Logo
image

৬২ বছৰে লিখি আছে ডায়েৰীঃ লিমকা বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত অজয়ানন্দ বৰাৰ, লক্ষ্য গীনিজ বুক অৱ ৰেকৰ্ডছ

ডিজিটেল সংবাদ, গুৱাহাটীঃ অবিৰতভাৱে ডায়েৰী লিখি লিমকা বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিলে অজয়ানন্দ বৰাই। বিগত ৬২ বছৰ ধৰি তেওঁ নিৰবছিন্নভাৱে ডায়েৰী (দিনলিপি) লিখি আহিছে। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত মাষ্টাৰ ডায়েৰিষ্ট তথা আকাশবাণীৰ অৱসৰপ্ৰাপ্ত ঘোষক অজয়ানন্দ বৰাই কয় যে স্কুলীয়া জীৱনত সাধাৰণ টোকা বহীত পাঠ্যপুথি বিষয়ক নোটৰ লগতে দৈনন্দিন বিভিন্ন কথা লিখিছিলোঁ। কিন্তু প্রকৃত ডায়েৰী (ছপা, গুপ্ত ডায়েৰী) ১৯৬১ চনৰ পহিলা জানুৱাৰীৰ পৰা দৰং কলেজত লিখিবলৈ আৰম্ভ কৰোঁ আৰু তেতিয়াৰ পৰা সুদীৰ্ঘ ৬২ বছৰৰ অবিৰত যাত্ৰা অব্যাহত আছে। বৰ্তমানলৈ ৬২খন ডায়েৰীৰ মুঠ ২২,৬৭০ পৃষ্ঠাৰ প্ৰতিটো শাৰী অক্ষত অৱস্থাত আছে। মোৰ ডায়েৰীত লিখা বিভিন্ন বিষয়ৰ ভিতৰত সামগ্ৰীসমূহৰ মূল্য, বতৰ, দেশ-বিদেশৰ ঘটনাসমূহৰ সামান্য উল্লেখ আছে যদিও মূলতঃ ইয়াৰ উল্লেখযোগ্য দিশ হ'ল ১৯৬১ চনৰ পৰা বৰ্তমানলৈ ৬২ বছৰৰ অবিৰত যাত্রা।

লগতে তেওঁ কয় যে মোৰ ডায়েৰীত অৱশ্যে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ দিনলিপি বা চিত্রনির্মাতা ড০ ভবেন্দ্ৰ নাথ শ‍ইকীয়াৰ ডায়েৰীৰ দৰে অসমীয়া সাহিত্য-সংস্কৃতিৰ বিভিন্ন দিশৰ উল্লেখ নাথাকিলেও মোৰ দাবী হ’ল আৰম্ভণিৰে পৰা অবিৰতভাৱে ডায়েৰী লিখা। মই এতিয়া ৮০ বছৰীয়া যদিও প্ৰতিদিনে ডায়েৰী লিখি গৈ আছোঁ। ২০০৭ চনত অবিৰতভাৱে ডায়েৰী লিখা বাবে  লিমকা বুক অৱ ৰেকৰ্ডত মোৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল। ২০১০ চনত মই ডায়েৰী লিখি সোণালী জয়ন্তী পালন কৰিছোঁ। প্ৰতিজন লোকে প্ৰতিদিনৰ ঘটনাৰাজি লিপিবদ্ধ কৰি যাওঁক। এইবোৰই ভৱিষ্যতে বহু সুন্দৰ স্মৃতি ধৰি ৰখাত সহায়ক হ'ব। গীনিজ বুক ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য লৈছোঁ। সংবাদ মেলত অল ইণ্ডিয়া ৰেডিঅ'ৰ প্ৰাক্তন সঞ্চালক দীনেশ চন্দ্ৰ দাস, অল ইণ্ডিয়া ৰেডিঅ'ৰ প্ৰাক্তন কেন্দ্ৰ সঞ্চালক অৱনী ৰঞ্জন পাঠক, শিল্পী লাবু সেনাপতি, সমাজকর্মী এনাক্ষী দত্ত, অজয়ানন্দ বৰাৰ পত্নী বেলা বৰা, কন্যা মনময়ুৰী বৰা উপস্থিত থাকি অজয়ানন্দ বৰাৰ এই প্ৰচেষ্টাক শলাগে।