Logo
image

নতুন শিক্ষানীতি অনুসৰি চাৰিটা বিষয়ৰ দুখনকৈ প্ৰশ্নকাকত

ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষালৈ মাজত মাত্ৰ তিনিটা সপ্তাহহে বাকী৷ অহা ৩ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ অনুষ্ঠিত হ’ব চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা৷ ইয়াৰ পূৰ্বেই অহা ২৪, ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব প্ৰেক্টিকেল পৰীক্ষা৷ ছেবাৰ সূত্ৰই জনোৱা মতে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকতৰ পূৰ্বৰ তুলনাত ব্যাপক সালসলনি ঘটোৱা হৈছে৷    নতুন শিক্ষানীতিৰ আধাৰত তথা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক উপযুক্ত কৰাৰ বাবেই এইবাৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকতৰ সালসলনি ঘটোৱা বুলি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱেও ইতিমধ্যে ঘোষণা কৰিছে৷ ছেবাই সদৰী কৰা অনুসৰি– এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ক্ৰমে– ইংৰাজী, গণিত, বিজ্ঞান আৰু সমাজবিজ্ঞান বিষয়ত [মুঠ ৪টা] থাকিব দুখনকৈ প্ৰশ্নকাকত৷ প্ৰথমখন প্ৰশ্নকাকতত থাকিব ৫০ নম্বৰৰ ৫০টা অবজেক্টিভ প্ৰশ্ন৷ দ্বিতীয়খন প্ৰশ্নকাকটো হ’ব ৫০ নম্বৰৰ বৰ্ণনামূলক৷ প্ৰথমখন ৫০ নম্বৰৰ অবজেক্টিভ প্ৰশ্নকাকতৰ বাবে ৮ পৃষ্ঠাৰ বহী থাকিব৷ দ্বিতীয়খন ৫০ নম্বৰৰ প্ৰশ্নকাকতৰ বাবে ১৬ পৃষ্ঠাৰ বহীৰ ব্যৱস্থা থাকিব৷ অংকৰ বাহিৰে বাকী বিষয়ৰ বহীসমূহ ৰুল কৰা হ’ব৷ পৰীক্ষাসমূহ প্ৰতিদিনে অনুষ্ঠিত হ’ব ৮.৪৫ বজাত৷ প্ৰথমে ৮.৪৫ বজাত অবজেক্টিভ প্ৰশ্নকাকতৰ বহী দিয়া হ’ব৷ ইয়াৰ এঘণ্টাৰ পাছত অৰ্থাৎ ৯.৪৫ বজাত দ্বিতীয়খন প্ৰশ্নকাকতৰ বহী ছাত্ৰ-ছাত্ৰীসকলক দিয়া হ’ব৷ কিন্তু দুয়োখন প্ৰশ্নকাকতৰ বহী একেলগে জমা দিব লাগিব পৰীক্ষাৰ্থীয়ে৷ ইতিমধ্যে প্ৰতিখন বিদ্যালয়কে নতুন প্ৰশ্নকাকতৰ সন্দৰ্ভত ছেবাৰ তৰফৰ পৰা জনোৱা হৈছে বুলি সদৰী কৰি সূত্ৰটোৱে কয় যে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৪,২২,১৯৩জন প্ৰাৰ্থী অৱতীৰ্ণ হ’ব৷ মুঠ পৰীক্ষাকেন্দ্ৰ হ’ব ৯১২টা৷ পূৰ্বৰ তুলনাত পৰীক্ষাকেন্দ্ৰ ৯টা বৃদ্ধি পাব৷ আনহাতে, প্ৰেক্টিকেল পৰীক্ষাৰ বাবে পৰীক্ষাকেন্দ্ৰ থাকিব ৭৫৪টা৷