Logo
image

বিধায়ক আৱাসত আবদ্ধ যুৱতী, বৰপেটাত আৰক্ষীৰ তদন্ত

আমাৰ অসম, ১০ ফেব্ৰুৱাৰীঃ দিছপুৰৰ বিধায়ক আৱাসৰ ‘লাভ জেহাদ’ কাণ্ডৰ তদন্ত আৰম্ভ কৰিও পিছ হুঁহকিবলগীয়া হৈছে মহানগৰ আৰক্ষী৷ বৰপেটাৰ এম চি কলেজৰ জ্যোতিস্মিতা কলিতা নামৰ ছাত্ৰীগৰাকীক ৰিতুল হুছেইন নামৰ মুছলমান যুৱকজনে অপহৰণ কৰি আনি চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ দিছপুৰৰ বিধায়ক আৱাসত দুদিন বন্দী কৰি নিৰ্যাতন চলোৱাৰ অভিযোগক যেন বৰ্তমানেও কোনো গুৰুত্ব দিয়া নাই আৰক্ষীয়ে৷ বৰপেটা সদৰ থানা আৰু দিছপুৰ থানাত তিনিবাৰকৈ এজাহাৰ দিয়াৰ পাছতো কোনো গোচৰ পঞ্জীয়ন নকৰাত অৱশেষত সংবাদ মাধ্যমৰ বাতৰিৰ পৰিপ্ৰেক্ষিতত ভুক্তভোগী যুৱতীগৰাকীৰ সাক্ষ্য লোৱাৰ বাবে পলমকৈ হ’লেও বৰপেটাত উপস্থিত হয় দিছপুৰ আৰক্ষী৷ 

অভিযোগ অনুসৰি বৰপেটাৰ মন্দিয়াৰ ৰিতুল হুছেইন নামৰ যুৱকজনে জ্যোতিস্মিতা কলিতাক অপহৰণ কৰি বিধায়ক আশ্ৰাফুলৰ দিছপুৰৰ আৱাসত দুটা নিশা ৰাখি পাছত ৰে’লযোগে ডিমাপুৰলৈ নিছিল৷ প্ৰেমৰ চালনাৰে যুৱতীগৰাকীক অপহৰণ কৰা হৈছিল বুলি পিতৃয়ে বিগত বৰ্ষৰ জুলাই বৰপেটা থানাত এজাহাৰ দাখিল কৰিছিল৷ পৰৱৰ্তী সময়ত তেওঁ দিছপুৰ থানাত বিধায়ক আশ্ৰাফুল হুছেইন আৰু ৰিতুল হুছেইনৰ বিৰুদ্ধে এজাহাৰ দিয়ে৷ পিতৃৰ অভিযোগ– বৰপেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে বিষয়টো গুৰুত্ব নিদিয়াৰ বাবে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিবলৈ বাধ্য হৈছিল৷ কিন্তু বিগত নৱেম্বৰত দিছপুৰ থানাত দাখিল কৰা এজাহাৰক কেন্দ্ৰ কৰি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ পাছতেই বৃহস্পতিবাৰে নিশা ভুক্তভোগীৰ সাক্ষ্য লোৱাৰ বাবে বৰপেটাৰ ঘৰত উপস্থিত হয় দিছপুৰ আৰক্ষীৰ দল৷ অৱশ্যে ভুক্তভোগীৰ বাসগৃহত উপস্থিত হ’ল যদিও কাৰো সাক্ষাৎ নাপালে আৰক্ষীৰ দলটোৱে৷ বাসগৃহটোৰ তলা বন্ধ হৈ থকা বুলিও সংবাদ মাধ্যমক সদৰি কৰিছে আৰক্ষীয়ে৷ কিন্তু দিছপুৰ আৰক্ষীৰ তদন্তক লৈ এতিয়া প্ৰশ্ন কৰিছে বিভিন্নজনে৷ এআইইউডিএফৰ বিধায়ক হোৱাৰ বাবেই দিছপুৰ আৰক্ষীয়ে তদন্তত লেহেমীয়া কৰিছে নেকি বুলিও প্ৰশ্ন উঠিছে৷ আনহাতে, যুৱতীগৰাকীক পিতৃয়ে দিয়া এজাহাৰত ৰাতুল হুছেইন নামৰ যুৱকজনে সেই সময়ত হত্যাৰ চেষ্টা চলোৱাৰ কথা অভিযোগ কৰা হৈছে৷ কেৱল এয়াই নহয় বিধায়ক আৱাসত যুবতীগৰাকীৰ ধৰ্মান্তৰিত কৰাৰ চেষ্টা চলোৱা হোৱা বুলিও অভিযোগ কৰিছে ভুক্তভোগী যুৱতীগৰাকীৰ পিতৃয়ে৷ অৱশ্যে এই সন্দৰ্ভত বিধায়ক আশ্ৰাফুল হুছেইনে তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা অপহৰণৰ অভিযোগক নস্যাৎ কৰিছে৷