Logo
image

বাল্য বিবাহ খাবলৈ যোৱা প্ৰথমজন ব্যক্তিক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান৷ বাল্য বিবাহৰ অপৰাধত এজনৰ পিছত আনজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে টুইট কৰা অনুসৰি বাল্য বিবাহৰ অপৰাধত এইপৰ্যন্ত ২,৬৬৬ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷

পিছে এতিয়া বাল্য বিবাহ কৰা স্বামীয়েই নহয়, বাল্য বিবাহ খাবলৈ যোৱা লোকৰ বিৰুদ্ধেও অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে৷ বাল্য বিবাহত উপস্থিত থকা লোকৰ বিৰুদ্ধেও অভিযান আৰম্ভ কৰিব বুলি সকীয়নি দিছিল আৰক্ষীয়ে৷ ইয়াৰ পিছতে বাল্য বিবাহ খাবলৈ যোৱা প্ৰথমজন ব্যক্তিক বঙাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷

বাল্য বিবাহ খাবলৈ যোৱাৰ অপৰাধত বঙাইগাঁৱৰ ২ নং চুপাৰিগুৰীৰ জহিৰ আলী মণ্ডলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ভতিজাকৰ বাল্য বিবাহ খাবলৈ গৈ এতিয়া আৰক্ষীৰ জালত জহিৰ আলী৷