Logo
image

মৃত্যুপুৰীত পৰিণত তুৰস্কঃ বিধ্বংসী ভূমিকম্পত এইপৰ্যন্ত প্ৰায় ৫ হাজাৰ লোকৰ প্ৰাণহানি

ডিজিটেল ডেস্কঃ মৃত্যু উপত্যকাত পৰিণত হৈছে তুৰস্ক৷ ৪৮ ঘণ্টাৰ ভিতৰত ৪টা বিধবংসী ভূমিকম্প আৰু প্ৰৱল শক্তিশালী ‘আফ্‌টাৰশ্বক’ৰ ফলত প্ৰায় নিচিহ্ন হৈ পৰিছে তুৰস্ক আৰু ছিৰিয়াৰ কেইবাখনো চহৰ৷ নিমিষতে খহি পৰিছে সু-উচ্চ অট্টালিকা৷ সোমবাৰে পুৱতি নিশা অহা শতিকাৰ আটাইতকৈ বিধ্বংসী ভূমিকম্পৰ ফলত তুৰস্ক আৰু ছিৰিয়াত বৃদ্ধি পাইছে মৃতকৰ সংখ্যা৷ ভূমিকম্পৰ ফলত তুৰস্ক আৰু ছিৰিয়াত মৃত্যু হোৱা লোকৰ সংখ্যা ৫ হাজাৰৰো অধিক হৈছে৷ 

তুৰস্কত চৌদিশে এতিয়া কেৱল ধ্বংসস্তূপ৷ দুৰ্যোগস্থলীৰ পৰা এতিয়ালৈকে প্ৰায় ১৫ হেজাৰ লোকক উদ্ধাৰ কৰা হৈছে যদিও মৃত লোকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ৬ হাজাৰ অট্টালিকা ধ্বংস হোৱাৰ লগতে তিনিটা বিমান বন্দৰ ক্ষতিগ্ৰস্ত হৈছে৷

তুৰস্কৰ এই মহাদুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াইছে ভাৰতে৷ তুৰস্কত জীৱন ৰক্ষাৰ বাবে উপস্থিত হৈছে ভাৰতৰ NDRFৰ দল৷ ইতিমধ্যে তুৰস্কৰ আদানা বিমান বন্দৰত অৱতৰণ কৰিছে ভাৰতীয় বায়ু সেনাৰ বিমানেৰে বিশেষ সাহায্য দলে৷ ভূমিকম্পৰ ধ্বংসলীলাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে তুৰস্কৰ ৰাষ্ট্ৰপতিক এই মহাদুৰ্যোগৰ সময়ত সকলো সম্ভৱ সহায়ৰ আশ্বাস দিছিল৷ তাৰ পিছতে আজি ভাৰতীয় বায়ুসেনাৰ বিমানেৰে প্ৰয়োজনীয় সমাগ্ৰীৰ লগতে তুৰস্কত জীৱন ৰক্ষাৰ বাবে ৰাওনা হ'ল উদ্ধাৰকাৰী দল৷ NDRF বাহিনীৰ লগতে চিকিৎসকৰ দলো প্ৰেৰণ কৰিছে ভাৰতে৷ তুৰস্কলৈ ভাৰতে ১০০ কৰ্মীৰ দুটা NDRFৰ দল, বিশেষভাৱে প্ৰশিক্ষিত কুকুৰ আৰু উদ্ধাৰ অভিযানৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰী প্ৰেৰণ কৰিছে৷

ইফালে এই মহাদুৰ্যোগৰ সময়ত সহায়ৰ বাবে ভাৰতক কৃতজ্ঞতা জনাইছে তুৰস্কই৷ তুৰস্কৰ ৰাষ্ট্ৰদূত ফিৰাট চুনেলে ভাৰতক ধন্যবাদ জনাই কয় যে প্ৰকৃত বন্ধু সেইজনহে, যি বিপদৰ সময়ত সহায় কৰে৷