Logo
image

মুখ্যমন্ত্ৰীয়ে অসমলৈ মাতিলে লিঅ’নাৰ্ডোক

ডিজিটেল ডেস্কঃ কাজিৰঙাত গঁড় হত্যা শূন্য কৰাৰ বাবে অসম তথা ভাৰত চৰকাৰক বিশ্ববাসীৰ সন্মুখত ভুৰি ভুৰি প্ৰশংসা কৰা হলীউডৰ অস্কাৰ বিজয়ী অভিনেতা লিঅ’ নাৰ্ডো ডিকেপ্ৰিঅ’ক অসমলৈ আমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ কেপ্ৰিঅ’ৰ কালিৰ মন্তব্যৰ বাবে মুখ্যমন্ত্ৰীয়ে আজি এনেদৰে টুইট কৰিলে–‘লিঅ’ নাৰ্ডো ডি কেপ্ৰিঅ’ আপোনাৰ মন্তব্যৰ বাবে ধন্যবাদ৷ মই আপোনাক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ ৰিজাৰ্ভ ভ্ৰমণ কৰিবৰ সাদৰ আমন্ত্ৰণ জনাইছো৷ বন্যপ্ৰাণীৰ সংৰক্ষণ আমাৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য পৰিচয়৷ আমি আমাৰ বৈভৱশালী সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু সুৰক্ষাৰ  বাবে উৎসৰ্গিত৷’ মুখ্যমন্ত্ৰী এই টুইটত কাজিৰঙাৰ এখন গঁড়ৰ ফটোও সংলগ্ন কৰিলে৷ উল্লেখ্য যে ২০২২ বৰ্ষত কাজিৰঙাত এটাও গঁড় নিধন নোহোৱাত বিখ্যাত টাইটেনিক চিনেমাৰ নায়ক তথা হলীউডৰ অস্কাৰ বিজয়ী অভিনেতা লিঅ’ নাৰ্ডো ডি কে প্ৰিঅ’ই ইনষ্টাগ্ৰামত এনেদৰে লিখিছিল–‘২০২১ বৰ্ষত ভাৰত চৰকাৰ, অসমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিলুপ্ত প্ৰায় এশিঙীয়া গঁড় চোৰাংচিকাৰ  বন্ধ কৰাৰ প্ৰয়াস আৰম্ভ কৰে৷ ২০০০ চনৰ পৰা ২০২১ চনলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৯০টা বন্যপ্ৰাণীৰ মৃত্যু হৈছিল৷ ২০২২ বৰ্ষত চৰকাৰৰ প্ৰচেষ্টাৰ বাবেই কাজিৰঙাত এটাও গঁড়ৰ মৃত্যু হোৱা নাই৷ ১৯৭৭ চনৰ পাছত এয়া প্ৰথমবাৰৰ বাবে সম্ভৱ হৈছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে বিশ্বৰ সৰ্ববৃহৎ ২,২০০ এশিঙীয়া গঁড়ৰ বাসভূমি ৷ এয়া বিশ্বৰ মুঠ গঁড়ৰ দুই-তৃতীয়াংশ৷’