Logo
image

আলফাৰে চৰকাৰৰ আলোচনাৰ প্ৰায় যতি পৰিল

আমাৰ অসম, ১০ ফেব্ৰুৱাৰীঃ বিদ্ৰোহী সংগঠন আলফা (স্বাধীন) আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত চলা প্ৰস্তাৱিত শান্তি আলোচনা প্ৰক্ৰিয়া যতি পৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে৷ অসম আৰক্ষীয়ে অসম-অৰুণাচল সীমান্তৰ লিডুত বুধবাৰে নিশা অভিযান চলাই আলফা (স্বা)ৰ দুৰ্ধৰ্ষ নেতা উদয় অসমক হত্যা কৰাৰ পাছতেই আলফা-চৰকাৰৰ প্ৰস্তাৱিত শান্তি আলোচনা প্ৰক্ৰিয়া স্তব্ধ হৈ পৰাটোকে যেন প্ৰতীয়মান কৰিলে৷ দুদিন আগলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাৰ্বভৌমত্ব চৰ্ত পৰিহাৰ কৰি আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক শান্তি আলোচনাত অংশ লোৱাৰ বাবে মুকলি আহ্বান জনাইছিল৷ আনকি মুখ্যমন্ত্ৰীয়ে অসমৰ বুদ্ধিজীৱীসমাজক শান্তি আলোচনাৰ বাবে পৰেশ বৰুৱাক সৈমান কৰোৱাৰ বাবে আগবাঢ়ি আহিবলৈও আহ্বান জনাইছিল৷ 

ইফালে পৰেশ বৰুৱাইও সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিজৰ ভাতৃ বুলি অভিহিত কৰি শান্তি আলোচনাৰ বাবে আলফাৰ চৰ্তক কেন্দ্ৰীয় চৰকাৰৰ ওচৰত সজোৰে উপস্থাপন কৰিবলৈ আহ্বান জনাইছিল৷ তদুপৰি পৰেশ বৰুৱাই নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ উদাহৰণ দি বহিঃৰাষ্ট্ৰত হ’লেও ভাৰত চৰকাৰে শান্তি আলোচনা প্ৰক্ৰিয়া আগবঢ়াব পাৰে বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আশ্বস্ত কৰাৰ চেষ্টা কৰিছিল৷ পৰেশ বৰুৱা আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত যথেষ্ট সু-সম্পৰ্ক গঢ়ি উঠাত শান্তি আলোচনা প্ৰক্ৰিয়াই গতি লাভ কৰিব বুলিও অসমবাসী ৰাইজে আশা ব্যক্ত কৰিছিল যদিও এই আশাত যেন পুনৰ চেঁচা পানী পৰিল৷ ধন সংগ্ৰহৰ লক্ষ্যৰে ম্যানমাৰৰ পাহাৰৰ পৰা নামি অহা আলফাৰ  ৭-৮ জনীয়া এটা দলৰ সৈতে অসম আৰক্ষী আৰু সেনাই বুধবাৰে নিশা সংঘৰ্ষত লিপ্ত হোৱাই নহয়, সেনা আৰক্ষীৰ গুলীত এজন জ্যেষ্ঠ আলফা নেতাৰ মৃত্যুও হয়৷ এটা সময়ত শান্তি আলোচনাৰ স্বাৰ্থত আলফাই এক পক্ষীয় যুদ্ধ বিৰতি ঘোষণা কৰিছিল যদিও বুধবাৰৰ আৰক্ষীৰ অভিযানে চৰকাৰ আৰু বিদ্ৰোহী সংগঠনটোৰ আলোচনা প্ৰক্ৰিয়াক  যে স্তব্ধ কৰিলে সেয়া নিশ্চিত হৈ পৰিল৷