Logo
image

যধেমধে নিৰ্মাণ, গুৱাহাটীৰ বতাহ এতিয়া বিপজ্জনক

ডিজিটেল ডেস্ক:   ক্ৰমাৎ যেন বসবাসৰ অনুপযোগী হৈ পৰিছে কংক্ৰিটৰ মহানগৰ গুৱাহাটী৷ গুৱাহাটীৰ বায়ুমণ্ডলত উদ্বেগজনক মাত্ৰাত বৃদ্ধি পাইছে প্ৰদূষণ৷ এই মুহূৰ্তত প্ৰদূষিত মহানগৰীৰ তালিকাত গুৱাহাটীয়ে চেৰ পেলালে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীকো৷ গুৱাহাটী মহানগৰীত প্ৰদূষণৰ বাবেই ভয়ংকৰ হাৰত বৃদ্ধি পাইছে জ্বৰ-কাঁহ, শ্বাস-প্ৰশ্বাস তথা চৰ্মৰোগজাতীয় বেমাৰে৷ শিশুৰ পৰা বৃদ্ধলৈ বিভিন্নজন প্ৰদূষণজনিত ৰোগত আক্ৰান্ত হোৱাত চিকিৎসকসকলকো চিন্তিত কৰি তুলিছে৷ প্ৰদূষণৰ বাবে ৰোগ বৃদ্ধি পোৱাৰ কথা উনুকীয়াই দি ইতিমধ্যে সকলোকে সতৰ্ক কৰি দিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় অধীক্ষকে৷ বিগত তিনিটা দিনত গুৱাহাটী মহানগৰীত বায়ুমণ্ডলৰ মান সূচাংক [এয়াৰ কোৱালিটী ইনডেক্স] অভাৱনীয় হাৰত অৱনমিত হৈছে৷ সোমবাৰে গুৱাহাটীৰ বায়ুৰ মান সূচাংকই ৩২০ স্পৰ্শ কৰিছে৷ যাক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ‘অতি বেয়া’ হিচাপে চিহ্নিত কৰিছে৷ বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাত  গুৱাহাটী  চহৰ এই মুহূৰ্তত শিশু আৰু বৃদ্ধ লোকৰ বাবে বিপজ্জনক হৈ পৰা বুলিও বিশেষজ্ঞসকলে সকীয়াই দিছে৷ গুৱাহাটীৰ প্ৰদূষণৰ বাবে প্ৰধানতঃ দায়ী কৰা হৈছে নগৰীয়া জীৱনধাৰণ প্ৰণালীক৷ খৰালি বৰষুণ হ্ৰাস পোৱাত ভাসমান ধূলিকণাই এতিয়া শীতৰ কুঁৱলীৰ মাজত বায়ুমণ্ডলক আৱৰি ৰখা বুলিও জানিবলৈ দিছে বিশেষজ্ঞসকলে৷ বৰষুণ হ্ৰাস পোৱাত ব্ৰহ্মপুত্ৰৰ বালিচৰ শুকাই যোৱাত বতাহত ধূলি-বালি উৰুৱাই অনাত প্ৰদূষণ বৃদ্ধি পোৱাৰ অন্যতম কাৰণ হিচাপে চিহ্নিত কৰিছে৷ দ্বিতীয়তে গুৱাহাটী মহানগৰীত অবৈজ্ঞানিক নিৰ্মাণ কাৰ্যকো প্ৰদূষণৰ কাৰণ হিচাপে ধৰা হৈছে৷ বিশেষকৈ গুৱাহাটীত নিৰ্মাণৰত ৭খন উৰণীয়া সেতু, ব্ৰহ্মপুত্ৰ পাৰ উন্নয়ন তথা বিভিন্ন বিল্ডাৰে কোনো প্ৰতিৰোধমূলক ব্যৱস্থা অবিহনে পুৰণি বিল্ডিং ভাঙি নতুন অট্টালিকা নিৰ্মাণৰ ফলতো প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে৷ এনে নিৰ্মাণস্থলীৰ পৰা বায়ুমণ্ডলত ধূলি, আইৰণৰ গুৰি তথা ভাসমান কণা বৃদ্ধি পাইছে৷ ইফালে, ৰাষ্ট্ৰীয় ঘাইপথ বহলোৱাৰ বাবে মহানগৰীৰ বৃহৎ বৃহৎ গছ কাটি সেউজ আৱৰণ ধবংস কৰা কাৰ্যকো প্ৰদূষণৰ কাৰক হিচাপে অভিহিত কৰিছে৷ অস্বাভাৱিক হাৰত মানৱসৃষ্ট প্ৰদূষণ বৃদ্ধি পোৱাত বহু লোক হাঁওফাঁওজনিত সমস্যাত আক্ৰান্ত হোৱা বুলি সদৰী কৰিছে জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই৷ গুৱাহাটী পৌৰ নিগমক বিশেষকৈ মহানগৰীৰ পথ-উপ-পথসমূহত নিয়মীয়াকৈ পানী ছটিওৱাৰ ব্যৱস্থা লোৱাৰ বাবেও পৰামৰ্শ দিছে চিকিৎসকজনে৷ ইফালে, বিশেষজ্ঞসকলে প্ৰদূষণৰ ফলত কাৰ্বন মন’ক্সাইড আৰু ছালফাৰ ডি অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পোৱাত মানুহৰ স্বাভাৱিক জীৱনতো প্ৰভাৱ পৰিছে৷ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ সন্দৰ্ভত ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ জ্যেষ্ঠ বিষয়া মনোজ শইকীয়াই কয়– ‘বৰষুণৰ পৰিমাণ যেতিয়া হ্ৰাস পায়, তেতিয়া বায়ুমণ্ডলত ধূলিকণাৰ পৰিমাণ বৃদ্ধি পায়৷ নৱেম্বৰ মাহৰ পাছতেই অসমৰ বায়ুমণ্ডল শুকান হৈ পৰে৷ কিয়নো বাৰিষা কালত ধূলিকণাসমূহ উটুৱাই নিয়ে যদিও খৰালি বৰষুণ হ্ৰাস পোৱাত ধূলিকণাসমূহ ভাসমান হৈ থাকে৷ পোহৰৰ উৎসৱ দীপাৱলীত অত্যধিক ফটকা ফুটোৱা, মাঘ বিহুৰ মেজি জ্বলোৱা, নৱবৰ্ষৰ বনভোজৰ নামত জুই জ্বলোৱাত ধোৱা, ছাঁই আদিৰ বাবে মহানগৰীত অস্বাভাৱিকভাৱে প্ৰদূষণ বৃদ্ধি পায়৷ তদুপৰি গুৱাহাটীত বিশাল বিশাল অট্টালিকা নিৰ্মাণ তথা পুৰণি অট্টালিকা ভঙাৰ ফলতো ধূলিকণাৰ পৰিমাণ বৃদ্ধি পায়৷ তদুপৰি ফ্লাই অভাৰ নিৰ্মাণ আৰু ব্ৰহ্মপুত্ৰৰ বালিচৰ শুকাই যোৱাত বতাহত ধূলি-বালি ভাঁহি অহাত গুৱাহাটীত প্ৰদূষণ বৃদ্ধি পাইছে৷ যাৰ বাবে বিগত ৪-৫ দিন গুৱাহাটীৰ বায়ুৰ মান সূচাংক বেয়া বা অতি বেয়া হিচাপে চিহ্নিত হৈছে৷ এই বিষয়টো গুৱাহাটীবাসী নাগৰিকৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে৷

বিষাক্ত পানীৰ বাবেই দীপৰ বিলত ভয়াৱহ প্ৰদূষণ

পৰিভ্ৰমী চৰাইৰ বিচৰণথলীৰ বাবে প্ৰায় ৫০ বছৰ আগতেই আন্তৰ্জাতিক ৰামচাৰ ক্ষেত্ৰত হিচাপে লাভ কৰা দীপৰ বিল আজি অস্তিত্বৰ সংকটত৷ দীপৰ বিলৰ পাৰত যুগ যুগ ধৰি বাস কৰি অহা বাসিন্দা হিচাপে আমি দীপৰ বিলক ৰক্ষা কৰিবলৈ চকৰদৌ কলিতাপাৰা ৰাইজ গয়ৰহে সদায় কাম কৰি আহিছো আৰু কাম কৰি যাম৷ কিন্তু গুৱাহাটী পৌৰ নিগমে প্ৰায় ডেৰ বছৰ পূৰ্বে পশ্চিম বৰাগাঁৱৰ বেলৰতলত হাউছফেডৰ প্ৰায় ৬০ বিঘা মাটিত  ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰা আৰু পামহী কেনেলৰে গুৱাহাটীৰ দূষিত পানীভাগ দীপৰ বিলত পেলাই বিলখনত সৃষ্টি কৰা ভয়াবহ প্ৰদূষণৰৰ বাবেই মৎসকুল, জীৱকুল, জলজ উদ্ভিদ সকলো বিলুপ্তিৰ দিশলৈ গতি কৰিছে ৷ –এই মন্তব্য দীপৰ বিলৰ সংৰক্ষণ, সংবৰ্ধন আৰু বিলখনক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰ হকে কাম কৰি অহা চকৰদৌ কলিতাপাৰা ৰাইজ গয়ৰহৰ সম্পাদক, দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক আৰু পৰিবেশ কৰ্মী প্ৰমোদ কলিতাৰ৷ দেওবাৰে সন্ধিয়া চকৰদৌ কলিতাপাৰাত সাংবাদিকৰে সৈতে হোৱা ‘পামহী কেনেলৰে পেলাই অহা দূষিত পানীয়ে দীপৰ বিলত সৃষ্টি কৰা ভয়াবহ প্ৰদূষণ বন্ধ কৰা’ বিষয়ক এক অন্তৰংগ আলাপত ভাগ লৈ এই মন্তব্য কৰে প্ৰমোদ কলিতাই৷ মহিলা সমাজসেৱী আৰু পৰিবেশ কৰ্মী অনামিকা দাস কলিতাই আঁত ধৰা আলাপত প্ৰমোদ কলিতাই কয় আমি দীপৰ বিলৰ প্ৰাকৃতিক পৰিৱেশ অক্ষুণ্ণ থকাটো বিচাৰো৷ কিন্ত পূৰ্বৰ ডাম্পিং গ্ৰাউণ্ডটো বন্ধ কৰি গুৱাহাটী পৌৰ নিগমে বেলৰতলত নতুনকৈ স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ড, পামহী কেনেলৰে অহৰহ ভাবে বৈ অহা দূষিত পানীভাগে বিলখনক অস্তিত্বৰ সংকটলৈ ঠেলি দিছে৷ যাৰ বাবে পূৰ্বৰ দৰে নহা হৈছে দেশী - বিদেশী পৰিভ্ৰমী চৰাই৷  মৰি গৈছে সকলো ধৰণৰ জলজ উদ্ভিদ৷  বিলুপ্তি হৈছে বহু থলুৱা প্ৰজাতিৰ মাছ, কাছ৷ ভয়াবহ ভাবে পানী দূষিত হোৱাৰ বাবে আগৰ দৰে দীপৰ বিলৰ পানীত নামি জলকেলি নকৰে বনৰীয়া হাতীয়ে৷ শেহতীয়াভাবে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰীয়ে দীপৰ বিলক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰ বাবে ৰাজ্য চৰকাৰে অভিলাষী আঁচনি গ্ৰহণ কৰা বুলি ঘোষণা কৰিছে৷ আমি সেই ঘোষণাক আদৰণি জনাইছোঁ আৰু ঘোষণা অনুসৰি কামখিনী যাতে শীঘ্ৰে আৰম্ভ হয় তাৰ কামনা কৰিছো ৷ আলাপত দীপৰ বিলৰ উত্তৰ দিশৰ খানামুখ মিলন সংঘৰ এজন কৰ্মকৰ্তা তথা পৰিবেশ কৰ্মী দিলীপ কলিতা [চক্ৰ], সমাজকৰ্মী উত্তম কলিতা উপস্থিত থাকে৷