলিসাৎ হৈ পৰে৷ মুহুৰ্মুহু কঁপনি অৰ্থাৎ ‘আফটাৰশ্বক’ৰ ফলত মাজৰ সেই সময়ছোৱাত উদ্ধাৰ কাৰ্য প্ৰায় অসম্ভৱ হৈ উঠে৷ যিহেতু প্ৰথমটো ভূমিকম্পৰ আঘাতৰ সময়ত দেশবাসী নিদ্ৰিত অৱস্থাত আছিল আৰু তেনে অৱস্থাতে ঘৰ-দুৱাৰ হুৰমূৰকৈ ভাগি পৰিছিল সেয়ে কোনেও ভূমিকম্পৰ পৰা ৰক্ষা পৰিবলৈ বাহিৰলৈ ওলাই যাব পৰা নাছিল৷ তেনে পৰিস্থিতিত ধবংসস্তুপৰ হেঁচাত অলেখ লোকৰ মৃত্যু হয় আৰু অগণন লোক ধবংসস্তুপৰ মাজত আৱদ্ধ হৈ পৰে৷ পুৱাৰ পৰা ভূমিকম্পই বিধবস্ত কৰা অঞ্চলত উদ্ধাৰ কাৰ্য আৰম্ভ হয় আৰু কম সময়ৰ ভিতৰতে চিকিৎসালয়সমূহ আহত-নিহত লোকেৰে উপচি পৰে৷ প্ৰৱল শীত, নেৰা-নেপেৰা বৰষুণৰ মাজত কঠিন সময় পাৰ কৰি উদ্ধাৰ কাৰ্য অব্যাহত থকাৰ সময়তে দিনৰ ১-২৪ বজাত আন এটা প্ৰৱল ভূমিকম্পই পুনৰ জোকাৰি তোলে তুৰস্ক আৰু সমীপৱৰ্তী দেশ ছিৰিয়া৷ সেই ভূমিকম্পৰ উৎপত্তিস্থল আছিল কাহৰামানমাৰাছ প্ৰদেশৰ এলবিট অঞ্চল৷ দ্বিতীয়টো ভূমিকম্পৰ কম্পনৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত ৭.৫৷ এই ভূমিকম্পই তুৰস্কৰ চুবুৰীয়া দেশ ছিৰিয়াক প্ৰৱল ক্ষতিসাধন কৰে৷ ছিৰিয়াৰ চৰকাৰী শাসিত এলেপ্পো, হামা, লাটাকিয়া, টাৰ্টছ অঞ্চলৰ উপৰি উগ্ৰপন্থী শাসিত অঞ্চলো ধবংসস্তুপত পৰিণত কৰে এই ভূমিকম্পই৷ চৰকাৰী আৰু বিপ্লৱী চৰকাৰ উভয়ে দাবী কৰা অনুসৰি ছিৰিয়াত নিহতৰ সংখ্যাই দিনৰ ভাগতে ৯০০ অতিক্ৰম কৰিছে৷ অচিৰেই সেই সংখ্যা সহস্ৰাধিক হ’ব৷ কিয়নো চৰকাৰ শাসিত অঞ্চলত উদ্ধাৰকাৰ্য চলিলেও বিপ্লৱী শাসিত ছিৰিয়াৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলত সঠিকভাৱে উদ্ধাৰকাৰ্য আৰম্ভ হোৱা নাই৷ বিপ্লৱী উগ্ৰপন্থী দলৰ ভয়ত সেই অঞ্চলত আন কোনেও প্ৰৱেশ কৰিব নোৱাৰে৷ সেই দুটা ভূমিকম্পই মৃত্যুপুৰীত পৰিণত কৰা তুৰস্ক আৰু ছিৰিয়াত প্ৰতিকুল পৰিস্থিতিত উদ্ধাৰকাৰ্য চলি থকা অৱস্থাতে সন্ধিয়া ৫ বজাত পুনৰ আন এটা প্ৰৱল ভূমিকম্পই দেশখনক জোকাৰি যায়৷ ৰিখটাৰ স্কেলত ৬ প্ৰাৱল্যৰ এই ভূমিকম্পৰ উৎপত্তিও আছিল তুৰস্কৰ দক্ষিণ-পূব অঞ্চল৷ উল্লেখ্য পুৱা ৪-১৭ বজাত হোৱা প্ৰথমটো ভূমিকম্পৰ পৰা সন্ধিয়াৰ ভূমিকম্প পৰ্যন্ত তুৰস্ক, ছিৰিয়াকে ধৰি সমগ্ৰ অঞ্চলটোক  কমেও ৫০টা শক্তিশালী ‘আফটাৰশ্বকে’ জোকাৰি আছে আৰু তাৰ ফলত এই অঞ্চলৰ সকলো দেশতে ভয়ংকৰ আতংকৰ সৃষ্টি হৈছে৷ 

বিগত শতিকাৰ তৃতীয় দশকলৈকে অটোমান সাম্ৰাজ্য হিচাপে পৰিচিত তুৰস্ক হৈছে অতিশয় ভূমিকম্পপ্ৰৱণ অঞ্চল৷ তুৰস্ক দেশখনৰ অভ্যন্তৰত পৃথিৱীৰ খোলাত আছে দুটা বিশাল ‘ফল্ট’ বা চ্যুতিৰ ওপৰত৷ ইয়াৰে এটা চ্যুতি হৈছে পূব এনাটোলিয়ান চ্যুতি আৰু আনটো হৈছে উত্তৰ এনাটোলিয়ান চ্যুতি৷ তুৰস্ক দেশখনৰ অৱস্থিতি হৈছে এনাটলিয়ান প্লেটৰ ওপৰত৷ প্ৰকৃততে এই প্লেটখন পূব এনাটোলিয়ান চ্যুতি আৰু উত্তৰ এনাটোলিয়ান চ্যুতিয়ে ফালি দুফাল কৰি থৈছে৷ উত্তৰ এনাটোলিয়ান চ্যুতিয়ে এনাটোলিয়ান প্লেট আৰু ইউৰেছিয়ান প্লেটক ফালি থৈছে আৰু পূৱ এনাটোলিয়ান চ্যুতিয়ে আৰৱীয়ান প্লেটক ভিতৰি ভিতৰি ফালি থৈছে৷ এনেদৰে দুটাকৈ বিশাল ‘ফল্ট’ অথবা চ্যুতিৰ ওপৰত তুৰস্ক দেশখন অৱস্থিত হোৱাৰ বাবে ই প্ৰৱলভাৱে ভূমিকম্পপ্ৰৱণ৷ সেয়ে বিগত ২৫ বছৰত দেশখনক ৰিখটাৰ স্কেলত ৭ৰ অধিক প্ৰাৱল্যৰ ভূমিকম্পৰ কম্পনে জোকাৰি গৈছে৷ শেহতীয়াকৈ ১৯৯৯ চনত হোৱা ৭.৬ প্ৰাৱল্যৰ এটা ভূমিকম্পই তুৰস্কত ১৭,৫০০ লোকৰ প্ৰাণ কাঢ়ি নিছিল৷ আনহাতে ২০২০ চনৰ জানুৱাৰীত হোৱা ৬.৮ প্ৰাৱল্যৰ আন এটা ভূমিকম্পই তুৰস্কৰ এলাজিগ চহৰৰ শতাধিক লোকৰ প্ৰাণ কাঢ়ি নিছিল৷ এইবাৰৰ ভূমিকম্পৰ উৎপত্তি পূব এনাটলিয়ান চ্যুতিত হোৱা বুলি প্ৰাথমিকভাৱে ধাৰণা কৰা হৈছে৷  ভূমিকম্পৰ উৎপত্তিস্থলৰ গভীৰতা ভূ-পৃষ্ঠৰ পৰা মুঠেই ১৮ কিলোমিটাৰ গভীৰত হোৱাৰ বাবে ক্ষতিৰ পৰিমাণ অভাৱনীয় হৈছে৷ তুৰস্কৰ যিটো অঞ্চলক এই মুহুৰ্মুহু ভূমিকম্পই সোমবাৰে জোকাৰি গৈছে সেই অঞ্চলত গৃহযুদ্ধত বিধবস্ত ছিৰিয়া আৰু ইৰাকৰ পৰা পলাই আহি আশ্ৰয় লোৱা লক্ষ লক্ষ লোক আছে৷ তেনে শৰণাৰ্থীৰ শিৱিৰো ভূমিকম্পই তচনচ কৰি পেলাইছে আৰু তাৰ ফলতে নিহতৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে৷ 

দেশখনত ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলত উদ্ধাৰকাৰ্য চলি আছে যদিও তাৰ গতি তেনেই ধীৰ৷ মূলতঃ প্ৰৱল শীত আৰু নেৰানেপেৰা বৰষুণৰ বাবে উদ্ধাৰকাৰ্য কঠিনৰ পৰা কঠিনতৰ হৈ পৰিছে৷ তদুপৰি বহুমহলীয়া অট্টালিকা গোটে গোটে ভাগি পৰাৰ ফলত পাহাৰসদৃশ ধবংসস্তুপৰ সৃষ্টি হৈছে৷ তাৰ মাজৰ পৰা আৱদ্ধ হৈ থকা লোকক উদ্ধাৰ কৰাটো অসম্ভৱ প্ৰায় হৈছে৷ সেয়ে দেশৰ চৰকাৰ আৰু প্ৰশাসনে চলোৱা উদ্ধাৰ কাৰ্য আশা কৰাৰ দৰে ব্যাপক হোৱা নাই৷ ইপিনে আমেৰিকা, ভাৰত, ৰাষ্ট্ৰসংঘ আৰু আনকি পোপকে ধৰি বিশ্ব সম্প্ৰদায়ে তুৰস্কৰ এই মহাপ্ৰলয়ত উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু সাহায্যৰ হাত আগবঢ়াই দিছে৷ আমেৰিকা, মধ্যপ্ৰাচ্যৰ সকলো ইছলামিক দেশ, ৰাছিয়া, ইউৰোপৰ অধিকাংশ দেশে তুৰস্ক আৰু ক্ষতিগ্ৰস্ত ছিৰিয়ালৈ ত্ৰাণ সামগ্ৰী প্ৰেৰণৰ লগতে আমেৰিকা তথা ইউৰোপৰ দেশে উদ্ধাৰ কাৰ্যৰ বাবেও দ্ৰুতভাৱে বাহিনী প্ৰেৰণ কৰিছে৷ আশা কৰা হৈছে তুৰস্কৰ প্ৰায় ধবংসস্তুপত পৰিণত হোৱা ১০খনকৈ চহৰত অতিশীঘ্ৰে তেনে উদ্ধাৰকাৰী আহি উপস্থিত হ’ব৷ ৰাষ্ট্ৰসংঘই বিভিন্ন স্থানত থকা উদ্ধাৰকাৰী বাহিনী ইতিমধ্যে দেশখনলৈ প্ৰেৰণ কৰিছে৷ তাৎপৰ্যপূৰ্ণভাৱে তুৰস্কৰ ৰাজধান আংকাৰা আৰু দেশখনৰ বৃহত্তম চহৰ ইষ্টানবুলত তেনে কোনো ক্ষতি হোৱা নাই৷  এই মুহূৰ্তত তেনে মানৱীয় সহায়ে বিপদগ্ৰস্ত দেশখনক ৰক্ষা কৰিব বুলি আশা কৰা হৈছে৷