Logo
image

শ্বাসৰুদ্ধ মহানগৰ, দিশহাৰা প্ৰশাসনঃ ধোঁৱাকোঁৱা দেখিছে স্বয়ং মেয়ৰে, দিছপুৰ নিৰ্লিপ্ত


আমাৰ অসম, ১০ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত প্ৰদূষণে চূড়ান্ত পৰ্যায় স্পৰ্শ কৰাৰ পাছতো নিৰ্লিপ্ত দিছপুৰ৷ বুধবাৰে মহানগৰীৰ বায়ু মণ্ডলত প্ৰদূষণময় পৰিৱেশৰ ভয়াবহ ছবিখনৰ আতংক এতিয়াও যেন মাৰ যোৱা নাই৷ ক্ৰমবৰ্ধমান প্ৰদূষণৰ বাবে ধূলি আৰু কুঁৱলীয়ে ধূসৰ আৱৰণৰ সৃষ্টি কৰাত এক প্ৰকাৰ যেন শ্বাসৰুদ্ধ হৈ পৰিছে মহানগৰীৰ জনজীৱন৷ গুৱাহাটীৰ এই প্ৰদূষণৰ বাবে নাগৰিকে এই মুহূৰ্তত ঘৰৰ বাহিৰলৈ ওলাবলৈ এশবাৰ চিন্তা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ আনকি এই প্ৰদূষণক লৈ মহানগৰ প্ৰশাসন দিশহাৰা তথা অসহায় হৈ পৰাও দেখা গৈছে৷ কিয়নো গুৱাহাটীৰ বায়ুৰ মান সূচাংক অৰ্থাৎ এয়াৰ কোৱালিটী ইনডেক্স ৩০০ৰ ঘৰ অতিক্ৰম কৰাত চিকিৎসক বিশেষজ্ঞৰ লগতে পৰিৱেশবিদসকলো শংকিত হৈ পৰিছে৷ ইতিমধ্যে জি এম চি এইচৰ বিশেষজ্ঞ  চিকিৎসকসকলে গুৱাহাটীৰ অস্বাভাৱিক প্ৰদূষণৰ পৰিণতিত শিশু তথা বৃদ্ধসকল হাওঁফাওঁ, এলাৰ্জী, জ্বৰ, কাহ, চৰ্ম ৰোগকে ধৰি কেনেধৰণৰ ৰোগত আক্ৰান্ত হৈছে৷ তাৰ সবিশেষ উল্লেখ কৰি নাগৰিকক সতৰ্কও কৰি দিছে৷ গুৱাহাটীত চৰকাৰী-বেচৰকাৰী অবাধ নিৰ্মাণ কাৰ্যৰ পৰা উৎপন্ন হোৱা ধূলি, বৰষুণৰ অভাৱত ব্ৰহ্মপুত্ৰৰ পৰা উৰি অহা বালি-ধূলি, যান-বাহন, কল-কাৰখানাৰ পৰা নিৰ্গমণ হোৱা অত্যাধিক কাৰ্বন আৰু জুই ধোঁৱাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত ৩০০০ জোপা গছ কাটি সেউজ আৱৰণ ধবংস কৰাৰ পৰিণতিতে ক্ৰমাৎ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিছে৷ 

ইফালে বৰষুণ হ্ৰাস পোৱাত বায়ুমণ্ডলত ধূলি আৰু ভাসমান কণাই কুঁৱলীৰ সৈতে ডাঠ চামনিৰ সৃষ্টি কৰাত মানৱ শৰীৰৰ বাবে এতিয়া গুৱাহাটীৰ বায়ুমণ্ডল অতি বিপজ্জনক হৈ পৰিছে৷ যাৰ বাবে সচেতন লোকসকলে কণ কণ শিক্ষাৰ্থীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষানুষ্ঠান বন্ধ ৰখাৰ লগতে সকলো ধৰণৰ নিৰ্মাণ কাৰ্য সাময়িকভাৱে বন্ধ ৰাখি মহানগৰীৰ পথ-উপপথসমূহত পানী ছটিওৱাৰ ব্যৱস্থা কৰিবলৈও প্ৰশাসনক আহ৩ান জনাইছে৷ কিন্তু নাগৰিকৰ এই মুকলি আহ৩ানৰ পাছতো প্ৰদূষণৰ ভয়াবহতাক যেন উপলব্ধি কৰিব পৰা নাই  প্ৰশাসন তথা চৰকাৰৰ বৰমূৰীয়াসকলে৷ অৱশ্যে ৰাইজৰ প্ৰবল দাবীৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰে মহানগৰীৰ নিৰ্মাণ প্ৰকল্পসমূহ আৱৰণেৰে ঢাকি ৰাখি কাম চলাবলৈ নিৰ্দেশ দিয়াৰ লগতে জি এম চিৰ এখন টেংকাৰৰ জৰিয়তে মহানগৰীৰ দুই-এটা পথত নামমাত্ৰ পানী ছটিওৱাও দেখা যায়৷ কিন্তু কংক্ৰিটৰ জনবহুল মহানগৰীখনৰ দুই-এটা পথত এখন মিনি টেংকাৰে পানী ছটিওতাত এপাচি শাকত এটা জালুক বুলিহে বিভিন্নজনে এতিয়া সমালাচনা কৰিছে৷ অৱশ্যে পৌৰ নিগমে মহানগৰীৰ বাট-পথত পানী ছটিওৱাৰ ক্ষেত্ৰত অগ্নি নিৰ্বাপণ বাহিনীৰ সহায় ল’বৰ বাবে  জিলা প্ৰশাসনক অনুৰোধ জনাইছে৷ কিন্তু দিছপুৰৰ এনে নিৰ্লিপ্ততাৰ মাজতে নাগৰিকে নিজৰ সুৰক্ষা নিজেই নিশ্চিত কৰি মাস্ক পিন্ধি ভয়-শংকাৰ মাজতে দৈনন্দিন কামত ব্যস্ত হৈ পৰিছে৷