Logo
image

অপাৰেশ্যন বাল্যবিবাহ অব্যাহতঃ স্বামী-পুত্ৰ জে’লত, ঘৰলৈ পুলিচ অহা দেখি আতংকত মৃত্যু মহিলাৰ

আমাৰ অসম, ১০ ফেব্ৰুৱাৰীঃ আত্মগোপন কৰিও যেন ৰক্ষা পোৱা নাই বাল্য বিবাহৰ অভিযুক্তই৷ মাজনিশা খেদি খেদি গোপন স্থানৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজনৰ পাছত এজন বাল্য বিবাহৰ গোচৰৰ অভিযুক্তক৷ ক’ৰবাত যদি বৈ-আইনী স্বামীক গ্ৰেপ্তাৰ কৰিছে, আন ক’ৰবাত আৰক্ষীৰ গ্ৰেপ্তাৰৰ পৰা পিতৃ-মাতৃ, শহুৰ-শাহু, পূজাৰী আৰু কাজীও বাদ পৰি ৰোৱা নাই৷ এই পৰ্যন্ত অসম আৰক্ষীয়ে বাল্য বিবাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ সংখ্যা ২৭৬৩জনলৈ বৃদ্ধি পাইছে৷ লক্ষণীয়ভাৱে এইসকল ধৃত অভিযুক্তৰ ভিতৰত শতাধিক মহিলাও আছে৷ ইফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম আৰক্ষীয়ে অপাৰেশ্বন বাল্য বিবাহ অব্যাহত ৰখাত আতংকিত মহিলাৰ মৃত্যু তথা আত্মহত্যাজনিত দুৰ্ভাগ্যজনক ঘটনাৰ ধাৰাবাহিকতা অব্যাহত আছে৷ বাল্য বিবাহক কেন্দ্ৰ কৰি যোগীঘোপাৰ কাবাইটাৰীত আকস্মিক মৃত্যুক আকোৱালি ল’বলগীয়া হ’ল এগৰাকী ৯ মহীয়া অন্তঃসত্বা নাবালিকাই৷ কাবাইটাৰী কয়েৰা পাহাৰ গাঁৱৰ ৰেজিনা বেগম নামৰ ১৬ বছৰীয়া নাবালিকাগৰাকীক স্থানীয় প্ৰথম খণ্ড গাঁৱৰ শ্বাহিনুৰ আলী নামৰ যুৱকজনে প্ৰায় এবছৰ বছৰ পূৰ্বে বিয়া কৰাইছিল৷ কিন্তু স্বামীক বিচাৰি আৰক্ষীয়ে অভিযান চলোৱাত আতংকিত পৰিয়ালৰ লোকে দেওবাৰে ৯ মহীয়া অন্তঃসত্বা নাবালিকাগৰাকীক ঘৰতে প্ৰসৱ কৰোৱাত দুৰ্ভাগ্যজনকভাৱে নাবালিকাগৰাকীৰ মৃত্যু হয়৷ ইপিনে এই ঘটনাৰ পাছতেই আৰক্ষীয়ে নাবালিকাগৰাকীৰ বে-আইনী স্বামী শ্বাহিনুৰ আলীৰ লগতে পিতৃ আয়নাল হকক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে৷ ইফালে বাল্য বিবাহক কেন্দ্ৰ কৰি কামৰূপ জিলাৰ গৰৈমাৰীত এগৰাকী কিশোৰীয়ে আত্মহননৰ পথ বাছি লোৱাৰ তথ্য পোহৰলৈ আহিছে৷ দক্ষিণ কামৰূপ গৰৈমাৰীৰ চৰাইবাৰীত এই ঘটনাটো সংঘটিত হৈছে৷ বিগত ৪ ফেব্ৰুৱাৰীত চৰাইমাৰীৰ আমিৰ আলীৰ পুত্ৰই পলোৱাই নিছিল একে গাঁৱৰে আতোৱাৰ ৰহমান নামৰ লোকজনৰ নাবালিকা কন্যাক৷ কিন্তু আতোৱাৰ ৰহমানে থানাত কন্যাৰ অপহৰণৰ গোচৰ দি আৰক্ষীৰ জৰিয়তে কন্যাক ঘৰলৈ ঘূৰাই আনে যদিও আৰক্ষীয়ে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে৷ ইফালে ভাবী স্বামীক গ্ৰেপ্তাৰ কৰাত বিবাহ কৰাব নোৱাৰি মানসিকভাৱে ভাগি পৰে কিশোৰীগৰাকী৷ ফলত বৃহস্পতিবাৰে কিশোৰীগৰাকীয়ে আত্মহত্যাৰ পথ বাছি লয়৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে বাল্য বিবাহক কেন্দ্ৰ কৰি ৰাজ্যত বৰ্তমানলৈ ৬ টাকৈ দুৰ্ভাগ্যজনক মৃত্যু তথা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে৷

যোগীঘোপাত ৯ মহীয়া অন্তঃসত্ত্বা নাবালিকাৰ মৃত্যু, স্বামীসহ দুজনক গ্ৰেপ্তাৰ
বাল্যবিবাহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে যোগীঘোপাৰ কাবাইটাৰীত দেওবাৰে মৃত্যুক আঁকোৱালি ল’বলগা হয় এগৰাকী অন্তঃসত্ত্বা নাবালিকাই৷ প্ৰসৱ বেদনাত ছট্‌ফটাই থকা ১৬ বছৰীয়া বিবাহিতা নাবালিকাগৰাকীক দেওবাৰে বিয়লি অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়৷  মৃত নাবালিকাগৰাকী কাবাইটাৰী প্ৰথম খণ্ডৰ ৰেজিনা বেগম বুলি জানিব পৰা গৈছে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নাবালিকাগৰাকীৰ স্বামী চাহিনুৰ আলী আৰু পিতৃ আয়নাল হকক কালি গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷  জানিব পৰা মতে, কৰেয়া পাহাৰ গাঁৱৰ ১৬ বছৰীয়া নাবালিকাগৰাকীৰ প্ৰায় এবছৰ পূৰ্বে কাবাইটাৰী প্ৰথম খণ্ডৰ চাহিনুৰ আলীৰ সৈতে বাল্যবিবাহ সম্পন্ন হৈছিল৷ বিবাহ সূত্ৰে ১৬ বছৰ বয়সতে নাবালিকাগৰাকী গৰ্ভৱতী হয়৷ কিন্তু শেহতীয়াভাৱে বাল্যবিবাহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিৰ পাছতে আৰক্ষীয়ে ৰাজ্যজুৰি বাল্যবিবাহৰ বিৰুদ্ধে অভিযান চলায়৷ যোগীঘোপাতো আৰক্ষীয়ে বাল্যবিবাহৰ অভিযোগত মুঠ ২২জনক গ্ৰেপ্তাৰ কৰে৷ এনে পৰিস্থিতিত আৰক্ষীৰ ভয়ত ৯ মহীয়া অন্তঃসত্ত্বা নাবালিকাগৰাকীক পৰিয়ালৰ লোকে ঘৰতে সন্তান প্ৰসৱৰ চেষ্টা চলায়৷ কিন্তু নাবালিকাগৰাকীৰ অৱস্থা অতি সংকটজনক হোৱাত পৰিয়ালৰ লোকে মুমূৰ্ষুু অৱস্থাত নাবালিকাগৰাকীক চলন্তাপাৰা স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰে৷ বঙাইগাঁৱলৈ নিয়াৰ পথতে নাবালিকাগৰাকীৰ মৃত্যু হয়৷ এই ঘটনা সন্দৰ্ভত কালি বঙাইগাঁও জিলাৰ উপায়ুক্ত, মহকুমাধিপতি তথা স্বাস্থ্য বিভাগৰ দল  চলন্তাপাৰা স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ ঘটনাৰ তদন্ত কৰে৷ ইপিনে আৰক্ষীয়ে বাল্যবিবাহৰ অভিযোগত মৃত নাবালিকাগৰাকীৰ স্বামী চাহিনুৰ আলী আৰু পিতৃ আয়নাল হকক গ্ৰেপ্তাৰ কৰে৷

বাল্যবিবাহৰ তথ্য বিচাৰি স্বাস্থ্যকেন্দ্ৰত আৰক্ষীৰ দল
অসম আৰক্ষীয়ে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বিগত প্ৰায় এটা সপ্তাহ ধৰি বাল্য বিবাহৰ লগত জড়িত দৰাকে ধৰি আন লোকৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান চলাই আহিছে৷ থানাই থানাই ৰজু হৈছে এই সম্পৰ্কীয় চাৰি হাজাৰৰো অধিক গোচৰ৷ ইতিমধ্যে জে'ল হাজোতলৈ পঠোৱা হৈছে ১৮ বছৰৰ তলৰ ছোৱালীক বিয়া কৰোৱা স্বামী তথা স্বামীৰ পৰিয়ালৰ লোকক৷ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই থকাৰ সমান্তৰালভাৱে আৰক্ষীয়ে নাবালিকাক বিবাহ কৰোৱাৰ তথ্য বিচাৰি বৃহস্পতিবাৰে পশ্চিম গুৱাহাটীৰ স্বাস্থ্যকেন্দ্ৰত উপস্থিত হোৱা ঘটনাই বাল্যবিবাহৰ লগত জড়িত লোকসকলক আতংকিত কৰি তুলিছে৷ বৃহস্পতিবাৰে আজাৰা আৰক্ষীৰ এটা দল আজাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু ধাৰাপুৰ স্বাস্থ্য আৰু পৰিয়াল কেন্দ্ৰত উপস্থিত হয়৷ আৰক্ষীৰ দলটোৱে স্বাস্থ্যকেন্দ্ৰত পঞ্জীয়ন হোৱা ১৮ বছৰৰ তলত বিবাহ হোৱাৰ তথ্য সংগ্ৰহ কৰে৷ দলটোৱে ১৮ বছৰৰ তলৰ ছোৱালীক বিবাহ কৰোৱা ১৫ জনৰ তথ্য সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে৷