Logo
image

১৪ ফেব্ৰুৱাৰীৰ গো-আলিংগন দিৱস প্ৰত্যাহাৰ

ডিজিটেল ডেস্কঃ অৱশেষত প্ৰত্যাহাৰ কৰা হয় ১৪ ফেব্ৰুৱাৰীৰ গো-আলিংগন দিৱস৷ এনিমেল ৱেলফেয়াৰ বোৰ্ড অব ইণ্ডিয়াই শুকুৰবাৰে প্ৰত্যাহাৰ কৰে গো আলিংগন দিৱস৷ মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰণালয়ৰ নিৰ্দেশৰ ভিত্তিত ১৪ ফেব্ৰুৱাৰীৰ গো আলিংগন দিৱস প্ৰত্যাহাৰ কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে বোৰ্ডৰ সচিব এছ কে দত্তই৷ উল্লেখ্য, ১৪ ফেব্ৰুৱাৰীত সমগ্ৰ বিশ্বজুৰি উদ্‌যাপিত  হয় ভেলেণ্টাইন ডে’ বা প্ৰেমৰ দিন৷ পশ্চিমীয়া সংস্কৃতিৰ ফচল এই ভেলেণ্টাইন ডে’ক লৈ অসমৰ যুৱক-যুৱতীও উৎসাহী হৈ পৰে৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হোটেল-ৰেস্তোঁৰা, ৰাজহুৱা স্থানত দৃষ্টিকটু দৃশ্যৰ পয়োভৰ ঘটে উক্ত দিনত৷ এনিমেল ৱেলফেয়াৰ বোৰ্ড অব ইণ্ডিয়াই ১৪ ফেব্ৰুৱাৰীত গো আলিংগন দিৱস উদ্‌যাপন কৰিবলৈ আহ্বান জনোৱাত দেশজুৰি ব্যাপক চৰ্চা হৈ আছে৷ উৎসাহী হৈ পৰিছিল প্ৰকৃতিপ্ৰেমী ব্যক্তি-সংগঠন৷ হিন্দুত্ববাদী দল-সংগঠনেও গো-আলিংগন দিৱসৰ সিদ্ধান্তক আদৰণী জনায়৷ বিপৰীতে কেতবোৰ দল-সংগঠনে গো আলিংগন দিৱস উদ্‌যাপন কৰিবলৈ জনোৱা আহ্বানক সমালোচনা কৰে৷