Logo
image

আন্দোলন কৰা কৰ্মচাৰীক চাটাই কৰিব সাহিত্য সভাই

ডিজিটেল ডেস্ক:   নিজৰ প্ৰাপ্য দৰমহা বিচাৰি আন্দোলন কৰি অসম সাহিত্য সভাৰ শীৰ্ষ নেতৃত্বৰ আক্ৰোশৰ বলি হৈছে সভাৰ বিষয়া-কৰ্মচাৰীসকল৷ মাহ মাহ ধৰি দৰমহা আদায় নিদি সাহিত্য সভাই এতিয়া অজুহাত উলিয়াই কৰ্মচাৰীক চাটাই কৰাৰ টোঘলকী সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই প্ৰসংগতে উল্লেখ কৰা উচিত যে নাৰায়ণপুৰ অধিৱেশনৰ প্ৰতিনিধি সভাই অসম সাহিত্য সভাৰ বিষয়া-কৰ্মচাৰীসকলে বিগত সময়ত প্ৰাপ্য দৰমহাৰ দাবীত কৰা  আন্দোলনৰ কাৰ্যসূচী সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে৷ আন্দোলনৰ সময়ছোৱাত একাংশ কৰ্মচাৰীয়ে সভাৰ সভাপতি ড॰ কুলধৰ শইকীয়া, প্ৰধান সম্পাদক যাদব চন্দ্ৰ শৰ্মা, কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ৰমানন্দ বৰাকে ধৰি সভাৰ বিষয়ববীয়াসকলক অশালীন-অসংবিধানিক শব্দৰ প্ৰয়োগেৰে অপদস্থ কৰা আৰু সভাৰ কেন্দ্ৰীয় কাৰ্যালয়কে ধৰি সভাৰ অন্যান্য কাৰ্যালয়সমূহত তলা লগাই নিয়মিত কাম-কাজ বন্ধ কৰি দিয়া কাৰ্যত প্ৰতিনিধি সভাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আৰু এই কাৰ্যৰ বাবে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়৷ প্ৰথমতে ‘দোষী’ কৰ্মচাৰীসকললৈ প্ৰধান সম্পাদকে আগন্তুক ৬দিনৰ ভিতৰত কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিব৷ জাননী প্ৰেৰণ কৰাৰ সাতদিনৰ ভিতৰত সন্তোষজনক উত্তৰ নিদিলে দৰমহা কৰ্তন আৰু চাটাইকে ধৰি কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব সভাই৷ অসম সাহিত্য সভাৰ কৰ্মচাৰীৰ আচৰণবিধি আৰু অনুশাসন অধিনিয়ম সংশোধন কৰিবৰ বাবে ইতিমধ্যে অবনীমোহন চহৰীয়াক আহ৩ায়ক হিচাপে গঠন কৰি দিয়া উপ-সমিতিয়ে দাখিল কৰা প্ৰতিবেদন গ্ৰহণ কৰি তাক কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লয় প্ৰতিনিধি সভাই৷ উল্লেখ্য, সভাৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে দৰমহা নোপোৱাৰ অজুহাতত সভাৰ মূল পদৱীধাৰীসকলক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ অথচ সেই কৰ্মচাৰীসকলৰে বুজনসংখ্যকে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ আছে৷ প্ৰাপ্ত অভিযোগ মতে মাহটোৰ এটা দিনো কাৰ্যালয়লৈ নহাকৈ মাহটোৰ দৰমহা লোৱা একাংশ বিষয়া-কৰ্মচাৰীয়ে দৰমহা আদায় দিবৰ বাবে কাৰ্যালয়ত তলা লগাই দিয়ে৷ সভাৰ সচিব চন্দন শৰ্মা আৰু গুৱাহাটীৰ কাৰ্যালয়ৰ সম্পাদক মনজিত সিঙৰ স্বাস্থ্যজনিত কাৰণত অনুপস্থিতিৰ গইনা লৈ কৰ্মচাৰীসকলৰ একাংশই পুৱাতেই আহি চহী কৰি দিনটোৰ দৰমহা আদায় লোৱাৰ অভিযোগ আছে৷ সেই সকলো কথা প্ৰতিনিধি সভাই আলোচনা কৰে৷ প্ৰতিনিধি সভাই গ্ৰহণ কৰা আন এটা প্ৰস্তাৱযোগে অসম সাহিত্য সভাৰ আৰ্থিক সংকটৰ প্ৰতি লক্ষ্য ৰাখি সভাত থকা ‘অতিৰিক্ত-অলাগতিয়াল’ কৰ্মচাৰীসকলক অব্যাহতি দিয়াৰ সিদ্ধান্ত লোৱা হয়৷ এইক্ষেত্ৰত সভাৰ সভাপতি-উপসভাপতি আৰু প্ৰধান সম্পাদকক কতৃৰ্ত্ব প্ৰদান কৰে প্ৰতিনিধি সভাই৷ এই সিদ্ধান্ত গ্ৰহণৰ পাছৰে পৰা সভাৰ ভিতৰে-বাহিৰে এই লৈ ব্যাপক চৰ্চা চলিছে৷ দহটা কাৰ্যালয়ত মাত্ৰ ৪২জন বিষয়া-কৰ্মচাৰীৰ দৰমহা যোগাৰ কৰিব নোৱৰা বৃহৎ জাতীয় সংগঠন অসম সাহিত্য সভাৰ এই সিদ্ধান্ত স্বাভাৱিকতে কোনেও সহজভাৱে ল’ব পৰা নাই৷