Logo
image

আকৌ বিপদঃ পুনৰ অখিল গগৈৰ বিৰুদ্ধে চলিব NIAৰ গোচৰ

ডিজিটেল ডেস্কঃ পুনৰ অখিল গগৈৰ বিৰুদ্ধে নিয়াৰ আদালতত চলিব গোচৰ৷ মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত পুনৰ অখিল বিৰুদ্ধে চলিব গোচৰ৷ 

বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় দি অখিলৰ বিৰুদ্ধে পুনৰ গোচৰ চলোৱাৰ অনুমতি প্ৰদান কৰে৷ বিধায়ক অখিল গগৈৰ লগতে তিনি সতীৰ্থ ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে নিম্ন আদালতত চলিব শুনানি প্ৰক্ৰিয়া৷ পূৰ্বতে অখিল গগৈক নিম্ন আদালতে দোষমুক্ত ঘোষণা কৰিছিল যদিও উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়া৷ নিয়াৰ আবেদনৰ সাপেক্ষে ৰায় প্ৰদান কৰি উচ্চ ন্য়ায়ালয়ে ২৩ ফেব্ৰুৱাৰীত অখিল গগৈক নিয়া আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে৷ 

উল্লেখ্য যে কা বিৰোধী আন্দোলনৰ সময়ত অখিল গগৈৰ বিৰুদ্ধে চানমাৰি আৰক্ষী থানা আৰু চাবুৱা থানাত গোচৰ ৰুজু হৈছিল৷ মাওবাদীৰে সম্পৰ্ক থকাৰ সন্দেহত গগৈৰ বিৰুদ্ধে চাবুৱা থানাত ৰুজু হৈছিল গোচৰ৷ পৰৱৰ্তী সময়ত এই গোচৰৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা(NIA)ক দিয়া হৈছিল৷ দীৰ্ঘকাল ধৰি নিয়াৰ আদালতত এই গোচৰৰ শুনানি চলিছিল৷ ২০১৯ চনৰ ডিচেম্বৰ মাহত গ্ৰেপ্তাৰ হোৱাৰ পাছত ডেৰ বছৰৰো অধিক সময় কাৰাগাৰত আছিল অখিল গগৈ৷ মাওবাদীৰে সম্পৰ্ক থকাৰ উপযুক্ত তথ্য দিব নোৱাৰাত দোষমুক্ত ঘোষণা হৈছিল অখিল গগৈ৷ নিম্ন আদালতে অখিল গগৈক দোষমুক্ত ঘোষণা কৰা ৰায়ক প্ৰত্যাহ্বান জনায় নিয়া পুনৰ উচ্চ ন্যায়ালয়ৰ দাৰস্থ হোৱাত নিয়াৰ আদালতত পুনৰ গোচৰ চলোৱাৰ অনুমতি প্ৰদান কৰে উচ্চ ন্যায়ালয়ে। ২৩ ফেব্ৰুৱাৰীৰ পৰা অখিল গগৈৰ লগতে তেওঁৰ তিনি সতীৰ্থৰ বিৰুদ্ধে নিম্ন আদালতত চলিব শুনানি প্ৰক্ৰিয়া৷ উক্ত গোচৰত জামিনৰ বাবে অখিল গগৈয়ে নতুনকৈ জামিন আবেদন কৰিব লাগিব৷ জামিন নাপালে পুনৰ জে’ললৈ যাব লগা হ’ব পাৰে অখিল গগৈ।