Logo
image

আদানি সাম্ৰাজ্যত ভূমিকম্প, উভয় সংসদ পুনৰ অচল

ডিজিটেল ডেস্ক:  আদানি কাণ্ডক কেন্দ্ৰ কৰি মঙলবাৰেও উত্তাল হ’ল উভয় সদন৷ আদানি গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত অভিযোগকলৈ সদনত আলোচনাৰ দাবীত আজিও সৰৱ হয় বিৰোধী শিবিৰ৷ বিৰোধীৰ এই দাবীৰ ফলত সোমবাৰেও অচল হৈছিল লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ৷  গৌতম আদানিৰ ব্যৱসায়ীক গোষ্ঠীৰ শ্বেয়াৰক লৈ হিণ্ডেনবাৰ্গে  যি প্ৰতিবেদন ৰাজহুৱা হৈছিল, তাক লৈ সমগ্ৰ দেশত তীব্ৰ বিক্ষোভ কাৰ্যসূচী পালন কৰি আছে কংগ্ৰেছ দলে৷ কংগ্ৰেছৰ দাবী আদানিৰ বিৰুদ্ধে উত্থাপিত  অভিযোগৰ উচ্ছতম ন্যায়ালয় বা সংসদৰ যৌথ সংসদীয় কমিটীৰ তত্বাৱধানত তদন্ত হ’ব লাগে৷ এল আই চি আৰু ষ্টেট বেংক অব ইণ্ডিয়াৰ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছ দলে প্ৰতিবাদী কাৰ্যসূচীও পালন কৰিলে৷ সোমবাৰে সংসদ ভবন চৌহদত থকা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত ধৰ্ণা দিয়ে কংগ্ৰেছ দলে৷ উল্লেখ্য যে আজি তৃতীয় দিনৰ বাবেও আদানি লৈ আলোচনাৰ বাবে সদনৰ অন্য কাম-কাজ স্থগিত ৰখাৰ বাবে জাননী দিছিল বিৰোধী পক্ষই৷ কিন্তু শাসকীয় বিজেপিয়ে এই প্ৰস্তাৱ নাকচ কৰে৷ ইয়াৰ পাছতে উভয় সদনতে প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী পক্ষৰ সাংসদসকলে৷ এই সন্দৰ্ভত জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰৰ অভিযোগ কি দৰে এখনৰ পাছত এখনকৈ জাননী খাৰিজ কৰিব পাৰে? সংসদৰ কাম-কাজ বন্ধ হোৱাটো আমিও নিবিচাৰো৷ গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হোৱাটো আমিও বিচাৰো৷ আনহাতে, কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে টুইট কৰি কয়– আদানীৰ দুৰ্নীতিৰ সংসদৰ যুটীয়া কমিটীৰ দ্বাৰা তদন্ত কৰাৰ দাবী তিনিদিন ধৰি সংসদত উত্থাপন কৰিবলৈ দিয়া হোৱা নাই৷ ইয়াৰ পৰা এটা কথা স্পষ্ট যে মোদী চৰকাৰ বিষয়টোৰ পৰা পলাব বিচাৰিছে৷ কংগ্ৰেছৰ স্পষ্ট অভিযোগ সংসদত আদানীৰ নাম উচ্ছাৰণ হওক, সেইটো তেওঁৰ পৃষ্ঠপোষক নৰেন্দ্ৰ মোদীয়ে নিবিচাৰে৷ চৰকাৰী বেংক বিলাকক আদানী গোষ্ঠীক ঋণ দিবলৈ মোদী চৰকাৰে বাধ্য কৰিছিল নেকি? বা এল আই চিক আদানী গোষ্ঠীৰ শ্বেয়াৰত পুঁজি বিনিয়োগ কৰিবলৈ হেঁচা দিছিল নেকি সেইটো তদন্ত হ’ব লাগে৷ হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন প্ৰকাশৰ পিছতে ১০০ বিলিয়ন মাৰ্কিন ডলাৰতকৈ বেছি টকা শ্বেয়াৰ  বজাৰত লোকচানৰ সন্মুখীন হৈছে আদানী গোষ্ঠী৷ ইয়াৰ পিছতে আদানীৰ সাম্ৰাজ্যত সৃষ্টি হয় প্ৰৱল ভূমিকম্পৰ৷