Logo
image

অসম আৰক্ষীত চাকৰি নাপাই আলফা(স্বাঃ)ত যোগদান কৰিছিল উত্তমেঃ 'অমৰ মৃতক' ঘোষণা আলফা(স্বাঃ)ৰ

ডিজিটেল সংবাদ, মাহমৰাৰঃ বৃহস্পতিবাৰে পুৱতি নিশা তিনিচুকীয়া জিলাৰ লিডু টিকক পাহাৰত আৰক্ষী আৰু আলফা(স্বাঃ)ৰ মাজত হোৱা সংঘৰ্ষত নিহত হোৱা আলফাৰ লেফটেনেণ্ট উদয় অসম ওৰফে উত্তম লাহনৰ নশ্বৰদেহ আজি পুৱাই চৰাইদেউৰ নিজা বাসগৃহত পায়হি ৷ তিনিচুকীয়াৰ পৰা আৰক্ষীৰ বিশাল কনভয়ৰে চৰাইদেউ জিলাৰ সোণাৰি থানাৰ অন্তৰ্গত পুৰণি জৱকা গাঁৱত পৰিয়ালৰ লোকক আলফা সদস্যজনৰ নশ্বৰ দেহ চমজাই দিয়াৰ পাছতে তেওঁৰ বাসগৃহত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। বিশেষকৈ ২০১২ চনতে ঘৰৰ পৰা কামলৈ বুলি ওলাই যোৱা ল'ৰাটোৰ নিথৰ দেহ প্ৰত্যক্ষ কৰি মাতৃ গণিতা লাহনে কান্দোনত ভাগি পৰে। 

আনহাতে উত্তম লাহনৰ নশ্বৰ দেহ তেওঁৰ বাসগৃহত আহি পোৱা পাছতেই গাঁৱৰ অজস্ৰ লোক সমবেত হয়। উল্লেখ্য যে আলফালৈ যোৱাৰ পূৰ্বে দৰিদ্ৰ পৰিয়ালৰ শিক্ষিত যুৱক উত্তম লাহনে চৰকাৰী চাকৰিৰ বাবে কেইবাবাৰো পৰীক্ষাত বহাৰ লগতে দুবাৰকৈ অসম আৰক্ষীত চাকৰিৰ বাবে সাক্ষাৎকাৰ দিছিল যদিও চাকৰি নাপাই ভাগি পৰিছিল। বিশেষকৈ পুলিচৰ চাকৰিৰ বাবে আত্মীয় তথা আত্মসহায়ক গোটৰ পৰা ঋণ লৈ দুই লক্ষাধিক টকা উৎকোচ দিও চাকৰি পোৱা নাছিল উত্তমে৷ উৎকোচ দিয়া টকা ঘূৰাই নাপাই বিমুখ হৈছিল উত্তম৷ উৎকোচৰ টকা আত্মসাৎ কৰিছিল দালালে৷ ইফালে আত্মীয়ৰ লগতে গোটৰ পৰা ঋণ লৈ উক্ত ঋণৰ টকা পৰিশোধ কৰিব নোৱাৰি লোকলজ্জাৰ পৰা ৰক্ষা পাবলৈ উপায়হীন উত্তমে ঘৰৰ পৰা কাম কৰিবলৈ যাওঁ বুলি নিষিদ্ধ ঘোষিত সংগঠন আলফাত যোগদান কৰে৷ অৱশেষত সেই অসম আৰক্ষীৰ গুলীতে চিৰদিনলৈ গুচি গ'ল উত্তম। আজি দুপৰীয়া এক শোকাকুল পৰিৱেশত অঞ্চলটোৰ কেইবাশতাধিক লোকৰ উপস্থিতিত আলফা সদস্যজনৰ শেষকৃত সম্পন্ন কৰা হয়৷

উত্তম ওৰফে উদয় অসমক 'অমৰ মৃতক' ঘোষণা কৰিছে আলফা স্বাধীনে৷ এক বিবৃতিযোগে এই কথা ঘোষণা কৰিছে আলফা স্বাধীনে৷ বিবৃতিৰ জৰিয়তে আলফা স্বাধীনে কয়- "উত্তম লাহন ওৰফে উদয় অসম সংযুক্ত মুক্তি বাহিনী অসম, সংগঠনৰ একৰাকী প্ৰকৃত দেশপ্ৰেমিক, অত্যন্ত সাহসী, নিষ্ঠাবান আৰু সদা সচেতন সেনানী আছিল৷ অসমৰ হৃত স্বাধীনতা পুনঃপ্ৰতিষ্ঠাৰ সন্মিলিত জাতীয় মুক্তি বিপ্লৱখনৰ তেজে ধোঁৱা পথত তেখেতৰ অৱদান আত্মত্যাগে নতুন প্ৰজন্মৰ সংগ্ৰামী সতীৰ্থক যুগে যুগে অনুপ্ৰাণিত কৰিব৷ তেখেতৰ এই অনবদ্য অৱদানৰ বাবে 'সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন) সংগঠনৰ তৰফৰ পৰা লেফটেনেণ্ট (মৰণোত্তৰ) উদয় অসমক 'অমৰ মৃতক' ঘোষণা কৰা হ'ল৷"