Logo
image

১৩ লাখ লোকৰ নীৰৱে ভাৰত ত্যাগ

ডিজিটেল ডেস্কঃ  বিজেপি চৰকাৰৰ প্ৰথমটো কাৰ্যকালত এদিন বলীউডৰ অভিনেতা আমিৰ খানে ৰাজহুৱাকৈ দেশ এৰি যোৱাৰ ইচ্ছা মাজে মাজে মনলৈ অহা বুলি কৈছিল৷ আনকি এই বিষয়টোক লৈ পত্নীৰ সৈতে মাজে-সময়ে আলোচনা হোৱাৰ কথাও প্ৰকাশ কৰিছিল৷ লগে লগে জকজকাই উঠিছিল দেশৰ বৃহৎ সংখ্যক হিন্দুত্ববাদী ভক্ত আৰু সংগঠন৷ তেওঁলোকে আমিৰ খানক পাকিস্তানত আশ্ৰয় ল’বলৈ বা একেবাৰে পাকিস্তানলৈ যাবলৈ পৰামৰ্শ দিছিল৷ হিন্দুত্ববাদী চৰকাৰৰ শাসনকালত সেয়া আছিল স্বাভাৱিক প্ৰতিক্ৰিয়া৷ সময়ত আমিৰ খানৰ প্ৰসংগ তল পৰিলেও সাম্প্ৰতিক চৰকাৰৰ কোনো পদক্ষেপৰ বিৰোধিতা কৰিলে এতিয়াও তেনে ব্যক্তিক     পাকিস্তানৰ নাগৰিকত্ব লোৱাৰ বাবে আহ্ৱান জনোৱাৰ ঘটনা নিচেই কম নহয়৷ এনে ঘটনাই সংবাদ মাধ্যম কিম্বা ছ’চিয়েল মিডিয়া উত্তাল কৰি ৰখাৰ সময়তে কিন্তু নৰেন্দ্ৰ মোদীৰ শাসনকালত নীৰৱে দেশ এৰি ভিন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিছে প্ৰায় ১৩ লাখ ভাৰতীয়ই৷ বিগত এটা দশকত সেই সংখ্যা ১৬ লাখৰো অধিক৷ কাৰণ যিয়েই নহওক, এই তথ্য আৰু পৰিসংখ্যা ভুল কিম্বা অতিৰঞ্জিত নহয়৷ কিয়নো কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ৰাজ্যসভাত দিয়া হিচাপ এয়া৷ স্বয়ং বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়েই স্বীকাৰ কৰিছে, বিগত বছৰটোত দেশ এৰি স্থায়ীভাৱে বিদেশত থাকিবলৈ গুচি গৈছে ২২৫৬০৩ জন ভাৰতীয়৷ নৰেন্দ্ৰ মোদীৰ শাসনকালত সেই সংখ্যা হৈছে ১২ লাখ ৮৮ হাজাৰ৷ অৰ্থাৎ প্ৰায় ১৩ লাখ ভাৰতীয়ই ২০১৪ চনৰ পৰা ২০২২ চনলৈ নীৰৱে ভাৰত ত্যাগ কৰিছে৷ ২০১১ চনৰ পৰা এক দশকত অৰ্থাৎ ২০২২ চনলৈ ভাৰত ত্যাগ কৰা ভাৰতীয়ৰ সংখ্যা ১৬,৬৩,৪০০জন৷ ইয়াৰ মাজতে কেৱল ২০২০ চনত ভাৰত ত্যাগ কৰা লোকৰ সংখ্যা কম হৈছিল৷ অন্যথা নৰেন্দ্ৰ মোদীৰ শাসনকালত সেই সংখ্যা প্ৰতিবছৰ বাঢ়িয়েই আছে৷ ভাৰত ত্যাগ কৰা লোকৰ কেইবছৰৰ পৰিসংখ্যা ৰাজসভাত যিদৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে আগবঢ়াইছে, সেয়াঃ ২০১৪ চনত ১,২৯,৩২৯জন, ২০১৫ চনত ৰ,৩১,৪৮৯ জন, ২০১৬ চনত ৰ,৪১,৬০৩ জন, ২০১৭ চনত ১,৩৩,০৪৯ জন, ২০১৮ চনত ১,৩৪,৫৬১জন, ২০১৯ চনত ১,৪৪,০১৭জন, ২০২১ চনত ১,৬৩,৩৭০জন আৰু ২০২২ চনত ২,২৫,৬২০জন৷ বিগত ৩ বছৰত ৫জন ভাৰতীয় নাগৰিকে সংযুক্ত আৰৱ আমিৰশ্বাহীৰ নাগৰিকত্ব গ্ৰহণ কৰাৰ লগতে বিশ্বৰ ভিন ভিন ১৩৫খন দেশত ভাৰতীয় নাগৰিকে নিজৰ স্থায়ী ঠিকনা লিপিবদ্ধ কৰিছে৷ 

কোৱা হয়, প্ৰব্ৰজন এটা নিৰন্তৰ প্ৰক্ৰিয়া৷ অনাদি কালৰ পৰাই মানৱ জাতিয়ে প্ৰব্ৰজন কৰি ভিন স্থানত বসতি কৰাৰ উদাহৰণ আছে৷ কিন্তু ভৌগোলিক সীমাৰেখা ৰাজনৈতিক হৈ পৰাৰ পাছত দেশ এৰি বিদেশত আশ্ৰয় লোৱা লোকৰ সংখ্যা স্বাভাৱিক পৰিস্থিতিত হ্ৰাস পাই আহিছিল৷ কিয়নো সাধাৰণ পৰিস্থিতিত ভিন দেশত নাগৰিকত্ব লাভ কৰাটো এটা জটিল প্ৰক্ৰিয়া৷  সেয়ে ইৰাক, ছিৰিয়াৰ দৰে গৃহযুদ্ধত জৰ্জৰিত নাগৰিকেহে সাম্প্ৰতিক সময়ত নিজ দেশৰ পৰা বিদেশলৈ ব্যাপক হাৰত প্ৰব্ৰজন কৰাৰ উদাহৰণ আছে৷ ভাৰতৰ পৰা তেনে বৃহৎ হাৰত প্ৰব্ৰজন হৈছিল দেশ বিভাজনৰ সময়ত৷ দেশ বিভাজনত ভাৰতৰ পৰা পাকিস্তান  আৰু পূৱ পাকিস্তানলৈ  [এতিয়াৰ বাংলাদেশ]  ১৪.৫ নিযুত নাগৰিকে প্ৰব্ৰজন কৰিছিল৷ কাৰণ ৰাজনৈতিক হ’লেও সেই প্ৰব্ৰজন আছিল মূলতঃ ধৰ্মক কেন্দ্ৰ কৰি, কিয়নো পাকিস্তান গঠন হৈছিল ইছলাম ধৰ্মৰ ভিত্তিত৷ কিন্তু ভাৰতৰ সাম্প্ৰতিক এই প্ৰব্ৰজন বা ভাৰতীয় নাগৰিকৰ ভাৰত ত্যাগ সিমান স্বাভাৱিক নহয় বুলিয়েই নৃতত্ববিদে ধাৰণা কৰে৷ ‘ব্ৰেইন ড্ৰেইন’ৰ ফলত শিক্ষিত ভাৰতীয়ই উন্নত সা-সুবিধা, উচ্ছ হাৰৰ দৰমহা ইত্যাদি কাৰকৰ বাবে ভাৰত এৰি গ’লেও তাৰ সংখ্যা নগণ্য৷ একেদৰে ব্যৱসায়িক কাৰণতো নগণ্য সংখ্যকেহে ভাৰত এৰি যোৱাৰ উদাহৰণ আছে৷ একাংশ নৃতত্ববিদৰ মতে সাম্প্ৰতিক সময়ত ইমান বিশালসংখ্যক ভাৰতীয়ই দেশত্যাগ কৰাৰ আঁৰত অসহিষ্ণু ৰাজনৈতিক পৰিৱেশেও ক্ৰিয়া কৰিব পাৰে৷ কিয়নো এনে প্ৰব্ৰজন স্বাভাৱিক নহয় আৰু প্ৰকাশিত সংখ্যাও আশংকা কৰাৰ তুলনাত অতি বৃহৎ৷ অৱশ্যে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে তেওঁৰ ৰাজ্যসভাত দিয়া উত্তৰত বিশাল সংখ্যাৰ ভাৰতীয়ৰ ভাৰত ত্যাগৰ কাৰণ জনোৱা নাই৷