Logo
image

অসমত পৱনহংস হেলিকপ্টাৰ সেৱা আৰম্ভ

ডিজিটেল ডেস্কঃ প্ৰতিকূল বতৰ সত্ত্বেও আজি তেজপুৰকে ধৰি ৰাজ্যৰ কেইবাঠাইতো আৰম্ভ হ’ল পৱন হংসৰ হেলিকপ্টাৰ সেৱা৷ কেন্দ্ৰীয় চৰকাৰৰ আঞ্চলিক যোগাযোগ সেৱা আঁচনি চমুকৈ আৰ চিচিৰ উৰে দেশ কী আম নাগৰিক অৰ্থাৎ উড়ানৰ অধীনত আজিৰে পৰা তেজপুৰক সংযোগ কৰি আৰম্ভ হ’ল এই সেৱা৷ আজি দিনৰ   ১.১৫ বজাত তেজপুৰ বিমানকোঠত অৱতৰণ কৰে উড়ান আঁচনিৰ অধীনত প্ৰথমখন হেলিকপ্টাৰ৷ পৱন হংস লিমিটেডৰ ১১খন আসনযুক্ত হেলিকপ্টাৰ সেৱাৰ অধীনত ৰাজ্যৰ ছয় স্থানলৈ হেলিকপ্টাৰ সপ্তাহত তিনিদিন চলিব৷ মূলতঃ ডিব্ৰুগড়ৰ পৰা চলিবলগীয়া এই সেৱা যোৰহাট, তেজপুৰ, গুৱাহাটীলৈ চলিব৷ সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে উপলব্ধ হ’ব এই সেৱা আৰু পৰৱৰ্তী সময়ত অৰুণাচল প্ৰদেশকো সামৰি ল’ব৷ প্ৰতি সোম, বুধ আৰু শুকুৰবাৰে দিনৰ ১১.৪৫ তেজপুৰৰ পৰা গুৱাহাটী, দিনৰ ১.০৫বজাত গুৱাহাটীৰ পৰা তেজপুৰলৈ আৰু তেজপুৰৰ পৰা যোৰহাটলৈ ২.১০ত এই সেৱা উপলব্ধ হ’ব৷ এই সেৱাৰ বিপৰীতে তেজপুৰৰ পৰা গুৱাহাটীলৈ ৫৯৪৫ টকা, তেজপুৰৰ পৰা ডিব্ৰুগড় ১০, ৭১৪ টকা, তেজপুৰৰ পৰা যোৰহাটলৈ ৫৬৬২ টকা টিকটৰ মূল্য ধাৰ্য কৰা বুলি তেজপুৰ বিমানকোঠৰ সঞ্চালক জ্যোতিৰ্ময় বৰুৱাই জানিবলৈ দিয়ে৷ এই হেলিকপ্টাৰ সেৱাৰ ভাড়া কিছু বেছি হোৱা বুলি উপলব্ধি কৰি পৱন হংস কতৃৰ্পক্ষক বিষয়টো সন্দৰ্ভত অৱগত কৰিব বুলি সদিৰ কৰে তেওঁ৷ এই সেৱাই ৰাজ্যৰ পৰ্যটন তথা বাণিজ্য ক্ষেত্ৰখনৰ উন্নতি সাধন হ’ব বুলিও তেওঁ আশা ব্যক্ত কৰে৷