Logo
image

প্ৰেমৰ কোনো বয়স নাই!সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী

ডিজিটেল ডেস্কঃ বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে৷ বাল্য বিবাহৰ অপৰাধত আৰক্ষীয়ে বৰ্তমানলৈ ২,৫১০জন বে-আইনী স্বামী, আত্মীয়, পূজাৰী তথা কাজীক গ্ৰেপ্তাৰ  কৰিছে৷ আৰক্ষীৰ অভিযানৰ বাবে ইতিমধ্যে বহুতেই আত্মগোপন কৰিছে৷ গ্ৰেপ্তাৰৰ ভয়ত শ শ বে-আইনী স্বামীৰ লগতে পিতৃ-মাতৃ, শহুৰ-শাহু, কাজী, পূজাৰীৰ বিগত প্ত দিন ধৰি ঘৰত দেখা-দেখি নাই৷ ইপিনে, ধৃত অভিযুক্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত কাৰাগাৰত ৰাখিবলৈও ঠাইৰ অভাবে দেখা দিছে৷ যাৰ বাবে ডিটেনশ্বন কেম্পলৈ কাৰাবন্দীসকলক স্থানান্তৰ কৰাৰ লগতে বৰাকত অস্থায়ী কাৰাগাৰ নিৰ্মাণ কৰিবলগীয়া হৈছে৷ লক্ষণীয়ভাৱে বাল্য বিবাহক কেন্দ্ৰ কৰি ৰাজ্যত কেইবাটাও আত্মহত্যাজনিত ঘটনা সংঘটিত হোৱাত বিভিন্নজনে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মানৱীয়তাৰ দৃষ্টিৰে বিষয়টো চোৱাৰ বাবেও আহ৩ান জনাইছে৷ বাল্য বিবাহৰ গোচৰৰ পৰিপ্ৰেক্ষিতত শ শ পুৰুষ-মহিলাক গ্ৰেপ্তাৰ কৰাত আইনৰ লগতে মানৱীয় দিশটোকো গুৰুত্ব দিবলৈ চৰকাৰক আহ্ৱান জনাইছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড॰ পীতাম্বৰ দেৱগোস্বামীয়ে৷ ল’ৰা-ছোৱালীয়ে প্ৰেম কৰাৰ সময়ত কোনো বয়সৰ কথা চিন্তা নকৰে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে সত্ৰাধিকাৰজনে৷ ডিব্ৰুগড় জিলাৰ খোৱাঙৰ ভৰালীবাৰী নামঘৰৰ এটা অনুষ্ঠানত অংশ লৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বাল্য বিবাহ অভিযানৰ সন্দৰ্ভত সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে কয়– ‘আমাক আইন লাগিবই৷ আইনৰ যোগেদিহে সমাজখন সুৰক্ষিত হ’ব৷ কিন্তু তাৰ মাজতে মানৱতাৰ দিশটোও চাব লাগে৷ সকলো লোকে আইনৰ কথা বুজি নাপায়৷ তেওঁলোকে কোনো এটা কাম কৰোঁতে আইন মতে কৰিব লাগেনে নাই তাকো নাজানে৷ আইনৰ মাজেৰেও কেনেদৰে মানৱীয় দৃষ্টিভংগী বজাই ৰাখিব পাৰি এই বিষয়তো দুয়োপক্ষই চিন্তা কৰাটো উচিত৷ ল’ৰা-ছোৱালীয়ে কেতিয়াবা প্ৰেমত পৰি বিবাহপাশত আৱদ্ধ হয়৷ তেওঁলোকেতো সেই সময়ত বয়সৰ কথাটো নাচায়৷ কেতিয়াবা এইক্ষেত্ৰত ঘৰখনো জড়িত হৈ থাকে৷ কোনো লোকে কেতিয়াবা টকা পইচাৰ কাৰণেও এনে কাম কৰে৷ ইয়াৰ কাৰণে কেৱল ল’ৰা-ছোৱালীক দোষ দিলেই নহ’ব৷ আমাৰ আগৰ সমাজ ব্যৱস্থাত বাল্যবিবাহৰ পৰম্পৰা আছিল৷ কিন্তু এতিয়া পৰিৱেশ সলনি হৈছে, বাল্য বিবাহক কোনো কাৰণতেই প্ৰশ্ৰয় দিব নোৱাৰি৷’