Logo
image

দিনটোতে উজনি, উত্তৰ পাৰ, গুৱাহাটী ঘূৰাৰ সুযোগ পৱনহংসৰ

ডিজিটেল ডেস্কঃ অসমবাসীৰ বাবে এটা ভাল খবৰ৷ অসমৰ আকাশী পথত এতিয়া সংযোগ হ’ব কেইবাখনো জিলা৷ দিনটোৰ ভিতৰতে গুৱাহাটীৰ পৰা উজনি অসম তথা মধ্য অসম ভ্ৰমণ কৰি ঘূৰি অহাৰ সুযোগ লাভ কৰিব ৰাজ্যবাসীয়ে৷ কিয়নো অসমৰ আকাশত বিমান পৰিবহণ সংস্থা পৱনহংসই হেলিকপ্টাৰ সেৱা আৰম্ভ কৰিব৷ কেন্দ্ৰীয় চৰকাৰৰ আৰ চি এছ উড়ান আঁচনিৰ অধীনত পৱনসহংসই ৬টা আকাশী পথেৰে বুধবাৰৰ পৰা সেৱা প্ৰদান কৰিব৷ এতিয়াৰে পৰা পৱনহংস হেলিকপ্টাৰ সেৱাই গুৱাহাটী, তেজপুৰ, যোৰহাট আৰু ডিব্ৰুগড়ক সংযোগ কৰিব৷ স্বাভাৱিকতেই পৱনহংস হেলিকপ্টাৰ সেৱাই গুৱাহাটী আৰু উজনি অসমৰ মাজত যাত্ৰাৰ দূৰত্ব হ্ৰাস কৰিব৷ দেশৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি  সপ্তাহটোত তিনিটা দিন  ক্ৰমে সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে পৱনহংসই সেৱা আগবঢ়াব৷ উক্ত বাৰকেইটাত ডিব্ৰুগড়ৰ পৰা যোৰহাটলৈ পুৱা ৮.৫০বজাত, যোৰহাটৰ পৰা তেজপুৰলৈ পুৱা ৯.৫০ বজাত, তেজপুৰৰ পৰা গুৱাহাটীলৈ পুৱা ১০.৫৫ বজাত হেলিকপ্টাৰ চলাচল কৰিব৷ একেদৰে গুৱাহাটীৰ পৰা তেজপুৰলৈ দিনৰ ১২.১৫ বজাত, তেজপুৰৰ পৰা যোৰহাটলৈ দিনৰ ৰ.২০ বজাত আৰু যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ দিনৰ ২.২৫ বজাত চলাচল কৰিব৷ গুৱাহাটীৰ পৰা তেজপুৰ যাত্ৰাত সময় লাগিব ৫০ মিনিট আৰু যোৰহাটৰ পৰা তেজপুৰলৈও যাত্ৰাত সময় লাগিব ৫০ মিনিট৷ একেদৰে ডিব্ৰুগড় আৰু যোৰহাটৰ মাজত যাত্ৰাত সময় লাগিব মাত্ৰ ৪৫ মিনিট৷ উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰৰ আৰ চি এছ উড়ানে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক দূৰৱৰ্তী স্থান সমূহৰ সৈতে সংযোগ স্থাপনৰ ব্যৱস্থা কৰিছে৷ এই  আঁচনিৰ অধীনত পৱনহংসই দেশৰ মুঠ ৮৫টা আকাশী পথেৰে হেলিকপ্টাৰ সেৱা প্ৰদানৰ সিদ্ধান্ত লৈছে৷ অসমৰ উক্ত ৬টা পথৰ লগতে অচিৰে অৰুণাচল প্ৰদেশকো সামৰি ল’ব পৱনহংসই৷