Logo
image

২০ কোটি টকা দাবী! মহানগৰীৰ ব্যৱসায়ী-পুত্ৰক হাইটেক অপহৰণ

ডিজিটেল ডেস্কঃ ঠগ-প্ৰৱঞ্চনাৰ পৰা আৰম্ভ কৰি অপহৰণজনিত অপৰাধতো এতিয়া ন ন কৌশল অৱলম্বন কৰিবলৈ আৰম্ভ কৰিছে অপৰাধীয়ে৷ অপৰাধীয়ে ৰাজ্যত এতিয়া ইমানেই হাইটেক প্ৰযুক্তিৰ জৰিয়তে অপৰাধ কাৰ্য সংঘটিত কৰিছে যে বহু ক্ষেত্ৰত স্মাৰ্ট অসম আৰক্ষী সেও মানিবলগীয়া হৈছে৷ অৰ্থাৎ স্মাৰ্ট অসম আৰক্ষীতকৈ এখোজ আগত চিন্তা কৰা হাইটেক অপৰাধীৰ ঘাটিত পৰিণত হৈছে গুৱাহাটী মহানগৰ৷ গুৱাহাটীত সংঘটিত এটা হাইপ্ৰফালই অপৰহণ কাণ্ডই সৰিয়হ ফুল দেখুৱালে তথাকথিত স্মাৰ্ট অসম আৰক্ষীক৷ অপহৰণকাৰীয়ে অপহৃতৰ মুক্তিপণ হিচাপে ধন দাবী   কৰাৰ দুদিনৰ পাছতো অপহৰণকাৰীৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব নোৱাৰিলে গুৱাহাটী আৰক্ষী৷ কিয়নো অপহৰণকাৰীয়ে ইণ্টাৰনেট কলিং, অ’ আৰ কোড স্কেনাৰ আৰু বিট-কইনৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰ সহায় লোৱাত কোনো ভুকে নাপালে অসম আৰক্ষীৰ ছাইবাৰ এক্সপাৰ্টেও৷ অৱশ্যে কণাৰ ফৰ্মূটি মৰাৰ দৰে গুৱাহাটী আৰক্ষীয়ে কেইবাটাও স্থানত অভিযান চলোৱাত অৱশেষত অপহৰণকাৰীয়ে স্বইচ্ছাই অপহৃতক মুকলি কৰি দিয়ে৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলতে প্ৰথমবাৰলৈ অপহৰণকাৰীয়ে অপহূতৰ মুক্তিৰ বিনিময়ত ‘বিট কইন’ৰ দৰে ক্ৰিপ্ট'কাৰেন্সি অৰ্থাৎ ডিজিটেল মুদ্ৰা দাবী কৰা ঘটনা সংঘটিত হ’ল গুৱাহাটীৰ এই অপহৰণৰ ঘটনাটোত৷ দিল্লী, মুম্বাই, গোৱা আদি চহৰত এনে হাইটেক প্ৰযুক্তি তথা কৌশলেৰে অপহৰণ তথা ধন দাবীৰ ঘটনা সংঘটিত হোৱা দুই-এটা উদাহৰণ আছে যদিও গুৱাহাটীত প্ৰথমবাৰলৈ সংঘটিত হৈছে এনে ঘটনা৷ ভৰলুমুখৰ এজন প্ৰতিষ্ঠিত ইভেণ্ট মেনেজমেণ্ট ব্যৱসায়ীৰ পুত্ৰক অপহৰণ কৰি অপহৰণকাৰীয়ে ডিজিটেল মুদ্ৰাত মুক্তিপণ দাবী কৰাত গুৱাহাটী আৰক্ষীৰ বাবে অপহৰণকাৰীক চিনাক্ত কৰাটো অসম্ভৱ হৈ পৰে৷ গুৱাহাটীৰ মনোজ ছুৰানা নামৰ ব্যৱসায়ীজনৰ ৩০ বছৰীয়া পুত্ৰ অংকুৰ ছুৰানাক এজন বন্ধুয়ে সোণাপুৰৰ পি কে ভেলী ৰিজ’ৰ্টত পাৰ্টী কৰিবলৈ মাতি নিয়াৰ পাছতেই অপহৰণকাৰীৰ কবলত পৰে অংকুৰ৷ ৰ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ১০.৩০ বজাত নিজৰ এ এছ  ০১ বি ডব্লিউ ১৫৮০ নম্বৰৰ মাৰুতি এছ-ক্ৰ’ছ বাহনখন লৈ পাৰ্টী কৰিবলৈ মহানগৰীৰ সমীপৱৰ্তী পি কে ভেলী ৰিজ’ৰ্টলৈ ওলাই গৈছিল অংকুৰ ছুৰানা৷ কিন্তু অংকুৰ নিশা ওলাই যোৱাৰ পাছৰে পৰা ঘৰলৈ উভটি অহা নাছিল৷ অংকুৰৰ ফোন নম্বৰটো বন্ধ হৈ পৰাত চিন্তিত হৈ পৰিছিল পৰিয়ালটো৷ অংকুৰৰ বন্ধু-বান্ধৱৰ সৈতে যোগাযোগ কৰিছিল যদিও পুত্ৰৰ কোনো তথ্য লাভ কৰা নাছিল পিতৃ মনোজ ছুৰানাই৷ অৱশ্যে ইয়াৰ মাজতে ২ ফেব্ৰুৱাৰী সন্ধিয়া জ্জ.১৫ বজাত অংকুৰৰ মুম্বাইত থকা ভগ্নী উমাংগ ছুৰানালৈ আহে এটা বিশেষ ফোন কল৷ ফোন কলটোৰ সিটো মূৰৰ পৰা অংকুৰক অপহৰণ কৰা বুলি জানিবলৈ দিয়ে ভগ্নী উমাংগ ছুৰানাক৷ তদুপৰি ভ্ৰাতৃৰ মুক্তিপণ হিচাপে অপহৰণকাৰীয়ে ১০৪ টা বিট কইন আদায় দিবলৈ নিৰ্দেশ দিয়াৰ লগতে ক’ত কেনেকৈ ধন দিব লাগে সেই সন্দৰ্ভত পিছদিনা পুৱা এটা লিংক প্ৰেৰণ কৰিব বুলিও অপহৰণকাৰীয়ে জানিবলৈ দিয়ে৷ ইয়াৰ পাছতেই অপহৰণকাৰীয়ে ফোনৰ সংযোগ কৰ্তন কৰে যদিও ফোন নম্বৰটোক লৈ বিপাঙত পৰে অংকুৰৰ ভগ্নী৷ কিয়নো উক্ত ফোনটো আহিছিল ইণ্টাৰনেট কলিঙৰ জৰিয়তে৷ অৰ্থাৎ অপহৰণকাৰীয়ে পৰিচয় গোপন কৰাৰ বাবে লৈছিল হাইটেক প্ৰযুক্তিৰ সহায়৷ ইণ্টাৰনেটত ভাৰ্চুৱেল নম্বৰ বনাই ধন দাবী কৰা হৈছিল অংকুৰৰ পৰিয়ালক৷ যিটো নম্বৰৰ উৎসৰ সন্ধান উলিওৱাটো বহু কঠিন আছিল তদন্তকাৰী আৰক্ষীৰ বাবে৷ অৰ্থাৎ সাধাৰণ ছাইবাৰ এক্সপাৰ্টৰ বাবেও ইণ্টাৰনেট কলিং নম্বৰৰ সন্ধান কৰাটো অসম্ভৱ৷ ইপিনে অপহৰণকাৰীয়ে অংকুৰৰ ভগ্নীলৈ দ্বিতীয় দিনা ডিজিটেল মুদ্ৰা বিট কইন প্ৰেৰণ কৰিবলৈ ৱালেটৰ এটা অ’ আৰ স্কেনাৰ কোড প্ৰেৰণ কৰে হোৱাটছ এপত৷ আশ্চৰ্যজনক বিষয়টো হৈছে অপহৰণকাৰীয়ে দাবী কৰা ১০৪টা বিট কইনৰ ভাৰতীয় টকাৰ মূল্য হ’ব প্ৰায় ২০ কোটি টকা৷ স্বাভাৱিকতেই পুত্ৰৰ অপহৰণৰ কথা জানিব পাৰি ২ ফেব্ৰুৱাৰীৰ নিশাই ভৰলুমুখ থানাত এজাহাৰ দাখিল কৰে পিতৃ মনোজ ছুৰানাই৷ মনোজ ছুৰানাই দিয়া তথ্যৰ ভিত্তিত ভৰলু আৰক্ষী আৰু ক্ৰাইম ব্ৰান্সে সম্ভাৱ্য বিভিন্ন স্থানত অভিযান চলাই যদিও অপহৃত কোনো সন্ধান উলিয়াবলৈ সক্ষম নহয়৷ আনকি অপহৰণকাৰীৰ পৰিচয় উদঘাটন কৰাটোও মহানগৰ আৰক্ষীৰ ছাইবাৰ এক্সপাৰ্টৰ বাবে প্ৰত্যাহ্ৱান হৈ পৰে৷ অৱশ্যে গুৱাহাটী আৰক্ষী ব্যৰ্থ হ’লেও আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ মাজতে ৪ ফেব্ৰুৱাৰী কাহিলি পুৱাতে হাত-ভৰি বন্ধা অৱস্থাত আমচিং টী ইষ্টেটৰ কাষত মুকলি কৰি দিয়ে অংকুৰ ছুৰানাক৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অংকুৰক উদ্ধাৰ কৰি পৰিয়ালৰ লোকে চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে অংকুৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে অপহৰণ কাণ্ডটোত জড়িত আমচিঙৰ পি কে ইক’ ৰিজ’ৰ্টৰ মেনেজাৰ ৰূপম দাস, কেচিয়াৰ ৰাজেন কাইমল, পি কে হাৰ্ডৱেৰ কৰ্মচাৰী আজাহৰ চৌধুৰী, পি কে ইক’ ৰিজ’ৰ্টৰ পুখুৰী লিজত দিয়া ভূমিৰ গৰাকী হৰেন দাস আৰু আমচিং যোৰাবাটৰ গৌতম দাস নামৰ অভিযুক্তজনকে ধৰি মুঠ ৬ জন লোকক গ্ৰেপ্তাৰ কৰে৷ এই অপহৰণত জড়িত আন দুজন ব্যক্তি বৰ্তমান পলাতক হৈ আছে বুলি আৰক্ষীয়ে সদৰী কৰে৷ লক্ষণীয়ভাৱে পলাতক এজন অপহৰণকাৰী প্ৰবাল কলিতা বুলি আৰক্ষী নিশ্চিত হৈছে৷ প্ৰবাল কলিতা হৈছে অপহূত অংকুৰ ছুৰানাৰ বন্ধু৷ এই প্ৰবাল কলিতাই অংকুৰক পি আৰ পি ভেলী ৰিজ’ৰ্টত সুৰা আৰু সুন্দৰীৰ পাটীৰ্ৰ বাবে মাতি নিছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে৷ ইফালে অপহৰণকাণ্ডত জড়িত থকা পি কে ইক’ ৰিজ’ৰ্টৰ স্বত্ত্বাধিকাৰজনো বৰ্তমান পলাতক হৈ থকা বুলি তদন্তকাৰী আৰক্ষীয়ে সদৰী কৰিছে৷ ইফালে অংকুৰ ছুৰানাৰ অপহৰণ কাণ্ডৰ সন্দৰ্ভত মঙলবাৰে এখন সংবাদ মেল সম্বোধন কৰি গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয়– ২ ফেব্ৰুৱাৰীত নিশা মনোজ ছুৰানা নামৰ ব্যৱসায়ীজনে ভৰলু থানাত এটা অভিযোগ দিছিল৷ তেওঁৰ পুত্ৰ অংকুৰ ছুৰানাই ৰ ফেব্ৰুৱাৰীত পাৰ্টী কৰিবলৈ বুলি ঘৰৰ পৰা গাড়ী লৈ ওলাই গৈ উভটি অহা নাই আৰু তেতিয়াৰে পৰা অংকুৰৰ মোবাইল ফোনৰ ছুইটছ অফ হৈ আছে৷ মনোজ ছুৰানাৰ কন্যা মুম্বাইত থাকে৷ মুম্বাইত থকা কন্যালৈ এটা ইণ্টাৰনেট কল আহিছে আৰু অচিনাক্ত ব্যক্তিয়ে ভ্ৰাতৃ অংকুৰ ছুৰানাক তেওঁলোকে অপহৰণ কৰি ৰখা বুলি জানিবলৈ দিয়ে৷ লগতে অংকুৰৰ মুক্তিৰ বিনিময়ত ধন আদায় দিবলৈ এটা লিংক দিব বুলিও জানিবলৈ দিয়ে৷ সেই অনুসৰি অপহৰণকাৰীৰে অংকুৰৰ ভগ্নীলৈ এটা লিংক দিয়ে য’ত বিট কইনৰ জৰিয়তে ধন দিবলৈ নিৰ্দেশ দিয়ে৷ নিৰ্ধাৰিত ১০৪ টা বিটকইন দিবলৈ নিৰ্দেশ দিয়ে অপহৰণকাৰীয়ে৷ যাৰ ভাৰতীয় মুদ্ৰাৰ পৰিমাণ হ’ব ১৯ কোটি  টকাতকৈও অধিক৷ এই দাবীৰ পাছতেই আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলায়৷ আৰক্ষীৰ এই অভিযানৰ ফলশ্ৰুতিত ৪ফেব্ৰুৱাৰী কাহিলী পুৱা আমচিং চাহ বাগিচাত অপহূত  অংকুৰৰ ছুৰানাক মোকলাই দিয়ে অপহৰণকাৰীয়ে৷ তদন্তৰ সময়ত আমি লক্ষ্য কৰিছিলো যে অপহৰণ কাণ্ডটোত হাইটেক লোক জড়িত আছে৷ যিয়ে বিট কইনৰ মাধ্যমেৰে লেনদেন সম্পৰ্কে জানে আৰু মুক্তিপণ দাবী কৰি এনে এটা কল কৰিছে যিটো তাৎক্ষণিকভাৱে আৰক্ষীয়ে ট্ৰেছ কৰিবলৈ অসুবিধা৷ তদুপৰি সুন্দৰ ইংৰাজীত হোৱাটছ এপ মেছেজ দিছিল অপহৰণকাৰীয়ে৷ যথেষ্ট পঢ়া-শুনা থকাৰ ব্যক্তিয়েই যে এই অপহৰণকাণ্ডত জড়িত আছিল সেয়া আমি নিশ্চিত হৈছিলো৷ অপহূত অংকুৰক মুক্তি দিয়াৰ পাছতেই আৰক্ষীয়ে অপহৰণকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷