Logo
image

বাল্য বিবাহ প্ৰতিৰোধ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে লোৱা পদক্ষেপক সমৰ্থন অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ

ডিজিটেল ডেস্কঃ শেহতীয়া ভাৱে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্রত্যক্ষ হস্তক্ষেপত বাল্য বিবাহ প্ৰতিৰোধ কৰা আৰু পূৰ্বতে বাল্য বিবাহ সম্পন্ন হোৱা ঘটনাৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলক গ্রেপ্তাৰ কৰাৰ যি পদক্ষেপ গ্ৰহণ কৰিছে তাক অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে সমৰ্থন জনাইছে । এইক্ষেত্রত আয়োগে সংবাদ মাধ্যমক কয়-বাল্য বিবাহৰ দৰে সামাজিক ব্যাধিয়ে এনেদৰে বিবাহত বহা ল'ৰা বা ছোৱালীৰ জীৱনত বিৰূপ প্ৰভাৱ পেলায়। বাল্য বিবাহে প্রত্যক্ষভাবে শিশুৰ অধিকাৰ খৰ্ব কৰে। বাল্য বিবাহৰ ফলত তেওঁলোকৰ শিক্ষা বাধাপ্রাপ্ত হয় আৰু স্বাস্থ্য বা অন্যান্য ক্ষেত্ৰটো তেওঁলোকৰ অধিকাৰ খৰ্ব হয় । ২০০৬ চনত প্ৰণয়ন কৰা বাল্য বিবাহ প্ৰতিৰোধ আইনত স্পষ্টভাবে উল্লেখ আছে যে বাল্য বিবাহৰ লগত জড়িত প্ৰতিটো পক্ষ যেনে দৰাৰ পৰিয়াল, কইনাৰ পৰিয়াল, পুৰোহিত, কাজী, আনকি বিবাহ অনুষ্ঠানলৈ যোৱা ব্যক্তিও দোষী সাব্যস্ত হ'ব পাৰে আৰু এই আইনমতে দুবছৰ পর্যন্ত কাৰাদণ্ডৰ সন্মুখীন হ'ব পাৰে । নাবালিকা ছোৱালী এজনীৰ বিবাহ যিহেতু আইনগত ভাবে অবৈধ তেনে বিবাহৰ পিছত তেওঁৰ স্বামীৰ সৈতে শাৰিৰীক সম্পর্ক হ'লে তেনে সম্পর্কও অবৈধ আৰু তেনে স্বামী পচকো ' ( POCSO ) আইনৰ অধীনতো দোষী সাব্যস্ত হ'ব । অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে বাল্য বিবাহ প্ৰতিৰোধৰ ক্ষেত্ৰত নিজৰ আইনগত আওঁতাৰ ভিতৰত বিভিন্ন কাম যেনে- জিলা সমূহত পুনৰীক্ষণ বৈঠক , সজাগতা সভা , নিজাববীয়াকৈ গোচৰ গ্ৰহন কৰি আৰক্ষীক ব্যৱস্থা ল'বলৈ নিৰ্দেশনা দিয়াৰ দৰে পদক্ষেপ নিয়মিতভাবে গ্রহন কৰি আহিছে । সেয়েহে আয়োগে অসম চৰকাৰ বিশেষকৈ মুখ্যমন্ত্ৰী গৰাকীৰ বাল্য বিবাহৰ বিৰুদ্ধে দৃঢ় পদক্ষেপক আদৰণি জনাইছে আৰু আশা প্ৰকাশ কৰিছে যে এই পদক্ষেপ অসমৰ কন্যা সন্তানৰ ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰত এক সুদৃঢ় আধাৰ হিচাপে বিবেচিত হ'ব । এই ক্ষেত্ৰত আয়োগে সকলোকে বিতৰ্কৰ পৰা আতৰি শিশু সকলৰ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰক সম্পূর্ণ সহযোগিতা কৰিবলৈ আহ্বান জনাইছে।