Logo
image

বন্দনা! ৪ দিনৰ ছুটীত চৰকাৰী কৰ্মচাৰী

ডিজিটেল ডেস্কঃ  ৰাজ্যৰ মন্ত্ৰী, বিধায়ক তথা ৰাজ্যিক বিষয়া-কৰ্মচাৰীসকলে বৃহস্পতিবাৰৰ পৰা নিজৰ পিতৃ-মাতৃ, শাহু-শহুৰৰ সেৱা শুশ্ৰূষাৰ বাবে চাৰিদিনীয়া বিশেষ ছুটী লাভ কৰিব৷ ৰাজ্য চৰকাৰৰ ‘মাতৃ-পিতৃ বন্দনা’ আঁচনিৰ অধীনত ৰাজ্যৰ মন্ত্ৰী, বিধায়ক তথা ৰাজ্যিক বিষয়া-কৰ্মচাৰীসকলে এই বিশেষ ছুটী লাভ কৰিব৷ অৱশ্যে যিসকল চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ৰাজ্য চৰকাৰৰ ৱেবছাইট  matripitrivandana.assam. gov.inত গৈ এই ছুটীৰ বাবে আনুষ্ঠানিকভাৱে আবেদন কৰিছে তেওঁলোকেহে এই বিশেষ ছুটী লাভ কৰিব৷ মাতৃ-পিতৃ তথা শাহু-শহুৰৰ অৱৰ্তমানত ৰাজ্যিক কৰ্মচাৰীসকলে এই বিশেষ ছুটী লাভ নকৰিব৷ ৰাজ্য চৰকাৰে এক নিৰ্দেশনা জাৰি কৰি লগতে স্পষ্ট কৰিছে যে আৰক্ষী, অগ্নিনিৰ্বাপণ, দুৰ্যোগ ব্যৱস্থাপনা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু জি-২০ সন্মিলনত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলে এই বিশেষ ছুটীৰ সুবিধা চলিত বৰ্ষত পৰ্যায়ক্ৰমে লাভ কৰিব৷ জৰুৰীকালীন বিভাগসমূহৰো এক চতুৰ্থাংশ কৰ্মচাৰীয়ে প্ৰতি মাহে নিজ বিভাগৰ অনুমতি সাপেক্ষে এই ছুটী লাভ কৰিব৷ আনহাতে, ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ পদৰ সাক্ষাৎকাৰৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰীসকলে সাক্ষাৎকাৰ প্ৰক্ৰিয়াৰ পাছতহে ছুটী লাভ কৰিব৷ ৰাজ্য চৰকাৰে আজি আৰু কাইলৈ অৰ্থাৎ ৯ আৰু ১০ ফেব্ৰুৱাৰীৰ বিশেষ ছুটীৰ লগত ১১ আৰু ১২ ফেব্ৰুৱাৰী ক্ৰমে দ্বিতীয় শনিবাৰ আৰু দেওবাৰৰ স্বাভাৱিক বন্ধক একত্ৰিত কৰি চেনেহ জৰীৰ সোণালী পৰম্পৰা শীৰ্ষক এই বিশেষ ‘মাতৃ-পিতৃ বন্দনা’ ছুটীৰ ব্যৱস্থা কৰিছে৷ লক্ষণীয় যে ৰাজ্য চৰকাৰৰ এই বিশেষ ছুটীত ৰাজ্যিক কৰ্মচাৰী সমাজৰ সকলোতকৈ বৃহৎ অংশ শিক্ষক-কৰ্মচাৰীসকলক অৱজ্ঞা কৰাৰ অভিযোগ উঠিছে৷ যিহেতু শিক্ষকসকলে দ্বিতীয় শনিবাৰৰ দিনটোত চৰকাৰী বন্ধ লাভ নকৰে গতিকে তেওঁলোকৰ ক্ষেত্ৰত ছুটীৰ ব্যৱস্থা কেনেধৰণৰ হ’ব এই সন্দৰ্ভত নিমাত হৈয়ে ৰ’ল শিক্ষা বিভাগ৷ প্ৰাথমিক শিক্ষক সন্মিলনীৰ নেতা ৰাতুল গোস্বামীয়ে ৰাজ্য চৰকাৰৰ আন বিষয়া-কৰ্মচাৰীসকলৰ দৰেই শিক্ষক-কৰ্মচাৰীসকলৰ বাবেও শনিবাৰৰ দিনটো বিশেষ ছুটীৰ ব্যৱস্থা কৰি হ’লেও ‘মাতৃ-পিতৃ বন্দনা’ বিশেষ ছুটীৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছিল৷ আন ৰাজ্যিক বিষয়াসকলৰ দৰে বৰ্তমান শিক্ষকসকলেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰ্মৰত হৈ থকাৰ প্ৰসংগ উল্লেখ কৰি গোস্বামীয়ে যুক্তি দৰ্শাইছিল যে চৰকাৰে যে শিক্ষকসকলক উপেক্ষা কৰে এয়া মাতৃ বন্দনাৰ ছুটীৰ বৈষম্যতে প্ৰমাণিত হৈছে৷ ইয়াৰ প্ৰত্যুত্তৰত আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়– শিক্ষকসকলে যিহেতু গৰমৰ বন্ধও পায় আৰু চাকৰিৰ দিনপঞ্জী বেলেগ, গতিকে তেওঁলোকে পিতৃ-মাতৃৰ সেৱাৰ বাবে যথেষ্ট সময় পায়৷ শিক্ষকসকলে কাম কৰিবলৈ কিয় বেয়া পায় বুলিও মন্ত্ৰীজনে প্ৰশ্ন কৰে৷ অৱশ্যে ইয়াৰ মাজতে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিবে এখন জাননী জাৰি কৰি সকলো চৰকাৰী বিভাগকে এই ছুটীৰ যাৱতীয় ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে৷