Logo
image

মন্দিয়া জামে মছজিদলৈ বৰপেটা সত্ৰৰ ৫ বিঘা মাটি দান

ডিজিটেল ডেস্কঃ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ ভূমি ঐতিহ্যমণ্ডিত বৃহত্তৰ মন্দিয়া অঞ্চল৷ উল্লেখ্য যে, হিন্দু-মুছলিম দুয়ো ধৰ্মৰ সৰ্বসাধাৰণ মানুহৰ মাজত অতিকৈ জনপ্ৰিয় নমস্য ব্যক্তি প্ৰয়াত  বশিষ্ঠদেৱ শৰ্মা বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ থকা সময়ত মন্দিয়া জামে মছজিদৰ নামত বৰপেটা সত্ৰৰ ৫ বিঘা মাটি দান কৰা চুক্তি-পত্ৰ ৩১/৮/২০২২ তাৰিখে সম্পাদন কৰিছিল৷ আজি পুৱা ১০ বজাত সত্ৰৰ ভূমি মছজিদ কমিটীক হস্তান্তৰ কৰাৰ বাবে মন্দিয়া জামে মছজিদ কমিটীৰ সভাপতি আলহাজ জৈনুদ্দিন আহমেদৰ পৌৰোহিত্যত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ উক্ত ৰাজহুৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা আৰু প্ৰতিবেদন পাঠ কৰে মছজিদ কমিটীৰ সম্পাদক ৰহম আলী আহমেদে৷  বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া মানৱদৰদী, ধৰ্মপ্ৰাণ, বৰেণ্য ব্যক্তি প্ৰয়াত বশিষ্ঠদেৱ শৰ্মালৈ আজিৰ সভাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ আজিৰ সভাৰ জৰিয়তে ভূমি হস্তান্তৰৰ চুক্তি-পত্ৰ আনুষ্ঠানিকভাৱে মছজিদ কমিটীক প্ৰদান কৰাৰ বাবে বৰপেটা সত্ৰৰ সভাপতি গৌতম দাস, সম্পাদক প্ৰভাত দাস, সহকাৰী সম্পাদক ৰঞ্জিত দাস সদস্য ক্ৰমে যোগেন্দ্ৰ দাস, বলভদ্ৰ দাস, হৰমোহন দাস, সদানন্দ দাস, হিৰণ্য দাস, ৰঞ্জিত ভৰালী মজুমদাৰ, চক্ৰধৰ দাস, মন্দিয়া মহাপুৰুষীয়া সত্ৰৰ সভাপতি কবিন দাস, দিলীপ মেধি, দীপক মেধি, ধৰণীধৰ মেধি, নিপুল দাস, মন্দিয়া জামে মছজিদৰ ইমাম আবু তাহেৰ আহমেদৰ লগতে স্থানীয় শতাধিক লোক উপস্থিত থাকে৷ যি সময়ত ধৰ্মীয় অসহিষ্ণুতাই ঠায়ে-ঠায়ে বিদ্বেষভাবৰ সৃষ্টি কৰি আহিছে, তেনে সময়তে বৰপেটা সত্ৰৰ ভূমি মন্দিয়া জামে মছজিদক দান কৰা কাৰ্যই হিন্দু-মুছলমানৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ কথাই পুনৰবাৰ প্ৰতিপন্ন কৰিলে বুলি সচেতন ব্যক্তিয়ে মন্তব্য কৰিছে৷