Logo
image

প্ৰসংগঃ শ্ৰদ্ধা হত্যাকাণ্ড, পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য

ডিজিটেল ডেস্কঃ দেশ জোকাৰি যোৱা শ্ৰদ্ধা হত্যাকাণ্ডৰ আন এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ আৰক্ষীৰ তদন্তত উন্মোচিত হৈছে ন ন তথ্য৷ দিল্লী আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাত উল্লেখ কৰিছে যে আফতাব পুনাৱালাই শ্ৰদ্ধাক হত্যাৰ তিনি মাহৰ পিছত শ্ৰদ্ধাৰ কটা মুৰটো নিষ্কাশন কৰিছিল।লগতে আৰক্ষীয়ে অভিযোগনামাত উল্লেখ কৰিছে যে অভিযুক্তজনে শ্ৰদ্ধাৰ হাড়বোৰ গুৰি কৰিছিল আৰু পাউডাৰ তৈয়াৰ কৰি সেইবোৰ নিষ্কাশন কৰিছিল৷ 

উল্লেখ্য যে দিল্লীত সংঘটিত হোৱা এই হত্যাকাণ্ডক লৈ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ 'লিভ ইন' প্ৰেমৰ সম্পৰ্কৰ ভয়ংকৰ পৰিণতি আছিল শ্ৰদ্ধা হত্যাকাণ্ড৷ শ্ৰদ্ধাক হত্যা কৰি মৃত্যদেহ টুকুৰা-টুকুৰকৈ কাটি বিভিন্ন স্থানত পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছিল প্ৰেমিক আফতাব পুনাৱালাৰ বিৰুদ্ধে৷  এই ঘটনাৰ পিছত আৰক্ষীয়ে আফতাবক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে৷

আৰক্ষীৰ তদন্ত পোহৰলৈ আহিছে যে ১৮ মে’ৰ নিশা ৮–৯ বজাৰ ভিতৰত শ্ৰদ্ধাক হত্যা কৰিছিল আফতাবে। শ্ৰদ্ধাক হত্যাৰ পিছত মৃতদেহ ৩৫ টুকুৰাকৈ কাটি হাবিত পেলাই দিছিল প্ৰেমিক আফতাবে৷ শ্ৰদ্ধাৰ পিতৃয়ে শ্ৰদ্ধা নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিলৰ পিছত আৰক্ষীয়ে চলোৱা তদন্তত এই সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল৷