Logo
image

ভূপেন বৰাক চিনি নাপাই ৰূপজ্যোতি কুৰ্মীয়ে? : কুৰ্মীয়ে ক'লে, কবিতা লিখা, গান লিখিব বিচৰাজন নেকি?

ডিজিটেল ডেস্কঃ নিজৰ মন্তব্যক লৈ সততে চৰ্চাত থাকে বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মী৷ এইবাৰ বিধায়ক কুৰ্মীয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক লৈ বিশেষ মন্তব্য কৰিছে৷ ভূপেন বৰা কোন বুলি সুধিলে ৰূপজ্যোতি কুৰ্মীয়ে৷

কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে চিনি নাপাই ভূপেন বৰাক৷ ভূপেন বৰা কোন বুলি কৈ ৰূপজ্যোতি কুৰ্মীয়ে ক'লে, কংগ্ৰেছৰ অকৰ্মণ্য সভাপতিজন নেকি? কবিতা লিখা, গান লিখিব বিচৰাজন নেকি?

সংবাদিকৰ আগত ৰূপজ্যোতি কুৰ্মীয়ে কয় যে ভূপেন বৰাৰ কথা নুসুধিব৷ ভূপেন বৰাই সভাপতি হ'ব বুলি জানিব পৰাৰ দিনাই বিভিন্ন কাৰণত কংগ্ৰেছ ত্যাগ কৰিছিলোঁ৷ কংগ্ৰেছ ত্যাগৰ অন্যতম কাৰণ আছিল ভূপেন বৰা৷ ভূপেন বৰাই বিধানসভা নিৰ্বাচনত দুবাৰকৈ পৰাজয় হৈছে, সাংসদ নিৰ্বাচনতো পৰাজয় হৈছে৷ যিজনৰ জনপ্ৰিয়তা নিজৰ সমষ্টিতে নাই তেওঁক যদি অসমৰ ১২৬ টা সমষ্টি উদ্ধাৰৰ বাবে সভাপতি হয়, তেনেক্ষেত্ৰত এটা অবাস্তৱ বিষয় লৈ তেওঁক দলে সভাপতিৰ দায়িত্ব দিলে৷ ভূপেন বৰা থকালৈকে কংগ্ৰেছ শেষ৷ কংগ্ৰেছ কিতাপত পঢ়িব পৰা, মিউজিয়ামত ৰাখিব পৰা দলত পৰিণত হ'ব৷ 

লগতে সাংবাদিকৰ প্ৰশ্নত কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতা সন্দৰ্ভত কুৰ্মীয়ে কয়- "কংগ্ৰেছ-এ আই ইউ ডি এফে যি কৰে কৰি থাকক৷ সন্দেহযুক্ত নাগৰিকে ভৰি থকা এ আই ইউ ডি এফ দলটোৰ বিষয়ে মোক নুসুধিব৷ ভাৰতীয় জনতা পাৰ্টী অসমৰ ৰাইজক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ৷ অসমৰ ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি ৰক্ষাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ ভাৰতীয় জনতা পাৰ্টী৷